বৈজ্ঞানিক দৃষ্টিভংগীত চাংঘৰ,তপন পায়েং

তপন পায়েং
0

বৈজ্ঞানিক দৃষ্টিভংগীত - চাংঘৰ


 বৈজ্ঞানিক দৃষ্টিভংগীত - চাংঘৰ

-  কাৰ্চাং তাকাৰ 

"অসম ভূমিকম্পপ্ৰৱণ অঞ্চল হোৱাৰ মূলতে বহুতো কাৰণ আছে। ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হ’ল ভাৰতীয় প্লেট আৰু ইউৰেছিয়ান প্লেটৰ মাজত চলি থকা নিৰন্তৰ সংঘৰ্ষ।"এনে সংঘৰ্ষৰ ফলত হিমালয় পৰ্বতমালা সৃষ্টি হৈছে বুলি ভূ-তত্ত্ববিদসকলে, অনুমান কৰে যে বছৰি ৫ ছেঃ মিটাৰ উচ্চতা উত্তৰ দিশলৈ স্থানান্তৰিত হৈ গৈছে,এই হেচা বা চাপৰ সংঘৰ্ষৰ ফলত যি শক্তিৰ সঞ্চাৰ হ’য়-এই শক্তিয়ে মাজে মাজে ভূমিকম্পৰ ৰূপ লয়। আনহাতে কপিলী চ্যুতি,মেইন ফ্ৰন্টেল থ্ৰাষ্ট,নগা-থ্ৰাষ্ট আৰু লগতে ব্ৰহ্মপুত্ৰৰ বেছিভাগ মাটি পলসুৱা,যত জোকাৰণিৰ ফলত মাটি তথা নদীৰ গতিপথো সলনি হোৱা দেখা যায়। তদুপৰি  দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ বাবে অসমত অত্যধিক বৰষুণত বানপানীৰ সৃষ্টি হয়, বানপানীৰ পৰা ৰক্ষা পাবলৈ পূৰ্বতে আমাৰ পূৰ্বপুৰুষসকল চাংঘৰ সাজি থাকিবলৈ লয়। অসমৰ আদিম অধিবাসীসকল, বিশেষকৈ মিচিং, কাৰ্বি, নগা আৰু দেউৰী আদি জনগোষ্ঠীসকলে হাজাৰ হাজাৰ বছৰৰ আগৰে পৰাই চাংঘৰ সাজি বসবাস কৰি আহিছে। অৱশ্যে অসম তথা ভৈয়ামৰ চাংঘৰ পাহাৰৰ চাংঘৰতকৈ ওখ। অসম এখন নদীমাতৃক দেশ। নদীৰ পাৰত বাস কৰা মানুহবোৰে বাৰিষা ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ বাঢ়নী পানীৰ পৰা নিজকে আৰু নিজৰ খাদ্য-সামগ্ৰী সুৰক্ষিত ৰাখিবলৈ মাটিৰ পৰা কেইবাফুটো ওপৰত চাংঘৰ সজাৰ প্ৰথা আৰম্ভ কৰিছিল,উদাহৰণস্বৰূপে লখিমপুৰ জিলাৰ সোৱণশিৰি আৰু ৰঙানদীৰ পাৰত বসবাস কৰা মিচিং জনগোষ্ঠীসকলে চাংঘৰ সাজি বসবাস কৰি আহিছে। পূৰ্বতে অসমৰ জনবসতি ঘন অৰণ্যৰ মাজত আছিল। হাতী, বাঘ আৰু অন্যান্য বনৰীয়া জন্তুৰ আক্ৰমণৰ পৰা বাচিবলৈ চাংঘৰ আছিল আটাইতকৈ নিৰাপদ আশ্ৰয়স্থল।

