পদুমনি থানলৈ— কাৰ্চাং তাকাৰ,সাপ্তাহিক জনমভূমিত প্ৰকাশিত

তপন পায়েং
0

  

পদুমনি থানলৈ

কাৰ্চাং তাকাৰ

 


কিতাপত পঢ়ি পোৱাতকৈ ব্যৱহাৰিক অধ্যয়নেৰে কথাবোৰ সহজে মনত ৰাখিব পাৰি। মহাবিদ্যালয়ত পঢ়ি থাকোঁতে জ্যেষ্ঠ সতীৰ্থ আৰু ছাৰ-বাইদেউসকলৰ সৈতে ক্ষেত্ৰ অধ্যয়নলৈ যোৱাৰ দিনবোৰ কি যে মজাদাৰ আছিল! বোধকৰোঁ এই আনন্দ আপোনালোক সকলোৱেও জীৱনত কেতিয়াবা নাছিল কেতিয়াবা পাইছে। মোৰ মতে, ছাত্ৰ অৱস্থাৰ আটাইতকৈ মধুৰ দিনবোৰৰ ভিতৰত ক্ষেত্ৰ অধ্যয়ণো অন্যতম। ছাত্ৰ অৱস্থাত ছাৰহঁতে আমাক গাইড কৰিছিল— তাত গৈ আমি কি কৰিম আৰু কি নকৰিম। কিন্তু এইবাৰৰ অভিজ্ঞতা আছিল সম্পূৰ্ণ সুকীয়া আৰু ব্যতিক্ৰমী।

NEP-2020 শিক্ষানীতি অনুসৰি, এইবাৰ অসমৰ উত্তৰ পাৰৰ আগশাৰীৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি প্ৰতিষ্ঠান Impact Career Tutorial-ৰ তত্ত্বাৱধানত লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ ইন্টাৰ্ণশ্বিপৰ ব্যৱস্থা কৰা হয়। এই ছেগতে মইও প্ৰতিষ্ঠানটোৰ ফালৰ পৰা অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰোঁ। মহাবিদ্যালয়খনৰ মুঠ ২০০তকৈও অধিক ছাত্ৰীক এই ইন্টাৰ্ণশ্বিপ কৰোৱা হৈছিল।

মনতে ভাবিছিলোঁ— ৱাহ! ইমানবোৰ ছোৱালী, মোৰ ভণ্টিয়ে পঢ়া কলেজখন! কেনেবাকৈ চুলিৰ ধুনীয়া চেম্পুৰ গোন্ধৰ আমোলমোলত মই মূৰ্ছা খাই পৰিম নেকি বাৰু! অৱশ্যে তেনে ভাবি মই লখিমপুৰ বালিকা মহাবিদ্যালয়লৈ আমাৰ ৰাৱিফ ৰচিদ আৱাল ছাৰৰ সৈতে যোৱা নাছিলোঁ

গেটৰ প্ৰৱেশদ্বাৰত ছাত্ৰীসকল লানি-নিছিগা পৰুৱাৰ দৰে ৰৈ আছিল। ইতিমধ্যে আমাৰ ৰিজৰ্নিং শিক্ষক গোপাল দাস ছাৰে জুবিন দাৰ "এন্ধাৰ হ’ব নোৱাৰোঁ" গানটোৰ কলিৰে ছাত্ৰীসকলৰ পৰা 'গপ্পু ছাৰ' হিচাপে মৰমৰ সমাদৰ লাভ কৰিছে। এনে লাগিল যেন চঞ্চল ভণ্টিহঁতে কিতাপৰ জ্ঞানবোৰ এইবাৰ নিজ চকুৰে ক্ষেত্ৰস্থানত গৈ উপলব্ধি কৰিব। ২০০ জনী ছাত্ৰীক কেইবাটাও গোটত ভাগ কৰা হৈছিল। তাৰেই ২০ জনী ছাত্ৰীৰ এটা দলক 'পদুমনি থান'লৈ নিয়াৰ দায়িত্ব দিয়া হৈছিল। এই পদুমনি দলটোৰ তত্ত্বৱধায়ক হিচাপে আছিলোঁ Impact Career Tutorial-ৰ শিক্ষক হৰকৰণ সিং ছাৰ, ছাত্ৰী ৰাজশ্ৰী হাজৰিকা আৰু মই। আমাৰ দলৰ আটাইকেইজনীয়েই আছিল ইতিহাস বিভাগৰ ছাত্ৰী।

