সেউজ-বিলাপ কবিতা,কাৰ্চাং তাকাৰ ,মঙ্গলময় আলোচনীত

তপন পায়েং
0

সেউজ-বিলাপ,কাৰ্চাং তাকাৰ ,মঙ্গলময় আলোচনীত


 সেউজ-বিলাপ

-কাৰ্চাং তাকাৰ

"What we are doing to the forests of the world is but a mirror reflection of what we are doing to ourselves." – Mahatma Gandhi

এদিন আমি ভিক্ষা মাগিম গছৰ বাবে, মাটিৰ বাবে, 

ফলকত লিখা হ’ব— ‘এটা গছ দশো পুত্ৰৰ সমান’, গছ থাকিলেহে মানুহ থাকিব।


ওলাবা বন্ধু,ৰাজপথ অৱৰোধ কৰি সোঁৱৰাম গছৰ কথা।

পৃথিৱীৰ মানচিত্ৰখন মেলিলে তাত নেদেখোঁ গছৰ চিহ্ন আৰু নদীৰ কাষে থকা জুপুৰী ঘৰ; 

জুপুৰী ঘৰখন পকী হোৱাৰে পৰা নেদেখা হ’ল ওখ ওখ তামোল গছ।


জুপুৰীত থকা মানুহজন ক’লৈ গ’ল? ধৰিত্ৰীয়ে কি দিয়া নাছিল—

 সেউজীয়া আৰু নদীৰ ৰং-ৰহইচত খাবলৈ শইচ, পিয়াঁহত পানী আৰু অক্সিজেন!

গছ কাটিলোঁ, নিজৰ বাবে কৰিলোঁ মাটিৰ মুণ্ডন; নগজে আৰু তাত আজিকালি সৰু সৰু সেউজীয়া চুলিবোৰ,

 শৈশৱতে যিদৰে তাত গজি উঠিছিল ।


হাতযোৰ কৰিছোঁ— আপুনি ইয়ালৈ নাহিব, গৰম বতাহত গুলপীয়া গাল কাৰ্বনাইজত হৈ কলা হ’ব; 

তাহানিৰ নদীখন খৰাং হ’ল, তাত নাপাবা এতিয়া শলমাৰী পথাৰৰ মাটি মাহৰ গোন্ধ।


আমি আবেদন কৰিব পাৰোঁ, হাতযোৰ কৰি ক’ব পাৰোঁ— আমাক উন্নয়ন লাগে?

আমাক বাট লাগে? গৰাখহনীয়াৰ সমাধানো লাগে? 

অথচ আমি পাহৰি যাওঁ মথাউৰিত থকা শিমলুজোপাৰ অস্তিত্বক।


Post a Comment

0 Comments

আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ

Post a Comment (0)
3/related/default