মিচিং ভাষাৰ অস্তিত্বৰ সংকট আৰু নতুন প্ৰজন্মৰ দায়িত্ব
কাৰ্চাং তাকাৰ
আৰম্ভণিতে , যি জাতিৰ ভাষা মৃত্যু হয় এই জাতিৰ কোনো অস্তিত্ব নাথাকে। মিচিং ভাষা কেৱল যোগাযোগৰ মাধ্যম নহয়– ই মিচিং জাতিৰ বাবে প্ৰাণস্পন্দনো। মিচিং ভাষা আৰু কিমান দিনলৈকে জীয়াই থাকিব, ভৱিষ্যত লৈকে প্ৰাণস্পন্দন হৈ থাকিবনে ? এইয়া কিন্তু আটাইতকৈ চিন্তনীয় বিষয় । বিপন্ন ভাষাৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে আঁচনিৰ সমীক্ষা অনুসৰি ১১৭ টা বিপন্ন ভাষা আছে যত বিলুপ্তৰ পথত তাৰ ভিতৰতে উত্তৰ পূবৰ ৪৩ টা বা ৩৯% বিপন্ন ভাষাৰ শাৰীত সন্নিবিষ্ট হৈ আছে-ইয়াৰ ভিতৰত অসমৰ পৰা সন্নিবিষ্ট হৈ আছে ফকিয়াল, মেয়ং বা জাখৰি ভাষা । আমিওঁ যদি এনেকৈ নিজৰ ভাষাক অৱহেলিত কৰি গৈ থাকো নিশ্চিতভাৱে ক’ব পাৰিম যে কোনোবা এটা সময়ত আমাৰ মিচিং ভাষাও হেৰাই যাব আৰু এই দিনাখনৰ পৰা পৃথিৱীৰ পৰা মিচিং জাতিও নাথাকিব ।
অসমীয়াত এষাৰ কথা আছে- “আজিৰ ছাত্ৰ কাইলৈ দেশৰ ধৰণী’’। গতিকে যি কৰিব লাগিব আমি ছাত্ৰ অৱস্থাৰ পৰাই কৰিব লাগে । ভাষাৰ বাবে বন্দুক-তৰোৱালেৰে যুদ্ধ কৰিবলৈ কোৱা নাই আমি যুদ্ধ কৰিব লাগিব কলমেৰে। অসমত বৃটিছ শাসনৰ সময়ছোৱাত বৃটিছসকলে বাংলা ভাষা ব্যৱহাৰ কৰিছিল তাৰ বাবে আনন্দৰাম ঢেকীয়াল ফুকন আদিৰ দৰে ব্যক্তিয়ে সংগ্ৰাম কৰি পুনৰ ১৮৭৩ চনত অসমত অসমীয়া ভাষা প্ৰতিষ্ঠা কৰিছিল। বৃটিছ সকলে অসমত ১৮৩৬ চনত অসমীয়া ভাষাৰ সলনি বাংলা ভাষা প্ৰচলন কৰাৰ সময়ত তেওঁলোক সংগ্ৰাম কৰাৰ উপৰিও বিভিন্ন আলোচনী যেনে-অৰুণোদয় আদি কাকত সমূহৰ জৰিয়তে অসমীয়া প্ৰসাৰ কৰিছিল ,তেওঁলোক ৰৈ দিয়া নাছিল । ঠিক এই দৰে আমি উঠি হোৱা যুৱ প্ৰজন্মই বিদ্যালয়-মহাবিদ্যালয় সমূহত আমাৰ মিচিং ভাষাত অধ্যয়নৰ মাধ্যম হিচাপে নাপালেওঁ অধ্যয়ন নকৰাকৈ থাকিব নালাগে,হেমাহি কৰিলে আমাৰ ভাষা পিছলৈয়ে যাব । আমি হাতে কামে কৰিব লাগিব, আমি মিচিং ভাষা শিকিব লাগিব ,পঢ়িবও লাগিব ।
যেনেকৈ “মিৰ-২’’ চিনেমাত কাৰ্চাং আৰু কাৰ্চাঙৰ বন্ধুসকলে মিচিং ভাষা উন্নয়ন সৰ্বাংগীনৰ বাবে এটা ৰাজ্যৰ পৰা আন ৰাজ্যলৈ গৈছিল । কিন্তু আমি বৰ্তমান সময়ত এনেধৰণৰ কাম নকৰিও চৰ্চা অধ্যয়নৰ জৰিয়তেও মিচিং ভাষাক সৰ্বাংগীন কৰি তুলিব পাৰো।
আমি ছাত্ৰ সমাজে মিচিং ভাষাক হেমাহিত কৰাৰ কাৰণ:-