বৈজ্ঞানিক দৃষ্টিভংগীত - চাংঘৰ


         আহোম স্বৰ্গদেউসকলৰ দিনতো পৰ্বতীয়া জনগোষ্ঠীসমূহৰ লগত মিতিৰালি বা সম্পৰ্ক স্থাপনৰ সময়ত এই চাংঘৰৰ স্থাপত্যই গুৰুত্ব পাইছিল। বিশ্বায়নত ,গোলকীয় উষ্ণতা,ভূমিকম্পৰ ফলত ধ্বংস হোৱা ডাঙৰ ডাঙৰ  অট্টালিকা নাইবা উপকূলীয় অঞ্চলত সঘনাই হোৱা চুনামীৰ ফলত ডুব যোৱা অট্টালিকা ধ্বংস হোৱাৰ ফলত –চাংঘৰৰ গুৰুত্ব সম্পৰ্কে আওতালৈ আহিছে। চাংঘৰ কিয় গুৰুত্বপূৰ্ণ ? এই সম্পৰ্কে জানিবলৈ হ’লে পোন প্ৰথমে -চাংঘৰ স্থাপত্য আৰ্হিৰ বিষয়ে জানিব লাগিব । 

বৈজ্ঞানিক দৃষ্টিভংগীত - চাংঘৰ


               চাংঘৰ কেৱল এটা ঘৰ নহয়, ই অসমৰ ভৌগোলিক পৰিৱেশৰ সৈতে খাপ খুৱাই তৈয়াৰ কৰা এক উন্নত থলুৱা অভিযান্ত্ৰিক কৌশল । চাংঘৰৰ স্থাপত্য আৰ্হিৰ ক্ষেত্ৰত মন কৰিলে এনেদৰে পাওঁ যে-পূৰ্বতে বাঁহ আৰু কাঠৰ খুঁটা ব্যৱহাৰ কৰি চাৰিৰ পৰা দহ ফুট উচ্চতাত নিৰ্মাণ কৰা  হয়। চাঙৰ বাবে বাঁহৰ কামি বা কাঠৰ তক্তাৰে মজবুতকৈ কিছু কিছু খালী ঠাই এৰি সজোৱা হয় যাতে বায়ু চলাচল কৰিব পাৰে। ঘৰৰ বেৰৰ বাবে বাঁহ-বেত প্ৰচুৰ বাবে ব্যৱহাৰ কৰা হয় । আনহাতে ঘৰৰ চালিৰ বাবে খেৰ(নৰা আদি) আৰু তৰা পাতো ব্যৱহাৰ কৰা দেখা যায়। চাঙৰ মাজ মজিয়াত থাকে মৗঃৰাম অৰ্থাৎ অসমীয়াত জুহাল বা জুইশাল বুলি কোৱা হয়। মৗঃৰামৰ পূৱ ফালে থাকে ৰৃঃচৃং যত ঘৰৰ মুৰব্বী(পুৰুষে) থাকে,আনহাতে ৰৃঃচৃঙত আঃমবৃন দুচিন (চাউলৰ বাকচ) থাকে  আৰু পশ্চিমত থকাক কগদাং বুলি কোৱা  আৰু এই ঠাইটোত মহিলাসকল থাকে ।জুইশালৰ ওপৰত থকা বাঁহৰ চালনি য’ত মাছ-মাংস বা খৰি শুকুৱাবলৈ ৰখা হয় তাক পৗঃৰাপ বুলি কোৱা হয়। ৰৃঃচৃং কগদাঙত বহিবলৈ কুপেঃ ব্যৱহাৰ কৰা হয় ,সাধাৰণতে কুপেঃটো কাঠেৰে নিৰ্মাণ কৰা হয়। চাঙলৈ উঠিবলৈ  বাংখক (কাঠেৰে বা বাঁহেৰে নিৰ্মিত) ব্যৱহাৰ কৰা হয় আৰু বাংখকৰ প্ৰথমটো মোহনা হ’ল-টুংগৗং যত মিনম(আলহী) আহিলে জিৰাবলৈ দিয়া ঠাই। আনহাতে ঘৰৰ শেষৰ ফালে পৗঃৰৗ টুংগৗং-এই পৗঃৰৗ টুংগৗত কিঃলিং(কলহ) আদি ৰখা হয়। 

