আলি-আঃয়ে-লৃগাং পৰম্পৰা আৰু বিজ্ঞানৰ সন্ধিক্ষণ

তপন পায়েং
0

 

আলি-আঃয়ে-লৃগাং পৰম্পৰা আৰু বিজ্ঞানৰ সন্ধিক্ষণ
আলি-আঃয়ে-লৃগাং পৰম্পৰা আৰু বিজ্ঞানৰ সন্ধিক্ষণ

আলি-আঃয়ে-লৃগাং পৰম্পৰা আৰু বিজ্ঞানৰ সন্ধিক্ষণ

তপন পায়েং,৬০০২০৭৬৮৮৬


অসমৰ অন্যতম ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱ 'আলি-আ:য়ে-লৃগাং' কেৱল এক আচাৰ-অনুষ্ঠান নহয়, ই হ’ল প্ৰকৃতিৰ ঋতুচক্ৰ আৰু কৃষি বিজ্ঞানৰ এক গভীৰ জ্ঞানৰ ভাণ্ডাৰ। 'আলি' মানে শস্যৰ বীজ, 'আ:য়ে' মানে ফল আৰু 'লৃগাং' মানে সিঁচিবলৈ আৰম্ভ কৰা। ফাগুন মাহৰ প্ৰথম বুধবাৰে উদযাপন কৰা এই উৎসৱটোৱে বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা কেনেকৈ প্ৰকৃতিৰ সৈতে মানুহৰ সহাৱস্থানক প্ৰতিনিধিত্ব কৰে, তাক বিশ্লেষণ কৰাটো অতি প্ৰাসংগিক। লৃগাঙৰ দিনটো নিৰ্ধাৰণ কৰাৰ অন্তৰালত এক সুক্ষ্ম বতৰতো বিজ্ঞান লুকাই থাকে। ফাগুন মাহৰ এই সময়ছোৱাত সূৰ্যৰ উত্তৰায়ণৰ ফলত পৃথিৱীৰ উত্তৰ গোলাৰ্ধত লাহে লাহে উষ্ণতা বৃদ্ধি পাবলৈ ধৰে। বীজ অংকুৰণৰ বাবে যি বিশেষ তাপমাত্ৰাৰ প্ৰয়োজন, এই সময়ছোৱাই সেই অনুকূল পৰিৱেশ সৃষ্টি কৰে। বসন্তৰ এই সময়ছোৱাত পুৱাৰ কুঁৱলী আৰু পাতল বৰষুণৰ পৰা পোৱা আদ্ৰতাই শুকান মাটিক বীজ ধাৰণৰ বাবে কোমল কৰি তোলে। ইয়াকে বিজ্ঞানৰ ভাষাত 'Soil Priming' বুলি ক'ব পাৰি। উৎসৱৰ দিনা পথাৰত প্ৰতীকীভাৱে বীজ সিঁচি কৃষি কাৰ্যৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ এটা বিজ্ঞানসন্মত দিশ হ’ল মাটিৰ ভিতৰত বায়ু চলাচল । শীতকালত মাটিবোৰ টান হৈ থাকে। লৃগাঙৰ সময়ত প্ৰথমবাৰৰ বাবে মাটি চহ কৰিলে বায়ুমণ্ডলৰ অক্সিজেন মাটিৰ তৰপৰ ভিতৰলৈ সোমাই যায়। ইয়াৰ ফলত মাটিত থকা উপকাৰী অণুজীৱ  সমূহ পুনৰ সক্ৰিয় হৈ উঠে, যিয়ে মাটিৰ সাৰুৱা শক্তি বৃদ্ধি কৰে।আনহাতে বাৰিষাৰ সময়ত বানপানীয়ে কঢ়িয়াই অনা বোকামাটিৰ বাবেও চহ কৰা হয়।  লৃগাঙৰ লগত জড়িত পৰম্পৰাগত খাদ্যসম্ভাৰতো বিজ্ঞানৰ প্ৰভাৱ স্পষ্ট। তৰাপাতত মেৰিয়াই সিজোৱা এই বিশেষ ভাত পুৰাং আপিন কেৱল সুস্বাদুই নহয়, তৰাপাতৰ মাজত থকা 'ফাইটোকেমিকেল'সমূহে খাদ্যটোক দীৰ্ঘসময়লৈ নষ্ট নোহোৱাকৈ ৰাখে। আপং প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা বনৌষধি আৰু ইষ্ট হ’ল জৈৱ-প্ৰযুক্তিৰ এক আদৰ্শ উদাহৰণ। ফাৰ্মেণ্টেচন বা কিম্বন প্ৰক্ৰিয়াৰ জৰিয়তে তৈয়াৰ কৰা এই পানীয়ত থকা উপকাৰী বেক্টেৰিয়াই মানুহৰ পাচনতন্ত্ৰক সবল কৰি ৰাখে।