হয় ঠিকেই ,আমি মিচিং ভাষাক হেমাহিত নকৰিলেও হেমাহিত কৰা যেন অনুভৱ হয় ,তাৰ কাৰণ হয়তো বহুতো থাকিব পাৰে যেনে-বৰ্তমানৰ আধুনীকতাৰ সময়ছোৱাত ইংৰাজী বা হিন্দী ভাষাক অধিক "স্মাৰ্ট" বা "আধুনিক" বুলি গণ্য কৰে। আজিৰ প্ৰতিযোগিতামূলক যুগত ছাত্ৰ-ছাত্ৰীসকলে এনে ভাষাৰ ওপৰত অধিক গুৰুত্ব দিয়ে যিবোৰে তেওঁলোকক চাকৰি বা উচ্চ শিক্ষাত সহায় কৰিব। মিচিং ভাষাৰ চৰ্চাই পোনপটীয়াভাৱে অৰ্থনৈতিক লাভ নিদিয়ে বুলি এটা ভুল ধাৰণা ছাত্ৰ সমাজৰ মাজত আছে।মিচিং ভাষাৰ মৌখিক সাহিত্য অতি চহকী (যেনে: ঐনিতম), কিন্তু লিখিত ৰূপত ইয়াৰ ব্যৱহাৰ একাডেমিক ক্ষেত্ৰত এতিয়াও সীমিত। বিদ্যালয় বা মহাবিদ্যালয় পৰ্যায়ত মিচিং ভাষাৰ বাধ্যতামূলক চৰ্চা নথকাৰ বাবেও ছাত্ৰ-ছাত্ৰীৰ মাজত ইয়াৰ গুৰুত্ব কমিছে। ইণ্টাৰনেট আৰু ছচিয়েল মিডিয়াৰ যুগত গোলকীয় সংস্কৃতিয়ে আমাক ইমান বেছি আৱৰি ধৰিছে যে আমি আমাৰ শিপাৰ পৰা আঁতৰি আহিছোঁ। নিজৰ পৰম্পৰাগত কৃষ্টি-সংস্কৃতিৰ প্ৰতি থকা দায়বদ্ধতা কমি অহাটো মিচিং ভাষা অৱজ্ঞা কৰাৰ এটা অন্যতম কাৰণ। বৰ্তমান সময়ত আমাৰ সমাজত এটা ধাৰণা গঢ় লৈ উঠিছে যে যিমান বেছি ইংৰাজী বা বাহিৰা ভাষা ক’ব পাৰি, সিমান বেছি শিক্ষিত। মিচিং ভাষাৰ দৰে এটা অতি সুন্দৰ আৰু মাধুৰ্যপূৰ্ণ ভাষাক "কেৱল গাঁৱৰ মানুহে কোৱা ভাষা" বুলি এটা সংকীৰ্ণ ধাৰণা একাংশ ছাত্ৰ-ছাত্ৰীৰ মনত সোমাই দিয়া হৈছে। এই মনস্তাত্বিক কাৰণটোৱে ভাষাটোক চহৰীয়া ছাত্ৰ সমাজৰ পৰা আঁতৰাই ৰাখিছে। বৰ্তমান সময়ত মিচিং ডেকা-গাভৰুসকলে কথা পাতোঁতে মিচিং শব্দৰ লগত অধিক মাত্ৰাত অসমীয়া আৰু ইংৰাজী শব্দ মিলাই কথা কয়। ইয়াৰ ফলত আচল মিচিং শব্দবোৰ লাহে লাহে হেৰাই গৈছে। ছাত্ৰ সমাজে শুদ্ধকৈ মিচিং ভাষা কোৱাৰ অভ্যাস ত্যাগ কৰাৰ বাবে ভাষাটোৰ প্ৰতি থকা টান কমি আহিছে।বহুত মিচিং পৰিয়ালত আজিকালি পিতৃ-মাতৃয়ে সন্তানৰ লগত কেৱল অসমীয়া বা ইংৰাজীতে কথা পাতে। ঘৰখনতেই যদি ভাষাৰ ভেটিটো দুৰ্বল হয়, তেন্তে ছাত্ৰ সমাজে বাহিৰৰ জগতখনত সেই ভাষাটোক গুৰুত্ব দিয়াটো কঠিন হৈ পৰে। নিজৰ আইৰ মুখৰ ভাষাটোক লৈ গৰ্ব কৰাৰ পৰিৱৰ্তে লাজ কৰা মানসিকতাই ইয়াক অধিক ক্ষতি কৰিছে। মিচিং ভাষাত পৰ্যাপ্ত পৰিমাণৰ চিনেমা, আধুনিক সংগীত বা ডিজিটেল কন্টেন্ট (Digital Content) চৰ্চা হোৱা নাই। ছাত্ৰ সমাজে যিহেতু আজিকালি দৃশ্য-শ্ৰব্য মাধ্যমৰ পৰা অধিক শিকে, গতিকে মিচিং ভাষাত মনোৰঞ্জনমূলক আৰু শিক্ষামূলক সমল কম থকাটো এটা ডাঙৰ কাৰণ।