বৈজ্ঞানিক দৃষ্টিভংগীত - চাংঘৰ


           এতিয়া আহিছো , বিজ্ঞানৰ দৃষ্টিভংগীত । কিয় গুৰুত্বপূৰ্ণ ? বৰ্তমান সময়ত গোটেই বিশ্বতে গোলকীয় উষ্ণতা বৃদ্ধি হোৱাৰ ফলত অথবা বানপানী আৰু চুনামী আদি প্ৰাকৃতিক দুৰ্যোগে গ্ৰাস কৰাৰ সময়ত -চাংঘৰ অতিকৈ প্ৰাসংগিক হৈ পৰিছে। চাংঘৰৰ বৈজ্ঞানিক দৃষ্টিভংগীৰ দিশত লক্ষ্য কৰিলে এনেধৰণে পাওঁ  যে –মিচিং লোকসকলে সাধাৰণতে তেওঁলোকৰ ঘৰবোৰ উত্তৰ-দক্ষিণকৈ সাজে। ইয়াৰ বৈজ্ঞানিক কাৰণ হ’ল বতাহৰ দিশ। অসমত প্ৰায়ে বতাহ পশ্চিম বা পূব দিশৰ পৰা বয়। ঘৰবোৰ উত্তৰ-দক্ষিণকৈ সাজিলে বতাহৰ তীব্ৰ সোঁতটোৱে ঘৰটোৰ বহল অংশত খুন্দা খোৱাৰ পৰিৱৰ্তে ঠেক অংশৰে পাৰ হৈ যায়। যাতে ঘৰটোৰ ওপৰত বতাহৰ হেঁচা বহুত কমাই দিয়ে, যাৰ ফলত প্ৰবল ধুমুহাতো চাং-ঘৰবোৰ স্থিৰ হৈ থাকে।


