কথাবোৰ ক’ব পৰা হ’লে
কাৰ্চাং তাকাৰ
আলনাত ওলমাই থৈছো কথাবোৰ
পুৱাৰ এজাক ৰদৰ পোহৰ পৰিলেই সাৰ পায়–
কথাবোৰ
পৰিৱৰ্তনৰ,
নদীয়ে খাল হোৱা কথাবোৰ।
বাটকুৰি বাই যাওঁতে বাটৰ বনবোৰেও সোঁৱৰায়
হাটত নোপোৱা কথাবোৰ,
কিনিব নোৱৰা কথাবোৰ,
সুখক বন্ধকত দিয়া কথাবোৰ ।
বহুদিন ধৰি কক্ বকাই ফুৰিছে
এষাৰ কথা ,
ক’ব নোৱৰাতেই জীৱ উৰিছে,
কেনেকৈ কও কথাবোৰ
যিয়ে বেগাই লৈ যায় মুখৰ শব্দ ?
কৰবাত ৰ’বও খোজোঁ
বেথা দিয়া নদীৰ মোহনাত ।
অন্তত ,জুখিব নিবিচাৰোঁ
সোণ-ৰূপেৰে,ধনী-দুখীয়াৰে ।
আজি যদি কথাবোৰ ক’ব পৰা হ’লে
মেঘাৰ চকুত বৰষুণ দিব পৰা হ’লে
কেতিয়াও পিতাই বুঢ়া নহ’লহেঁতেন,
আইৰ চুলিত বগা মেঘ নেদেখিলেহেঁতেন।
অথচ ! বাৰে বাৰে চাওঁ,
আইৰ চকুলৈ
পিতাইৰ চকুলৈ
চকুত দেখো এতিয়া কোঙা ৰেখা ।
লংপেন্টৰ জেপত হাত দিলেই পাওঁ
ৰঙা ৰুমাল
নাইবা
দেউতাই কিনি দিয়া নীলা চিয়াহীৰ কলম,
আজি যদি ক’ব পৰা হ’লে
এই কলমেৰে লিখিব পৰা হ’লে–
লিখিলোঁহেঁতেন আলনাত ওলমাই থোৱা কথাবোৰ
বন্ধকত দিয়া কথাবোৰ।
পিতাই অ’ ! মই ডাঙৰ হ’লোঁ।।



আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