ছাত্ৰ সমাজৰ দায়িত্ব :-
শিপাক শ্ৰদ্ধা কৰা: মিচিং ভাষা কেৱল এটা যোগাযোগৰ মাধ্যম নহয়, ই এটা বৃহৎ জনগোষ্ঠীৰ পৰিচয়। এই পৰিচয় হেৰাই গ’লে অসমীয়া সংস্কৃতি অপূৰ্ণ হৈ ৰ’ব।
চৰ্চা বৃদ্ধি কৰা: ছাত্ৰ সমাজে সামাজিক মাধ্যমত (Facebook, Instagram, YouTube) মিচিং ভাষাৰ গীত, কবিতা আৰু কাহিনীসমূহ প্ৰচাৰ কৰিব লাগে।
ভাষাৰ মৰ্যাদা বুজা: মনত ৰখা উচিত যে যিয়ে নিজৰ মাতৃভাষাক সন্মান কৰিব নাজানে, তেওঁ আনৰ পৰাও সন্মান আশা কৰিব নোৱাৰে।
গৌৰৱবোধ জগাই তোলা: মিচিং ভাষাৰ 'ঐনিতম' বিশ্বৰ অন্যতম শ্ৰেষ্ঠ লোকসংগীত। নিজৰ সাহিত্য-সংস্কৃতিৰ এই বিশালতাক লৈ ছাত্ৰ সমাজে গৌৰৱ কৰিবলৈ শিকিব লাগিব।
প্ৰযুক্তিৰ ব্যৱহাৰ: আজিকালি সকলোৰে হাতত স্মার্টফোন আছে। ছাত্ৰ সমাজে মিচিং ভাষাৰ শব্দকোষ (Dictionary), ব্লগ বা ইউটিউব চেনেল খুলি নতুন প্ৰজন্মক আকৰ্ষিত কৰিব পাৰে।
ভাষা শিকোৱাৰ কৰ্মশালা: বিদ্যালয় বা মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে মাজে মাজে মিচিং ভাষা আৰু সংস্কৃতিৰ চৰ্চাৰ বাবে সৰু সৰু গোট গঠন কৰিব পাৰে।
ছাত্ৰ সমাজে ,গাঁৱে গাঁৱে গৈ অথবা নিজ নিজ গাঁৱত টিউচন পাঠদান দিয়াৰ দৰে সৰু সৰু লৰা ছোৱালীক পাঠ দান দিব লাগে। নাইবা গাঁৱত কিছু অনুষ্ঠান অনুষ্ঠিত কৰিব লাগে যত মিচিং ভাষা জড়িত প্ৰতিযোগিতা সংযুক্ত হয়।
ভাষা এটা কেৱল চৰকাৰী আইনৰ দ্বাৰা জীয়াই ৰাখিব নোৱাৰি। ইয়াৰ বাবে জনসাধাৰণৰ আন্তৰিকতাৰ প্ৰয়োজন। আমি দৈনন্দিন কথা-বতৰাত আন ভাষাৰ শব্দৰ মিশ্ৰণ নকৰাকৈ শুদ্ধকৈ মিচিং ভাষা কোৱা আৰু লেখাৰ অভ্যাস কৰিব লাগে। ঘৰুৱা পৰিৱেশত সন্তানৰ সৈতে মাতৃভাষাত কথা পাতিলেহে তেওঁলোকে ভাষাটোৰ মৰ্ম বুজি পাব। আমি জানো যে বৰ্তমান বিশ্বায়নৰ যুগ এই যুগত অন্য ভাষা সমূহ দৰকাৰ তাৰ মাজতে আমাৰ প্ৰাণৰ মিচিং ভাষাক চৰ্চা কৰিলেহে ভৱিষ্যতলৈ জীয়াই থাকিব।
মিচিং ভাষা আমাৰ মিচিং জননী ।এই ভাষাটো জীয়াই থাকিলেহে আমাৰ সাহিত্য, সংস্কৃতি আৰু পৰম্পৰা জীয়াই থাকিব। ভাষা সংৰক্ষণৰ বাবে সংগঠন, সাহিত্য সভা আৰু জনসাধাৰণ— সকলোৱে হাতে-হাত ধৰি কাম কৰিলেহে মিচিং ভাষাই বিশ্ব দৰবাৰত নিজৰ স্থান অটুট ৰাখিব পাৰি বুলি মোৰ দৃঢ় বিশ্বাস ।


আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