নদীৰ বুকুত জাল তৰা সৰু মকৰাৰ কথা
তপন পায়েং
আমি সাধাৰণতে জানো বা আমাৰ মনলৈ আহে যে পলু প্ৰজাতি জীৱ অথবা লতা খোৱা পতংগবোৰৰ পৰাহে সূতা তৈয়াৰ কৰিব পাৰে বুলি। কিন্তু প্ৰকৃতিৰ ৰহস্যৰ কোনো অন্ত নাই। ইয়াৰে প্ৰমাণস্বৰূপে,২০০৯ চনত মাদাগাস্কাৰত পোনপ্ৰথমবাৰৰ বাবে আৱিষ্কাৰ হোৱা মকৰাবিধ বৰ্তমান গোটেই বিশ্বৰ বিজ্ঞানীসকলৰ বাবে কৌতূহলৰ বিষয় হৈ পৰিছে। পৃথিৱীত এনে বহুতো আচৰিত জীৱ-জন্তু আছে যাৰ অদ্ভুত ক্ষমতাৰ বিষয়ে জানিলে আমি স্তম্ভিত হৈ পৰোঁ। তেনে এবিধ বিস্ময়কৰ জীৱ হ’ল— ডাৰউইনৰ বাৰ্ক স্পাইডাৰ (বৈজ্ঞানিক নাম: Caerostris darwini)। এই মকৰাবিধ কেৱল আফ্ৰিকা মহাদেশৰ ওচৰৰ মাদাগাস্কাৰ দ্বীপপুঞ্জত পোৱা যায়। ইহঁতৰ আকাৰ অতি সৰু— মাইকী মকৰাবোৰ প্ৰায় ১৮ মিলিমিটাৰ পৰ্যন্ত হয় আৰু মতা মকৰাবোৰ তাতকৈও বহু সৰু (প্ৰায় ৬ মিলিমিটাৰ)। ইহঁতৰ গাৰ ৰং আৰু গঠন গছৰ ছালৰ সৈতে হুবহু মিলি যায় বাবে ইহঁতক 'বাৰ্ক স্পাইডাৰ' বুলি কোৱা হয়। ডাৰউইনৰ বাৰ্ক স্পাইডাৰৰ আটাইতকৈ ডাঙৰ বিশেষত্ব হ’ল ইয়াৰ বিশাল আৰু শক্তিশালী জাল। এই মকৰাটোৱে নদী বা হ্ৰদৰ ওপৰত এখন পাৰৰ পৰা আনখন পাৰলৈ জাল বিস্তাৰ কৰিব পাৰে।
দৈৰ্ঘ্য: ইহঁতৰ জালৰ মুখ্য সূত্ৰবোৰ ২৫ মিটাৰ (প্ৰায় ৮২ ফুট) পৰ্যন্ত দীঘল হ’ব পাৰে।
আকাৰ: এখন সম্পূৰ্ণ জালৰ পৰিসৰ প্ৰায় ২.৮ বৰ্গ মিটাৰ পৰ্যন্ত হ’ব পাৰে, যিটো যিকোনো মকৰাৰ জালতকৈ বহুত ডাঙৰ।
বিজ্ঞানীসকলৰ মতে, এই মকৰাৰ সূতা(Spider Silk) পৃথিৱীৰ ভিতৰতে আটাইতকৈ শক্তিশালী জৈৱিক সামগ্ৰী। ইয়াৰ শক্তিৰ কেইটামান আমোদজনক দিশ হ’ল: ই একে ওজনৰ তীখাতকৈ প্ৰায় ১০ গুণ বেছি শক্তিশালী, ইয়াৰ স্থিতিস্থাপকতা বা টান সহিব পৰা ক্ষমতা 'কেভলাৰ' (Kevlar - যিটো বুলেটপ্ৰুফ জেকেটত ব্যৱহাৰ হয়) নামৰ কৃত্ৰিম সূত্ৰতকৈ প্ৰায় দুগুণ বেছি। যিহেতু এই মকৰাবোৰে নদীৰ ওপৰত জাল তৰে, সেয়েহে পানীৰ ওপৰেৰে উৰি যোৱা ফৰিং, পখিলা আৰু অন্যান্য পতংগবোৰ অতি সহজে ইহঁতৰ জালত আৱদ্ধ হয়। কেতিয়াবা একেখন জালতে বহুতো চিকাৰ একেলগে আৱদ্ধ হোৱা দেখা যায়।
নদী বা হ্ৰদৰ ওপৰত জাল তৰাৰ ফলত পানীৰ ওপৰত উৰি ফুৰা অসংখ্য পতংগ যেনে অনিষ্টকাৰী পোকক জালত আৱদ্ধ কৰি ৰাখি পৰিৱেশত পতংগৰ সংখ্যা ভাৰসাম্যতা ৰক্ষা কৰে। আনহাতে সৰু সৰু পতংগবোৰ ভক্ষণ কৰি পৰিৱেশ পৰিষ্কাৰ কৰিব পাৰে।যিহেতু ইহঁতে নদীৰ ইপাৰৰ পৰা সিপাৰলৈ জাল তৰে, সেইবাবে নদীৰ ওপৰৰ আকাশত বিচৰণ কৰা নিৰ্দিষ্ট কিছুমান পতংগক নিয়ন্ত্ৰণ কৰাত ইহঁতে এক অনন্য ভূমিকা পালন কৰে, যিটো আন মকৰাই কৰিব নোৱাৰে। জৈৱপ্ৰযুক্তিত কৃত্ৰিম আঁহতকৈ অধিক শক্তিশালী,চিকিৎসা বিজ্ঞানত অস্ত্ৰোপচাৰৰ কামত ব্যৱহাৰ কৰা সূতা হিচাপে ব্যৱহাৰ কৰিব পৰা যাব বুলি ঠাৱৰ কৰা হৈছে। প্ৰকৃতিৰ এই অদ্ভুত সৃষ্টিয়ে আমাক প্ৰমাণ কৰি দিয়ে যে কেৱল আকাৰত ডাঙৰ হ’লেই শক্তিশালী নহয়। এচাম বিজ্ঞানীয়ে বৰ্তমান এই মকৰাৰ সূত্ৰৰ গঠন শৈলী অধ্যয়ন কৰি আছে যাতে ভৱিষ্যতে ইয়াক ব্যৱহাৰ কৰি অতি শক্তিশালী আৰু পাতল সূতা বা কাপোৰ তৈয়াৰ কৰিব পৰা যায়। ডাৰউইনৰ বাৰ্ক স্পাইডাৰ সঁচাকৈয়ে প্ৰকৃতিৰ এক বিস্ময়।



আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