পৰিমোক্ষ,কাৰ্চাং তাকাৰ

তপন পায়েং
0

 পৰিমোক্ষ

-কাৰ্চাং তাকাৰ


আমাৰ হাতত সকলো পৰিস্থিতি নাথাকে, মাথোঁ আমাৰ নিৰন্তৰ প্ৰচেষ্টাখিনিহে থাকে। কেতিয়াবা জীৱনৰ আকাশখন বৰ এন্ধাৰ বা কলা যেন লাগে; তথাপি সেই এন্ধাৰ এদিন অৱশ্যেই আঁতৰিব— এই আশা ৰাখিয়েই আমি জীয়াই থাকিব লাগিব। কিন্তু অশেষ চেষ্টাৰ পিছতো যেতিয়া ফলাফল আমাৰ ভবা মতে নহয়, তেতিয়াই দুখৰ সেই বিষটোৱে হিয়াখন চৰমভাৱে গধুৰ কৰি তোলে।

অৱশ্যে, এই দুখৰ মাজতো আমি পাহৰি যাব নালাগে যে জীৱন কেৱল এটা পৰীক্ষা বা এটা ফলাফল নহয়। আমি যি বাটত খোজ দিছোঁ, সেই বাটৰ প্ৰতিটো খোজেই আমাক প্ৰতিপল নতুনকৈ গঢ়িছে। যি যন্ত্ৰণা আজি আমাৰ বাবে অসহ্য, কালান্তৰত সেই যন্ত্ৰণাই আমাক এক অটল ধৈৰ্যৰ গৰাকী কৰি তুলিব। যুঁজখন হয়তো দীঘলীয়া, কিন্তু হাৰ নামানি আগুৱাই যোৱাৰ নামেই জীৱন।"

শিতান

Post a Comment

0 Comments

আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ

Post a Comment (0)
3/related/default