দঞিঃ পলঃৰে গুৱাহাটীলৈ এক অনুভৱী যাত্ৰা
কাৰ্চাং তাকাৰ
ষ্টেচনলৈ ৰেলখন আহি পোৱাত পলম হৈছিল। আইৰ মনত উৎকণ্ঠাই গা কৰি উঠিছিল। ষ্টেচনত থকা আন যাত্ৰীসকলেও আমন-জিমনকৈ ৰেলৰ বাবে বাটে চাই আছিল। মানুহৰ তেনে ব্যাকুল অৱস্থা দেখি আয়ে সৰলতাৰে কৈ উঠিল— "ঐ ‘ক’, ৰেলৰ ড্ৰাইভাৰজনক ফ’ন কৰাছোন! ইমান দেৰি লগাইছে যে? এঘাৰ বজাত আহি পোৱাৰ কথা আছিল, এতিয়া দেখোন এঘাৰটা ত্ৰিশ বাজিল।" কাষত থকা মানুহকেইজনে আইৰ কথা শুনি মিচিকিয়াই হাঁহিলে। হয়তো আয়ে ৰেল চলাচলৰ কাৰিকৰী দিশবোৰ নাজানে, তেনেই সৰু কথা—কিন্তু আয়ে এইটো ভালদৰেই জানে যে এই ৰেলখন লখিমপুৰৰ পৰা গুৱাহাটী মহানগৰলৈ যায় আৰু ইয়াত টিকট কাটিহে উঠিব লাগে।
অৱশ্যে এইবাৰৰ যাত্ৰাটোত আইৰ সেই হাস্যকৰ ঘটনাটোৰ পুনৰাবৃত্তি নহ’ল। বিভিন্ন কামত ৰেলেৰে গুৱাহাটীলৈ কেইবাবাৰো যোৱা হৈছে। কিন্তু এইবাৰ নৰ্থ লখিমপুৰ ৰেলৱে ষ্টেচনৰ সলনি হাৰমতী ৰেলৱে ষ্টেচনৰ পৰাহে ভ্ৰমণৰ সূচনা কৰিছিলোঁ। এইবাৰ মোৰ সহযাত্ৰী আছিল ভাইটি সুনীল পায়েং আৰু কানুন মিলি। লখিমপুৰৰ পৰা গুৱাহাটীলৈ যাবলৈ টকানো কিমান লাগে? মুঠ ছশ টকাৰ ভিতৰতে দেখোন অহা-যোৱা কৰিব পাৰি। কেতিয়াবা ভাবো— দশম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিত থকা ‘ভল্লীৰ বাছ ৰাইডিং’ গল্পটোৰ দৰে, কাৰোবাক নজনোৱাকৈয়ে চৰাইৰ দৰে ইফালে-সিফালে উৰি গুচি যাবলৈ মন যায়।
বৰষুণৰ চিপচিপিয়া বতৰ আছিল। ভাবিছিলোঁ, বৰষুণত তিতিলে ছাগে আমাৰ জ্বৰ উঠিব আৰু জ্বৰ হ’লে গুৱাহাটীত ভৰি দিয়েই জি.এম.চি.এইচ.-ত ভৰ্তি হ’ব লাগিব। এইবুলি ভাবিয়েই লালুকৰ পৰা হাৰমতীলৈ যোৱা গাড়ী এখনত উঠিলোঁ। উপায়ো নাছিল, যেনেতেনে বৰষুণৰ পৰা গা বচাই ষ্টেচন পালোঁগৈ। গুৱাহাটীত দীঘলীপুখুৰী, কামাখ্যা মন্দিৰ, শুক্লেশ্বৰ মন্দিৰ, নীলাচল পাহাৰ, উমানন্দ, নৱগ্ৰহ আৰু বশিষ্ঠ মন্দিৰ আছে। এই নামবোৰ সৰুৰে পৰা সাধাৰণ জ্ঞানৰ কিতাপত পঢ়ি আহিছোঁ নাইবা গুগলত ফটোসমূহ দেখিছোঁ, কিন্তু বাস্তৱত দেখাৰ সুযোগ পোৱা নাছিলোঁ। অৱশ্যে মই জানিছিলোঁ নৱগ্ৰহ কিয় জনাজাত বা দীঘলীপুখুৰী কিয় বিখ্যাত। ইতিহাসৰ কিতাপখন পঢ়াৰ আগতেই, দাদাৰ সৈতে প্ৰথমবাৰ গুৱাহাটীলৈ যাওঁতে পল্টনবজাৰ ৰেলৱে ষ্টেচনৰ পৰা নামিয়েই দীঘলীপুখুৰীখন দেখিছিলোঁ। তেতিয়া ভাবিছিলোঁ— তাত কেৱল প্ৰেমিক-প্ৰেমিকাই বহি কথা পাতে আৰু সৰু সৰু ল’ৰা-ছোৱালীয়ে পুখুৰীত নাও চলাই ধেমালি কৰে। কিন্তু এতিয়াহে বুজি পাইছোঁ, দীঘলীপুখুৰী কাৰ স্মৃতিত আৰু কোনে খন্দাইছিল। গুৱাহাটীখন মোৰ বৰ ভাল লাগে, কাৰণ ইয়াত চাবলগীয়া আৰু জানিবলগীয়া বহুতো কথা আছে। কিন্তু আকৌ কেতিয়াবা বেয়াও লাগে, যেতিয়া দেখোঁ ইয়াৰ কৃত্ৰিম বানপানীৰ বিভীষিকা, নাইবা অনুভৱ কৰোঁ যে টকা নহ’লে এই মহানগৰীত যেন জীৱনটো স্তব্ধ হৈ পৰে।
Asom Aditya
প্ৰথমবাৰ গুৱাহাটীলৈ আহিছিলোঁ সৰু দাদাৰ লগত, চান্দমাৰীত থকা অসম ইঞ্জিনিয়াৰিং ইনষ্টিটিউটত পলিটেকনিক ইঞ্জিনিয়াৰিং নামভৰ্তিৰ কাউন্সিলিঙৰ বাবে। আৰু সৌ সিদিনা, ‘অসম যুৱ লেখক সন্মান ২০২৫’ৰ ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’বলৈ যাওঁতে একেটা ৰেলৰ ডবাতে লগ পাইছিলোঁ আমাৰ জ্যেষ্ঠ তপন লাল মেদক কাই, পবিত্ৰ পাংগিং, অনুভৱ মিৰি কাই, হৰেন কাপ্টাক কাই আৰু পিছলৈ আমাৰ নয়নমণি দাস আৰু জ্যু চেং বাহঁতক। ইয়াৰ উপৰিও আন এদিন ইন্টেলিজেন্স ব্যুৰোৰ (IB) এটা বিভাগৰ মূল পৰীক্ষাৰ বাবেও এই মহানগৰীলৈকে অহা হৈছিল। এনেকুৱা জনা-নজনা অনামী চিন্তাৰ জোৱাৰ উঠি থকাৰ মাজতেই নাহৰলগুন-গুৱাহাটী দঞি প’ল’ এক্সপ্ৰেছখন আমাৰ সমুখত ৰৈছিলহি। বৰষুণজাক তেতিয়াও এৰা নাছিল। ইফালে মাইকৰ ঘোষণা আৰু আনফালে ৰোমাণ্টিক বৰষুণ—মনলৈ এক অস্বাভাৱিক কল্পনাৰ ঢৌ আহিছিল। ভাবিছিলোঁ, এই বৰষুণত যদি কোনোবা সুন্দৰীয়ে ‘বাঘী-১’ চিনেমাৰ শ্ৰদ্ধা কাপুৰৰ দৰে ছমছমকৈ নৃত্য কৰিলেহেঁতেন, তেন্তে মইও কিজানি পয়া লগা টাইগৰ শ্ৰফ হৈ পৰিলোঁহেঁতেন! ঠিক এনেতে পিছফালৰ পৰা ভাঁহি আহিল এটা চিনাকি মাত— "অ’ দাদা, আমাৰ ডবাখন এচ-ফাইভ (S-5) নহয়নে?" মই শ্ৰদ্ধা কাপুৰৰ কাল্পনিক জগতখনৰ পৰা বাস্তৱলৈ ঘূৰি আহিলোঁ আৰু লৰালৰিকৈ ডবাটোত উঠিলোঁ। আপোনালোকে জানেই, ৰেলৰ সময়বোৰ ‘ন-দহ’ৰ অংকৰ দৰে সলনি হৈ থাকে। কিন্তু ৰেলখন য’ত ৰয়, তাৰ পৰা উঠি আহি হাত