 নদীৰ গতিবিধি অনুসৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ জল-ভূতাত্ত্বিক অৱস্থাৰ সৈতে খাপ খুৱাব পৰাকৈ  নক্সা তৈয়াৰ কৰা । প্ৰথমতে খুঁটাৰ পৰা আৰম্ভ কৰিছো,অৰ্থাৎ চাৰি ফুটৰ পৰা দহ ফুট পৰ্যন্ত ওখ কৰাৰ কাৰণ হ’ল –  চাংখনৰ তলৰ মুকলি ঠায়ে বানপানীৰ সোঁতক বাধাহীনভাৱে বৈ যাবলৈ দিয়ে। ইয়াৰ ফলত হাইড্ৰ’ষ্টেটিক প্ৰেচাৰ বা পানীৰ হেঁচা সৃষ্টি হ’ব নোৱাৰে, যিয়ে ঘৰটো খহি পৰাত বাধা দিয়ে । আনহাতে সূৰ্যৰ তাপ শোষণ কৰাৰ ফলত সোণকালে মাটি গৰম হয় ( অৱশ্যে এইবোৰ মাটিৰ প্ৰকাৰৰ ওপৰটো নিৰ্ভৰ কৰে) আৰু মাটি,শিল আৰু পানীত ইউৰেনিয়াম স্বাভাৱিকভাৱে ক্ষয়প্ৰাপ্ত হৈ ৰেডন গেছৰ সৃষ্টি হয়। এই গেছবিধক খালী চকুৰে মনিব নোৱাৰি । এই গেছে ভূমিকম্প হোৱাৰ আগজাননী দিয়ে ,মাটি ফাটি গেছ নিৰ্গমন কৰি। এই গেছ বেছি সময় উশাহত লৈ থাকিলে হাওঁফাওঁৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা থাকে। চাংঘৰত থকা মেঃচৗঃ যাক মজিয়া বুলি কোৱা হয় এই মজিয়াক নেচাৰেল ড্ৰাফ্ট ভেণ্টিলেচন বুলিও কোৱা হয় । কাৰণ এই ফাঁক থকা মজিয়াৰ মাজেৰে গৰম বায়ু বাহিৰলৈ ওলাই যাব পাৰে আৰু তাৰ বিনিময়ত ঠাণ্ডা বতাহ যাতে সোমাই আহিব পাৰে।বাঁহৰ কামিৰে নিৰ্মিত মজিয়াৰ  সৰু সৰু ফাঁকৰ মাজেৰে বায়ু চলাচল কৰে। যেতিয়া ঘৰৰ তলৰ মুকলি অংশৰে বতাহ বয়, তেতিয়া এক চাপৰ পাৰ্থক্যৰ সৃষ্টি হয় আৰু তলৰ পৰা ঠাণ্ডা বতাহ ওপৰলৈ টানি আনে। বৰ্তমান সময়ত খুব দেখা যায়-খাদ্যবোৰ অক্সিজেনৰ সংস্পৰ্শত আহি খাদ্যবোৰ দুৰ্গন্ধ হোৱাৰ পৰা বচাবলৈ মাইক্ৰঅভেনত ৰখা ,ঠিক তেনেদৰে খাদ্যবোৰ গৰম কৰি ৰাখিবলৈ মৗঃৰামৰ ওপৰত থকা পৗঃৰাপক অভেন হিচাপে ব্যৱহাৰ কৰা হয় । যত মৗঃৰামত জুই জ্বলাই থাকোতে বা ৰন্ধন প্ৰকৰণ কৰোতে জুইৰ পৰা সৃষ্টি হোৱা  ধোঁৱাই পৗঃৰাপত লাগি তপঁত কৰে ফলত তাত থোৱা খাদ্যবোৰ অনায়াসে গৰম হৈ থাকে। মাছ, মাংস বা শস্যবোৰ ধোঁৱাৰ সংস্পৰ্শত থাকে। ধোঁৱাত থকা ফৰ্মেলডিহাইড  আৰু এচিটিক এচিডে এক প্ৰাকৃতিক সংৰক্ষক হিচাপে কাম কৰে। ই বেক্টেৰিয়াৰ বৃদ্ধিত বাধা দিয়ে, যাৰ ফলত খাদ্যবস্তু মাহ ধৰি নষ্ট নোহোৱাকৈ থাকে। যিহেতু  অসমৰ জলবায়ু আদ্ৰতা বেছি। মৗঃৰামৰ তাপে এই পৗঃৰাপত ৰখা সামগ্ৰীবোৰৰ পৰা জলীয় ভাপ আঁতৰাই ৰাখে, যাৰ ফলত সেইবোৰত ভেঁকুৰ ধৰিব নোৱাৰে।  আনহাতে এই পৗঃৰাপৰ কাষতে থাকে বাঁহেৰে সজা মোকৰা (বাঁহৰ কিউৰিং)-বস্তু বাহানি সংৰক্ষণ সজা টাপলি।