— কাৰ্চাং তাকাৰ

এখন সেউজীয়া আৰু নীলা ৰঙৰ সৰু মেজিক গাড়ীৰে আমি পদুমনি থানলৈ বুলি ৰাওনা হ’লোঁ। থানত উপস্থিত হৈয়ে হৰকৰণ ছাৰে ছাত্ৰীসকলক শাৰীপাতি নমাই উপস্থিতিৰ নামবোৰ মাতিবলৈ ধৰিলে। ইফালে পদুমনি থানৰ ঘণ্টাৰ শব্দ আৰু উৎকণ্ঠাত ছাত্ৰীসকল ক্ষন্তেকো ৰ’ব নোৱাৰা হৈছিল। প্ৰৱেশদ্বাৰত কোনোবাই টোকাৰী বজাই হৰিনাম গাই আছিল। টোকাৰীৰ সেই কৰুণ সুৰত মোৰ চকু দুটা সেমেকি উঠিল; যেন চকুৰ আগেৰে ৰঙা নদী আৰু সোৱণশিৰি নৈ বৈ আহিল। থানলৈ সোমাই যোৱা ভক্তসকলে তেওঁলোকক দুটকা-তিনিটকা পইচা দি গৈছিল। মইও আনে নেদেখাকৈ মোৰ পুৰণি পাৰ্চখন খুলি চালোঁ— পাঁচটকীয়া এটা মুদ্ৰাৰ বাহিৰে তাত একো নাছিল। মই থানৰ ভিতৰলৈ চাই হাতযোৰ কৰি পদুমনি আইক প্ৰণাম কৰি থাকোঁতেই, হৰকৰণ ছাৰে নিজৰ পেটটো চুই হাঁহি মাৰি ক’লে— "তপন ব’লা, কিবা এটা খাই আহোঁগে।"

আচলতে কোনো এক স্থানত মন্দিৰ বা থান গঢ়ি উঠিলে ভগৱানৰ প্ৰতি ভক্তিভাৱ বৃদ্ধি পোৱাৰ লগতে অঞ্চলটোৰ অৰ্থনৈতিক সবলীকৰণো ঘটে। মন্দিৰৰ কাষৰ দোকান-পোহাৰসমূহ ইয়াৰ উত্তম উদাহৰণ।

কাষৰে এখন সৰু হোটেলত হৰকৰণ ছাৰৰ সৈতে সোমাই টেবুলত বহিলোঁ। ছাৰে মুখত হাঁহি লৈ ক’লে— "তপন, তুমি লাজ নকৰিবা দেই। পইচা মই দিম, যিমান পৰঠা লাগে খাই লোৱা। মই অৱশ্যে দুটা খাম। বুইছা তপন, মই আজি ৰাতিপুৱা একোৱেই খোৱা নাই, এতিয়া নাখালে বৰ দিগদাৰ হ’ব।"

খাই-বৈ উঠি আমি লাহে লাহে মূল থানৰ ভিতৰলৈ সোমাই গ’লোঁ। ভাৰতীয় স্থাপত্যশৈলীৰ তুলনাত পদুমনি থানৰ গাঁথনিটো অলপ ব্যতিক্ৰমী। মূল গৰ্ভগৃহৰ সন্মুখৰ অংশটো সম্পূৰ্ণ অসমীয়া নামঘৰৰ আৰ্হিৰ আৰু প্ৰৱেশদ্বাৰত বাটচ’ৰা আছে। কিছু ছাত্ৰীয়ে সেৱা কৰিবলৈ ভিতৰলৈ সোমাই গ’ল আৰু বাকীসকল বাহিৰতে ৰ’ল। কিছু সময়ৰ পিছত আমি সকলোৱে থানৰ চৌপাশ পৰিভ্ৰমণ কৰিলোঁ। থানখনত শাক্ত ধৰ্মৰ বৈশিষ্ট্যও দেখিবলৈ পোৱা যায়, যেনে বলি-বিধানৰ ব্যৱস্থা।