          আলি-আ:য়ে-লৃগাংৰ প্ৰধান আকৰ্ষণ হ’ল 'গুমৰাগ' নৃত্য। এই নৃত্যৰ ভংগিমাবোৰ লক্ষ্য কৰিলে দেখা যায় যে ইয়াৰ হাতৰ আৰু ভৰিৰ সঞ্চালনে ধান সিঁচা, ধান কটা আৰু শস্যৰ পচোৱা বতাহত দোল খোৱা আদি কাৰ্যক সূচায়।  কৃষি কাৰ্যৰ দৰে এক শাৰীৰিক পৰিশ্ৰমৰ কাম আৰম্ভ কৰাৰ আগতে এই নৃত্য-গীতে কৃষকসকলৰ মনত ডোপামিন  আৰু এণ্ডোৰ্ফিনৰ দৰে সুখদায়ক হৰমন নিঃসৰণ কৰে, যিয়ে তেওঁলোকক পথাৰত কাম কৰিবলৈ মানসিক শক্তি প্ৰদান কৰে। মিচিং জনজাতীয় লোকসকলে লৃগাঙৰ দিনা মাছ, মাংস আৰু অন্যান্য প্ৰাকৃতিক সম্পদৰ পূজা কৰে। ইয়াৰ অৰ্থ হ’ল প্ৰকৃতিৰ পৰা সংগ্ৰহ কৰাৰ আগতে প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞতা জনোৱা। ই এক প্ৰকাৰৰ Sustainable Development বা বহনক্ষম উন্নয়নৰ ধাৰণা, য’ত প্ৰকৃতিৰ লগত কোনো সংঘাতত লিপ্ত নোহোৱাকৈ মানুহে নিজৰ প্ৰয়োজন পূৰণ কৰে। শেষত ক’ব পাৰি যে, আলি-আ:য়ে-লৃগাং কেৱল এক আচাৰ-অনুষ্ঠান নহয়, ই হ’ল পূৰ্বপুৰুষৰ পৰা চলি অহা পৰীক্ষিত এক বৈজ্ঞানিক পৰম্পৰা। আজিৰ আধুনিক কৃষি বিজ্ঞানৰ যুগত এই থলুৱা জ্ঞানৰ গুৰুত্ব অধিক বৃদ্ধি পাইছে। প্ৰকৃতিৰ ঋতুচক্ৰক সন্মান জনাই আৰম্ভ কৰা এই কৃষি উৎসৱে আমাক পৰিৱেশৰ সৈতে মিলাপ্ৰীতিৰে জীয়াই থকাৰ এক শক্তিশালী বাৰ্তা দিয়ে।


আলি-আয়ে-লৃগাং পৰম্পৰা আৰু বিজ্ঞানৰ সন্ধিক্ষণ
আলি-আঃয়ে-লৃগাং পৰম্পৰা আৰু বিজ্ঞানৰ সন্ধিক্ষণ

Post a Comment

0 Comments

আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ

Post a Comment (0)
3/related/default