                চাংঘৰৰ বেৰ বোৰ বাঁহেৰে বনোৱা হয় যত সূৰ্যৰ ৰশ্মি পাৰ হৈ যাব পাৰে অৰ্থাৎ দিনৰ ভাগত ডাৱৰীয়া হৈ থাকিলেও ঘৰৰ ভিতৰত পোহৰ হৈ থাকিব পৰাকৈ । লগতে ঘৰৰ বেৰবোৰ শিল-বালি পকা আদিৰ দৰে নিৰ্মাণ নোহোৱাৰ বাবে কোনো শব্দৰ প্ৰতিফলন নহয় আৰু ফাঁক থকা বেৰৰ মাজেৰে বায়ু পৰিচালিত হৈ থকাৰ বাবে গৰমতো শীতল হৈ থাকে। বেৰকেইটাক বেতেৰে বন্ধা হয় যাতে সূৰ্যৰ তাপত শোষিত হোৱাৰ পাছতো যাতে বিপদৰ সময়ত সহজে খুলিব পাৰে । বহি খাদ্য খাবলৈ কুপেঃ (পিৰা) ব্যৱহাৰ কৰা হয় যাতে খোৱা খাদ্য়বোৰ সহজে পাচন হয়। লগতে চাংঘৰৰ মুধচ বা চালিটো শুকান খেৰেৰে দিয়া হ’য়  কাৰণ খেৰৰ চালৰ তাপ পৰিবাহিতা পকী ছাদ বা টিনতকৈ বহুত কম। ই দিনৰ ভাগত সৌৰ বিকিৰণ ভিতৰলৈ সোমোৱাত বাধা দিয়ে আৰু প্ৰাকৃতিক তাপৰোধক হিচাপে কাম কৰে আনহাতে বৰষুণৰ পানী শোষণ কৰি গৰমৰ দিনতো শীতল অনুভুত কৰায়। ঘৰৰ পিছফালে থকা অংশক কঃকটক(Koktok) বুলি কোৱা হ’য় -এই কঃকটকত পানীৰ ব্যৱহাৰ বেছি হয় । কঃকটকৰ মজিয়াত বাঁহৰ কামিবোৰ অলপ বেছি ফাঁক কৰি দিয়া হয় যাতে ব্যৱহাৰ কৰা পানীখিনি পোনপটীয়াভাৱে তললৈ পৰি যায় আৰু মজিয়াখন সদায় শুকান হৈ থাকে। ইয়াৰ ফলত ঘৰৰ ভিতৰত কোনো ধৰণৰ চেঁচুকীয়া ভাব হৈ নাথাকে । তাৰোপৰিও  চাঙৰ তলতো বৈজ্ঞানিক কাৰ্যপন্থা দেখিবলৈ পোৱা যায়, এই চাংঘৰৰ তলত পোহনীয়া জন্তু যেনে-গাহৰি, হাঁহ-কুকুৰা ৰখা হয়। ইয়াৰ এটা বৈজ্ঞানিক দিশ আছে: চাঙৰ ওপৰৰ পৰা যিবোৰ খাদ্যৰ অৱশিষ্ট বা ভাতৰ অৱশিষ্টসমূহ মজিয়াৰ ফুটাৰে তললৈ পৰে, সেইবোৰ গাহৰিয়ে খাদ্য হিচাপে গ্ৰহণ কৰে। ই এক প্ৰকাৰৰ 'বৰ্জ্য ব্যৱস্থাপনা'  য’ত আৱৰ্জনা জমা হৈ পৰিৱেশ লেতেৰা কৰিব নোৱাৰে। তদুপৰি চাঙৰ ওপৰৰ পৰা পেলোৱা অৱশিষ্ট পানীখিনিয়ে মাটিখিনি শীতল ৰখাতো সহায় কৰে। চাং-ঘৰৰ তলত গাহৰি পোহাৰ পৰম্পৰাটো কেৱল খাদ্য বা বৰ্জ্য ব্যৱস্থাপনাৰে অংশ নহয়, ই মাটিৰ উৰ্বৰতাৰ সৈতেও জড়িত:


 জীৱ-জন্তুৰ বিষ্ঠা আৰু চাং-ঘৰৰ পৰা পৰা জৈৱিক আবর্জনাবোৰ তলৰ মাটিত জমা হয়। যিহেতু কিছু কিছু অঞ্চলবোৰত বালিচহীয়া বা পলসুৱা মাটিও থাকে, এই আৱৰ্জনাবোৰে মাটিক নাইট্ৰজেন আৰু ফছফৰাছ প্ৰদান কৰে। যেতিয়া নদীৰ পানীয়ে সেই অঞ্চলটো বুৰাই দিয়ে, এই সাৰবোৰ নদীৰ পানীৰ সৈতে মিহলি হৈ ওচৰৰ খেতিপথাৰবোৰলৈ যায় আৰু মাটি অধিক পলসুৱা কৰি তোলে।


