অসমৰ গ্ৰামাঞ্চলত ডিজিটেল শিক্ষাৰ প্ৰয়োজনীয়তা আৰু প্ৰত্যাহ্বান
—তপন পায়েং
লখিমপুৰ
সময় পৰিৱৰ্তনশীল। সময়ৰ সোঁতত প্ৰতিজন মানুহে নিজক পৰিৱেশৰ লগত খাপ খুৱাই ল’ব লাগে। বৰ্তমানৰ যুগটো হৈছে মোবাইল, কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ যুগ। ক্ৰমান্বয়ে ইণ্টাৰনেট মানুহৰ মৌলিক প্ৰয়োজনীয়তালৈ ৰূপান্তৰিত হৈছে আৰু আমাৰ দৈনন্দিন জীৱনৰ এক অপৰিহাৰ্য অংগ হৈ পৰিছে। ইয়াৰ ফলস্বৰূপে সমগ্ৰ বিশ্বই আজি এখন ‘গোলকীয় গাঁও’ লৈ ৰূপান্তৰিত হৈছে।শিক্ষাৰ পৰা ধৰি ডিজিটেল সাক্ষৰতালৈকে ভাৰতৰ কেৰালা ৰাজ্যই শীৰ্ষ স্থান অধিকাৰ কৰিছে যদিও আমাৰ অসম এই ক্ষেত্ৰত এতিয়াও বহু পিছপৰি আছে। এই প্ৰবন্ধটোৰ জৰিয়তে অসমৰ গ্ৰামাঞ্চলত ডিজিটেল শিক্ষাৰ প্ৰয়োজনীয়তা, ইয়াৰ প্ৰত্যাহ্বান আৰু ডিজিটেল সাক্ষৰতা বৃদ্ধিৰ বাবে ল’বলগীয়া পদক্ষেপসমূহ আলোচনা কৰিবলৈ প্ৰয়াস কৰা হৈছে। এই শিক্ষা কেৱল নৱপ্ৰজন্ম বা শিক্ষাৰ্থীৰ মাজতে সীমাবদ্ধ নাৰাখি গৃহিণীৰ পৰা শ্ৰমিকলৈকে সকলোৰে মাজলৈ সম্প্ৰসাৰিত কৰাটো জৰুৰী।
অসমৰ বহু দুৰ্গম অঞ্চলত এতিয়াও পৰ্যাপ্ত পাঠ্যপুথি বা অভিজ্ঞ শিক্ষকৰ অভাৱ দেখা যায়। ডিজিটেল মাধ্যমৰ সহায়ত ছাত্ৰ-ছাত্ৰীসকলে ঘৰত বহিয়েই বিশ্বমানৰ ই-বুক, শৈক্ষিক ভিডিঅ’ আৰু অনলাইন ক্লাছৰ সুবিধা লাভ কৰিব পাৰে। ই শিক্ষাৰ ভৌগোলিক বাধা আঁতৰ কৰে। বিশেষকৈ পাহাৰীয়া আৰু নদীকাষৰীয়া অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে যাতায়তৰ অসুবিধাৰ বাবে যিবোৰ সমস্যাৰ মুখামুখি হয়, ডিজিটেল শিক্ষাই তাৰ এক স্থায়ী সমাধান দিব পাৰে। বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰয়োজনীয় সমলসমূহ আজিকালি ইণ্টাৰনেটৰ জৰিয়তে সহজে উপলব্ধ। বৰ্তমান সময়ত কেৱল কিতাপৰ জ্ঞানেৰে নহয়, ইণ্টাৰনেটৰ জৰিয়তে নতুন নতুন কৌশল শিকি মানুহ আত্মনিৰ্ভৰশীল হ’ব পাৰে। ইয়াৰ উপৰি বৰ্তমান ‘অৰেঞ্জ ইকনমি’ বা ‘সৃষ্টিশীল অৰ্থনীতি’ৰ ধাৰণাটোৱে গুৰুত্ব লাভ কৰিছে। য’ত মানুহৰ সৃষ্টিশীলতা, মেধা আৰু সাংস্কৃতিক প্ৰমূল্যক সম্পদ হিচাপে ব্যৱহাৰ কৰা হয়। নগৰীয়া বাসিন্দাসকলে ছ’চিয়েল মিডিয়া আৰু নতুন প্ৰযুক্তিৰ জৰিয়তে দেশৰ অৰ্থনীতিত ভূমিকা গ্ৰহণ কৰিছে যদিও গ্ৰাম্য অঞ্চল এইক্ষেত্ৰত এতিয়াও যথেষ্ট পিছপৰি আছে। পৰম্পৰাগত কৃষিৰ পৰা প্ৰযুক্তিগত কৃষিলৈ উত্তৰণ ঘটোৱাৰ একমাত্ৰ উপায় হ’ল ডিজিটেল শিক্ষা। ডিজিটেল জ্ঞানৰ জৰিয়তে কৃষকসকলে আধুনিক কৃষি পদ্ধতিৰ বিষয়ে জানিব পাৰিব। ইয়াৰ উপৰি ইণ্টাৰনেটৰ সহায়ত চৰকাৰী আঁচনিসমূহৰ বিষয়ে পোনপটীয়াকৈ জানিব পৰা যাব, যাৰ ফলত মধ্যভোগীৰ প্ৰয়োজন নোহোৱা হ’ব আৰু দুৰ্নীতি হ্ৰাস পাব। লগতে সাধাৰণ মানুহে ভুৱা বাতৰি, প্ৰলোভন আৰু চাইবাৰ অপৰাধৰ দৰে বিষয়সমূহৰ প্ৰতিও সচেতন হ’ব পাৰিব।
