বাটৰুৱা-কাৰ্চাং তাকাৰ ,দৈনিক জনমভূমি সাপ্তাহিক

তপন পায়েং
0

বাটৰুৱা


কাৰ্চাং তাকাৰ


দিয়া মোক লাখুটি এটা জুখি-জুখি যাওঁ

মাটিৰ নাভি, কিমান দূৰলৈ? 

আকাশলৈ যিমান দূৰ।

 যাওঁতে যাওঁতে খহি যায় ছেণ্ডেলযোৰ, 

কেঁচা নাইবা পকী পথত। 

অলপ জিৰাওঁ! ছাঁত উশাহ লওঁ,

 অলপ গ'লেই দেখোঁ 

হাঁকুটী নথকা দলং পাৰ হ'ব নোৱাৰি, 

বৃদ্ধ-ৰুগীয়াৰ দৰে কৰে লৰ-চৰ।


এনেকৈ জানো বাটৰুৱা হ'ব পাৰি? 

বৃদ্ধ অথবা ৰুগীয়াৰ দৰে...

 কিমান দূৰ আছে? 

পৰিৱৰ্তনৰ বাটলৈ।


আৰু! কিমান দিনলৈ বাটৰুৱা হ'ম।


বাটৰুৱা-কাৰ্চাং তাকাৰ ,দৈনিক জনমভূমি সাপ্তাহিক
বাটৰুৱা-কাৰ্চাং তাকাৰ ,দৈনিক জনমভূমি সাপ্তাহিক





Post a Comment

0 Comments

আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ

Post a Comment (0)
3/related/default