     চাংঘৰখন সাজোতেও পৰিৱেশৰ কোনো হানি বিঘিনী নঘটে- অৰ্থাৎ, যিদৰে আন আন ওখ ঘৰবোৰ নিৰ্মাণ কৰোতে পৰিৱেশ প্ৰদূষণৰ সৃষ্টি হ’য় । কিন্তু আন আন ঘৰবোৰৰ দৰে চাংঘৰ স্থাপত্যখন সাজোতে পৰিৱেশত কোনো প্ৰদূষণৰ সৃষ্টি নহ’য়। চাংঘৰ বিশ্বৰ অন্য অন্য বাসভৱনৰ পৰাও পৃথক,ঘৰখনৰ বেয়া হোৱা অংশখিনি প্ৰয়োজন অনুযায়ী আকৌ মেৰামতি কৰিব পাৰো । সেয়ে আমাৰ চাংঘৰ আৰ্হিক “বহনক্ষম স্থাপত্য’টো অন্তভূৰ্ক্ত হৈ আছে। এইখিনিতে কও যে-বহনক্ষম স্থাপত্য মানে হ’ল-এনে এক নিৰ্মাণ শৈলী যি পৰিৱেশৰ ক্ষতি নকৰাকৈ ভৱিষ্যতৰ বাবে সম্পদ সংৰক্ষণ কৰাত সহায় কৰে ।


     চাংঘৰ সামাজিক আৰু ধৰ্মীয় অনুষ্ঠান হোৱাৰ ওপৰিও সাম্প্ৰতীক সময়ত অৰ্থনৈতিক অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছে। বিদেশী পৰ্যটকক আকৰ্ষিত কৰিবলৈ চাংঘৰ আৰ্হিৰ স্থাপত্য নিৰ্মাণ কৰা দেখা যায়। যেনে- ৰিজৰ্ট ,ৰেষ্টুৰেন্ট ইত্যাদি ইত্যাদি।


             পৰিশেষত ক’ব পাৰি যে, চাংঘৰ কেৱল উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় লোকসকলৰ এক পৰম্পৰাগত বাসস্থান নহয়, ই হ’ল আধুনিক বিজ্ঞান আৰু প্ৰকৃতিৰ এক অপূৰ্ব মিশ্ৰণ। যি সময়ত আধুনিক অট্টালিকা নিৰ্মাণৰ বাবে প্ৰকৃতিৰ ধ্বংস হৈছে, সেই সময়ত চাংঘৰৰ আৰ্হিয়ে আমাক 'পৰিস্থিতিতন্ত্ৰৰ সৈতে সহবাস'  কৰাৰ এক অনন্য পাঠ শিকায়। বৰ্তমানৰ গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ যুগত ইয়াৰ প্ৰাসংগিকতা অধিক বৃদ্ধি পাইছে। চৰকাৰী আৰু ব্যক্তিগত পৰ্যায়ত যদি চাংঘৰৰ এই বৈজ্ঞানিক নিৰ্মাণ শৈলীক আধুনিক কাৰিকৰী বিদ্যাৰে সংমিশ্ৰণ কৰি অধিক উন্নত কৰিব পৰা যায়, তেন্তে ই অসমৰ দৰে ভৌগোলিক পৰিৱেশ থকা অঞ্চলসমূহৰ বাবে আটাইতকৈ নিৰাপদ আৰু আৰামদায়ক আবাসগৃহ হিচাপে সদায় স্বীকৃত হৈ থাকিব। আমাৰ ঐতিহ্যৰ মাজত লুকাই থকা এনে বিজ্ঞানসন্মত চিন্তাধাৰাক সংৰক্ষণ কৰাটো আমাৰ সকলোৰে দায়িত্ব।



Post a Comment

0 Comments

আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ

Post a Comment (0)
3/related/default