তাৰ পিছত আমি এটা কক্ষত সমৱেত হৈ থান পৰিচালনা সমিতিৰ সম্পাদক মহোদয়ক সাক্ষাৎ কৰিলোঁ আৰু থানখনৰ ইতিহাস তথা পৰম্পৰা সম্পৰ্কে জানিবলৈ প্ৰয়াস কৰিলোঁ। ঘাইকৈ ছাত্ৰীসকলেহে বিভিন্ন প্ৰশ্ন সুধিছিল। তাৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আছিল— পদুমনি থানে কেনেকৈ পৰিৱেশ সংৰক্ষণৰ পোষকতা কৰি আহিছে? উল্লেখ্য যে এই থানখনৰ নিচেই কাষতে দুলুং অভায়াৰণ্য অৱস্থিত। জানিব পৰা মতে, প্ৰতি বছৰৰ ছেপ্টেম্বৰ মাহত পদুমনি থানৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়।

ইটোৰ পিছত সিটো প্ৰশ্ন আৰু তাৰ উত্তৰবোৰ শুনি মই যেন ইতিহাসৰ পৃষ্ঠাত হেৰাই গ’লোঁ। সম্পাদক মহোদয়ে এটা আমোদজনক লোককথাৰ কথা উল্লেখ কৰিলে (অৱশ্যে চৰিত্ৰটোৰ নামটো মই পাহৰিলোঁ)। তেওঁ কৈছিল যে পূৰ্বতে এই অঞ্চলৰ এজন ব্যক্তিৰ কোনো সন্তান নাছিল। এদিন হঠাতে তেওঁৰ সপোনত পদুমনি আয়ে দেখা দি ক’লে যে বৰ্তমানৰ এই স্থান টুকুৰাত আইৰ থান এখন নিৰ্মাণ কৰিলে তেওঁ সন্তান লাভ কৰিব। আইৰ নিৰ্দেশ মৰ্মে তেওঁ ইয়াত থান নিৰ্মাণ কৰিলে আৰু পিছলৈ সন্তান লাভ কৰিলে। এনেদৰেই পদুমনি আইৰ থানখন জনমানসত প্ৰখ্যাত হৈ পৰে। বৰ্তমান ইয়ালৈ বিভিন্ন কাৰণত ভক্তৰ সমাগম ঘটে বুলি সম্পাদক মহোদয়ে আমাক অৱগত কৰিলে। ছাত্ৰীসকলৰ মনত কোনো ভাগৰ বা আমনি নাছিল। মোৰ এনে লাগিল যেন গোটেই দিনটো ধৰি পদুমনি আইৰ কথাই শুনি থাকিম!

কিন্তু সময়বোৰ বৰ চুটি আছিল। ইফালে ছাৰৰ ফোন আহিবলৈ ধৰিলে, কাৰণ গোটেই ২০ জনী ছাত্ৰীক সুৰক্ষিতভাৱে ওভতাই নিয়াৰ দায়িত্ব আমাৰ আছিল। ছাত্ৰীসকলৰ গাড়ীৰো কথা আছে, সেয়ে পলম নকৰি আমি পুনৰবাৰ পদুমনি আইৰ চৰণ স্পৰ্শ কৰি, আশীৰ্বাদ শিৰত লৈ লক্ষীমপুৰ বালিকা মহাবিদ্যালয়লৈ বুলি ওভতনি যাত্ৰা কৰিলোঁ।

এই ক্ষেত্ৰ অধ্যয়নৰ পৰা ছাত্ৰীসকলে নিশ্চয় বহুত কথা শিকিব পাৰিলে। এটা মন্দিৰ বা থানে যে পৰিৱেশ তন্ত্ৰৰ একো একোটা মূল খুটি হিচাপে কাম কৰিব পাৰে, সেই কথা তেওঁলোকে অনুধাৱন কৰিব পাৰিলে। শেষত, পদুমনি আয়ে আমাৰ সকলোৰে মংগল কৰক...।

Post a Comment

0 Comments

আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ

Post a Comment (0)
3/related/default