অসমৰ গ্ৰামাঞ্চলত ডিজিটেল শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত মূল প্ৰত্যাহ্বানসমূহ হ’ল:
আন্তঃগাঁথনিৰ অভাৱ: বহু অঞ্চল এতিয়াও ২জি বা ৩জি নেটৱৰ্কতে সীমাবদ্ধ।
আৰ্থিক দুৰৱস্থা: দৰিদ্ৰ পৰিয়ালৰ বাবে স্মাৰ্টফোন বা কম্পিউটাৰ ক্ৰয় কৰাটো এক সপোনৰ দৰে।
প্ৰাকৃতিক বাধা: বানপানীৰ সময়ত নেটৱৰ্ক আৰু বিদ্যুৎ যোগান ব্যৱস্থা একেবাৰে দুৰ্বল হৈ পৰে।
সজাগতাৰ অভাৱ: ইণ্টাৰনেট সুবিধা থাকিলেও সঠিক প্ৰযুক্তিগত জ্ঞানৰ অভাৱত ইয়াৰ সঠিক ব্যৱহাৰ হোৱা নাই। লগতে চাইবাৰ অপৰাধৰ বলি হোৱাৰ সম্ভাৱনাও থাকে।
এই সমস্যাসমূহ সমাধান কৰিবলৈ তলত দিয়া পদক্ষেপসমূহ গ্ৰহণ কৰিব পাৰি:
‘ভাৰতনেট’ প্ৰকল্পৰ জৰিয়তে প্ৰতিখন গাঁও পঞ্চায়তলৈ হাই-স্পীড অপ্টিকেল ফাইবাৰ সংযোগ সুনিশ্চিত কৰিব লাগে। বিদ্যুৎ সমস্যা সমাধানৰ বাবে বিদ্যালয় আৰু কমন চাৰ্ভিচ চেণ্টাৰবোৰত ‘ছ’লাৰ পেনেল’ স্থাপন কৰিব লাগে। আৰ্থিকভাৱে পিছপৰা মেধাৱী শিক্ষাৰ্থীক চৰকাৰীভাৱে লেপটপ বা টেবলেট বিতৰণৰ ব্যৱস্থা কৰিব লাগে। প্ৰতিখন গাঁৱতে ডিজিটেল ক্লাব বা লাইব্ৰেৰী স্থাপন কৰি সামূহিকভাৱে ইণ্টাৰনেট ব্যৱহাৰৰ সুবিধা দিব লাগে। চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলক ‘Google Classroom’, ‘DIKSHA’ আদিৰ দৰে আধুনিক ডিজিটেল প্লেটফৰ্ম ব্যৱহাৰৰ বিশেষ প্ৰশিক্ষণ দিব লাগে। ইণ্টাৰনেটৰ সঠিক ব্যৱহাৰ আৰু চাইবাৰ নিৰাপত্তাৰ বিষয়ে গাঁওসমূহত সজাগতা সভা অনুষ্ঠিত কৰিব লাগে।
যদি আমি এই সমাধানসমূহ সঠিকভাৱে ৰূপায়ণ কৰোঁ, তেন্তে অসমৰ এজন গ্ৰাম্য শিক্ষাৰ্থীয়ে মাৰ্ঘেৰিটা বা ধুবুৰীৰ পৰা ঘৰত বহিয়েই বিশ্বৰ যিকোনো প্ৰান্তৰ কোম্পানীৰ বাবে কাম কৰিব পাৰিব । ইয়াৰ ফলত চহৰমুখী প্ৰব্ৰজন হ্ৰাস পাব আৰু গ্ৰাম্য অৰ্থনীতি শক্তিশালী হ’ব। শেষত ক’ব পাৰি যে ডিজিটেল সাক্ষৰতাই আমাৰ অসমক ‘এক্ট ইষ্ট পলিচি’ৰ জৰিয়তে বিশ্ব বাণিজ্যৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰিব। ডিজিটেল শিক্ষা কেৱল শিক্ষা হৈ থকা নাই, বৰঞ্চ ই আমাৰ সমাজ আৰু অৰ্থনীতিৰ আমূল পৰিৱৰ্তন কৰিব পৰা এক শক্তিশালী মাধ্যম।
বিজ্ঞাপন
![]() |
| "ভাইটি-ভনীসকলৰ বাবে ভাল খবৰ! আমাৰ মানস মামাৰ নতুন গ্ৰন্থ প্ৰকাশ পাইছে। কি ধুনীয়া কথা-কাহিনী আছে ইয়াত! ব’লা, আজিয়েই সংগ্ৰহ কৰোঁ।" |






আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