পাতি খুজি মাগি খোৱা মানুহবোৰৰ ছবিখন এতিয়াও অপৰিৱৰ্তিত। কোনোবা অসহায় ৰোগী, কোনোবা আকৌ হাত নথকা বিকলাংগ। কেতিয়াবা তেওঁলোকক সাৱটি ধৰি ক’বলৈ মন যায়— "আপোনালোক শাৰীৰিকভাৱে অক্ষম, কিন্তু মই সকলো থকাৰ পাছতো মানসিক আৰু সামাজিকভাৱে অক্ষম। আপোনালোকৰ দুৰ্ভগীয়া শৰীৰটো চাই সমাজে সহানুভূতি দেখুৱায়, কিন্তু আমাৰ দৰে শিক্ষিত নিবনুৱা ডেকাক কোনে সহানুভূতি দিব? আমাৰ চকু, কাণ, হাত সকলো থকাৰ পিছতো যেন আমি পংগু।" মোৰ ব্যক্তিগত ধাৰণা অনুসৰি— টকা অবিহনে কোনো মানুহ ধুনীয়া হ’ব নোৱাৰে, আৰু এই সৌন্দৰ্যক কেৱল ধনেৰেহে সংজ্ঞায়িত কৰিব পাৰি। দূৰৈৰ পৰা বস্তুবোৰৰ জাকজমকতা চাই তাৰ জুতি ল’ব নোৱাৰাসকলেই হ’ল আচলতে আৰ্থিকভাৱে অসামৰ্থ্যবান লোক। আজিকালি ভৰি, কাণ, চকু বা হাত নথকাসকল প্ৰকৃত পংগু নহয়; আচল পংগু হৈছে সেইসকলহে—যাৰ জেপত এখন টকা নাই। কাইলৈ কি হ’ব— তেনে অনিশ্চয়তাৰ কথা ভাবি থকাৰ মাজতে হঠাতে খং উঠাকৈ কোনোবাই সুধি দিয়ে— "দাদা, হেডফোন ল’ব নাকি?" এবেলি গুৱাহাটীৰ পৰা ঘূৰি যাওঁতে তেনেকুৱা ফেৰীৱালাৰ মুখলৈ চাই ব্ৰিয়ানি খাইছিলোঁ। বিশ্বাস কৰক, তাৰ পিছৰ দুদিন পেটৰ অৱস্থা পাহাৰৰ পৰা নামি অহা খৰস্ৰোতা ঝৰ্ণাৰ দৰে হৈছিল! আৰু যিটো হেডফোন কিনিছিলোঁ, সি ঘৰ পোৱাৰ আগতেই চিগি থাকিল। ৰেল যাত্ৰাত আপোনাৰ লগত যিজন যায়, কেৱল তেওঁহে জানে যে আপুনি চোৰ নহয়। কাৰণ উজনী-নমনীৰ এই ৰেল যাত্ৰাবোৰত যিদৰে চুৰি কাৰ্য সংঘটিত হয়, তালৈ চাই কোনে কাক সন্দেহৰ চকুৰে চাব ক’ব নোৱাৰি। মোৰ লগত কোনোবাই গ’লে মই ধেমালি কৰি কওঁ— "আমাৰ বেগতেনো কিমান টকা থাকিব যে চোৰে চুৰ কৰিব? চোৰজনেও ছাগে ভাবিব মই এজন ষ্টেণ্ডাৰ্ড ইনষ্টাগ্ৰাম চলোৱা ভদ্ৰ চোৰ!"ৰেল ভ্ৰমণ কৰিলে সময়বোৰ কেনেকৈ পাৰ হৈ যায় ধৰিবই নোৱাৰি। কোনখিনি সময়ত ক’ত পালোঁহি, গম পোৱাৰ আগতেই যাত্ৰা শেষ হয়। কিন্তু এটা কথা মন কৰিব— ৰেলৰ প্ৰতিটো ডবাত থকা শৌচালয়ৰ দুৰ্গন্ধবোৰ আজিও অপৰিৱৰ্তিত। তাতকৈও বেয়া লগা কথাটো হ’ল, মানুহে নিজৰ আসনতে বহি বিভিন্ন খাদ্য অৰ্ডাৰ কৰি খায় আৰু পেলনীয়া অংশখিনি তাতেই পেলাই থৈ যায়। এই নূন্যতম নৈতিক জ্ঞানখিনি জানো চৰকাৰে বেলেগকৈ শিকাই দিব লাগে? গুৱাহাটীত ৰাতিপুৱাৰ সূৰ্যোদয় আৰু পাহাৰৰ দৃশ্যবোৰ চাবলৈ বৰ ধুনীয়া। কিন্তু তাতকৈ আচৰিত লাগে ওখ ওখ অট্টালিকাৰ পিছফালে থকা জাৱৰৰ দমবোৰ দেখি। এই জাৱৰৰ দমবোৰৰ কাষত মানুহ কেনেকৈ জীয়াই থাকিব পাৰে? জাৱৰৰ এই পৰিসংখ্যা মনতে হিচাপ কৰি থকাৰ মাজতে ডবাটোলৈ উঠি আহিল বাইদেউসকল। তেওঁলোকক টকা লাগে। তেওঁলোকে ভাবি নাচায় যে সন্মুখৰ মানুহজনৰ হাতত পইচা আছেনে নাই। গুৱাহাটীলৈ অহা সকলো মানুহৰে জানো অৱস্থা একে থাকে? মোৰ দৰেই বহুতো উদং জেপৰ মানুহ আহে। তথাপিও এটা ডাঙৰ হৃদয় লৈ মই তেওঁলোকক পঞ্চাশ টকা এটা দিছিলোঁ, কিন্তু তেওঁলোকে খুচুৰা ঘূৰাই নিদিলে। কেতিয়াবা চৰকাৰক ক’বলৈ মন যায়— এনেবোৰ বিষয়ত কিছুমান সুনিৰ্দিষ্ট নিয়ম বান্ধি দিয়ক। সকলো যাত্ৰীৰ মনৰ অৱস্থা সদায় একে নাথাকে। কাৰোবাৰ বুকুত কিবা যাতনা থাকিব পাৰে, কোনোবাই হয়তো অভাৱ বা বিপদৰ বাবে, অথবা চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা কোনো আপোনজনৰ সংকটপূৰ্ণ অৱস্থাৰ বাবেও যাব পাৰে। কিন্তু তেওঁলোকে এইবোৰ কথা বুজি পাব নিবিচাৰে, সেয়ে কথাবোৰ বেয়া লাগে।
অৱশেষত ৰেলৰ পৰা নামি আমি সকলোৱে নিজ নিজ গন্তব্যস্থানলৈ ৰাওনা হ’লোঁ। মহানগৰীত আজিকালি যাতায়াতটো বৰ সহজ হৈ পৰিছে, কেৱল জেপত টকা থাকিলে উবেৰ বা ৰেপিড’ মাতি সোমাই যাব পাৰে মহানগৰৰ মজিয়ালৈ। মই বহুত দিনৰ মূৰত মোৰ পুৰণি স্মৃতি বিজড়িত অসম ইঞ্জিনিয়াৰিং ইনষ্টিটিউটলৈ গ’লোঁ আৰু ভাইটি গুচি গ’ল গুৱাহাটী কলেজলৈ।
এই কোলাহল আৰু ব্যস্ততাৰ মাজতো মনলৈ এটা প্ৰশ্ন বাৰে বাৰে আহে। কেতিয়াবা গভীৰভাৱে অনুভৱ কৰোঁ— এই বিশাল মহানগৰীত আচলতে মানৱীয়তাই কিবা কামত দিয়েনে? নে ইয়াত কেৱল টকাৰ নামত এক যান্ত্ৰিক খেলাহে চলে! য’ত টকাই সৌন্দৰ্যৰ সংজ্ঞা দিয়ে, য’ত ওখ ওখ অট্টালিকাৰ আঁৰত আৱৰ্জনাৰ পাহাৰে মানুহৰ অসহায়তাক উপলুঙা কৰে, তাত হয়তো মানৱীয়তাৰ নিৰীহ স্পন্দনবোৰ টকাৰ খিত-খিত শব্দৰ তলত কৰুণভাৱে হেমি যায়।


আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