মাছৰ ‘ডেডপুল’: অচিয়ান
চানফিছ
— তপন পায়েং
আকাৰত এই মাছবিধ
বিশাল, সমতল আৰু বৃত্তাকাৰ— দেখাত প্ৰায় এটা বিশাল সাঁতোৰা
মূৰৰ (swimming head) দৰে। ঠেঙৰ সলনি ইয়াৰ ছালৰ টান ফ্ৰিং
(যাক ‘ক্লেভাছ’ বুলি কোৱা হয়) থাকে,
যিটো ই জাহাজৰ ৰাডাৰৰ দৰে ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ উপৰিও ইয়াৰ
দুটা সৰু পেক্টৰেল পাখি, এটা দীঘলীয়া পৃষ্ঠীয় পাখি আৰু
পায়ুপথৰ পাখি থাকে— যিবোৰ দেখাত ডেউকাৰ দৰে। সাধাৰণতে এই
প্ৰজাতিবিধ লাহে-ধীৰে চলে। গড়ে ১.৮ মিটাৰৰ পৰা ২.৫ মিটাৰ জোখৰ একোটা প্ৰাপ্তবয়স্ক
চানফিছৰ ওজন প্ৰায়ে ২৪৭ ৰ পৰা ১০০০ কিলোগ্ৰাম পৰ্যন্ত হয়।
প্ৰায়ে সাগৰৰ
উপৰিভাগত কাষে কাষে জিৰণি লৈ থকা দেখা যায়, কথিতভাৱে ৰ’দ পোহাই
থকা দেখা যায়— যাৰ পৰাই ইয়াৰ ইংৰাজী নাম ‘চানফিছ’ (Sunfish) ৰখা হৈছে। পানীৰ তললৈ ডুব যোৱাৰ
পাছত শৰীৰৰ উষ্ণতা বৃদ্ধি কৰাত ই সহায় কৰে বুলি বিজ্ঞানীসকলে ধাৰণা কৰে। এই
প্ৰজাতিটোৱে পৰিস্থিতিতন্ত্ৰত বিভিন্ন ধৰণে ভূমিকা পালন কৰে— সাধাৰণতে বিজ্ঞানীসকলে ঠাৱৰ কৰে যে চানফিছৰ গাৰ ছালত প্ৰায় ৪০ বিধতকৈও
অধিক পৰজীৱী বাস কৰে। ছালত অধিক পৰজীৱী হোৱাৰ বাবে এই পৰজীৱীসমূহ আঁতৰাবলৈ ই মৃত
প্ৰাণীৰ দৰে সাগৰত উপঙি থাকে; ফলত সাগৰীয় চিকাৰী চৰাইবোৰে
ছালত থকা পৰজীৱীসমূহ ভক্ষণ কৰে। ইয়াৰ ফলত চৰাই আৰু সৰু মাছবোৰে আহাৰ পায় আৰু
চানফিছৰো শৰীৰ পৰিষ্কাৰ হয়।
চানফিছে আহাৰৰ
সন্ধানত সাগৰৰ অতি গভীৰ অংশলৈ ডুব মাৰে আৰু খাদ্য গ্ৰহণৰ পিছত শৰীৰৰ উত্তাপ ঘূৰাই
আনিবলৈ সাগৰৰ উপৰিভাগলৈ যায়। চানফিছবোৰৰ আকাৰ বৃহৎ হ’লেও পোনা আৰু অৰ্ধ-বয়স্ক
চানফিছবোৰ তিমি, চিল, সাগৰীয় সিংহ আৰু
শ্বাৰ্কৰ দৰে হিংস্ৰ প্ৰাণীৰ খাদ্যৰ উৎস হয়। ইফালে, সাগৰত
পেলাই দিয়া প্লাষ্টিকৰ মোনাবোৰক ভুলতে জেলীফিছ বুলি ভাবি খোৱাৰ ফলত চানফিছবোৰ
মৃত্যুমুখত পৰিবলগীয়া হৈছে।
সাগৰীয়
সূৰ্য-ফিছ বা অচিয়ান চানফিছক IUCN-ৰ ৰঙা তালিকাত ‘সংকটাপন্ন’
(Vulnerable) হিচাপে তালিকাভুক্ত কৰা হৈছে। বাণিজ্যিকভাৱে মাছ ধৰা (Bycatch)
আৰু সাগৰৰ প্ৰদূষণৰ বাবে ইয়াৰ জনসংখ্যা হ্ৰাসৰ সন্মুখীন হৈছে।
আনহাতে জলবায়ু পৰিৱৰ্তনে ইহঁতৰ বাসস্থান আৰু খাদ্যৰ উপলব্ধতাত প্ৰভাৱ পেলাইছে। এই
প্ৰজাতিটো বহু পৰজীৱীৰ প্ৰতি দুৰ্বল আৰু যৌন পৰিপক্কতা লাভ কৰিবলৈ বহুবছৰ সময়
লাগে।
বিজ্ঞানীসকলে
কৌশলগত মাছ ধৰাৰ নিষেধাজ্ঞাৰ বাবে ‘বাইকেচ’ হিচাপে আৱদ্ধ
হোৱা সমস্যাজনক অঞ্চলসমূহ চিহ্নিত কৰিবলৈ চানফিছক টেগ্ (Tag) কৰি অনুসৰণ কৰি আছে। ইউৰোপৰ ভিতৰৰ কিছুমান অঞ্চলত চানফিছৰ প্ৰাদুৰ্ভাৱ থকা
সাগৰীয় সংৰক্ষিত অঞ্চল প্ৰৱৰ্তন কৰাই চানফিছ সংৰক্ষণ কৰাত সহায় কৰিছে। অচিয়ান
চানফিছ কেৱল এক অদ্ভুত আকৃতিৰ সামুদ্ৰিক জীৱই নহয়, বৰঞ্চ ই
সাগৰীয় পৰিস্থিতিতন্ত্ৰৰ পৰিষ্কাৰক আৰু ভাৰসাম্য ৰক্ষাকাৰী হিচাপে কাম কৰে।
বৰ্তমান সময়ত এই বিৰল প্ৰাণীবিধ তীব্ৰ সংকটৰ মুখত পৰিছে। অচিয়ান চানফিছ সংৰক্ষণ
কৰা মানে কেৱল এটা প্ৰাণীক ৰক্ষা কৰাই নহয়, বৰঞ্চ গোটেই
সাগৰীয় পৰিস্থিতিতন্ত্ৰৰ স্বাস্থ্য আৰু ভাৰসাম্য সুৰক্ষিত কৰা।



আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