আজন, লৃগাঙত নহাকৈ নাথাকিবা
কাৰ্চাং তাকাৰ
লৃগাঙৰে বতৰা, শিমলু-মদাৰৰ ওঁঠৰে হাঁহিতে
ৰঙা ৰঙা পিকত —
নিশ্চয়! আহিছে আহিছে, হালধীয়া চৰায়ে লৃগাঙৰ নাচনী হৈ।।
ফাগুন আহি আছে— এই কথাকে সিদিনাও শিমলু আৰু মদাৰে কৈ গ’ল। ৰঙা ৰঙা হাঁহিৰে আকাশত শিমলু ফুলবোৰ ৰঙাকৈ সাজিছে; নিশ্চয় ফাগুনৰ প্ৰথম বুধবাৰে কোনোবা কাংকান কায়ুমৰ মিদাং (বিয়া) আছে। ভাবিব পাৰা, তাত কাৰো ভুল নাই; সমগ্ৰ বিশ্বতে প্ৰেমৰ যি মাহত দুখন ঘৰ মিলি একেখন ঘৰ হৈছে, সেয়া এই ফাগুনতে। কিন্তু আজন, এই ফাগুন, এই ফেব্ৰুৱাৰী মাহ আমাৰ মিচিঙৰ প্ৰাণৰ উৎসৱ— “আলি আঃয়ে লৃগাং”।

বাটবোৰ এতিয়া ধূলিৰে স্নাত, চকুৰে আন এখন বাটলৈ মণিবই নোৱাৰি। ধূলিবোৰ চকুত পৰি আমনি কৰিব পাৰে, ধূলিবোৰ মলি থাকোঁতে চকু গুলপীয়া হ’বও পাৰে। অৱশ্যে আজিকালি কিছু বাট পকী হ’ল, তাত নাপাবা আজন তাহানিৰ সেই ধূলিবোৰ। এই ছেগতে কথা এষাৰ মনত পৰিছে— মানস প্ৰতিম দত্ত ছাৰৰ পাৰিপাৰ্শ্বিক কবিতা পুথি “বিলখন নোহোৱা হ’ল আয়াং” শীৰ্ষক গ্ৰন্থখনৰ সেই কবিতাটিৰ দৰেই সকলো হৈছে। য’ত কবিতাটিত ফুটি উঠিছে— এখন বিল ক্ৰমান্বয়ে পথাৰলৈ ৰূপান্তৰিত হৈছে; নৈপৰীয়া অঞ্চলত প্লাষ্টিকৰ পাহাৰে নদীৰ শৰীৰটো ধ্বংস কৰিছে। দেখিবলৈ পোৱা যায় অৱশিষ্ট মূৰ্তিৰ প্ৰতিমাবোৰকো; নদীয়ে নিজৰ দশা দেখিয়েই কাবান (মিচিং সমাজৰ বিৰহৰ গীত) জুৰে, অথচ কোনেও নেদেখে।
![]() |
| মানস প্ৰতিম দত্ত ছাৰৰ পাৰিপাৰ্শ্বিক কবিতা পুথি “বিলখন নোহোৱা হ’ল আয়াং |

ঠিক এইদৰে ৰাস্তাৰ কাষে কাষে থকা, ফাগুন অহাৰ বতৰত ওখ হৈ হাত বাউলি দি মাতি থকা শিমলুবোৰো— এই শিমলুকেই আকৌ নদীৰ পাৰতো দেখা পাওঁ। কিন্তু উদাসী আকাশত আজিকালি তাত নাবাজে প্ৰিয় জুবিন দাৰ সেই গান— “চাংঘৰ ধুনীয়া কেনেকৈ বগাম জখলা”। সৌ দুবছৰ আগৰ কথা, চহৰৰ এটা বাটৰ মোহনাৰ পৰা গাঁৱলৈ যোৱা এটি বাট; মাজে মাজে এই বাটেদিয়েই গাড়ী নাইবা মটৰ-চাইকেলো যায়। আমি অৱশ্যে চাইকেলেৰে যোৱাটো পচন্দ কৰিছিলোঁ। এবাৰ মই চলাওঁ, চলাওঁতে চলাওঁতে ভাগৰ লাগিলে ভাইটিক চলাবলৈ দিওঁ; অন্তত চাইকেলেৰেই গাঁৱলৈ যাওঁ। চাইকেলেৰে যাওঁতে বাটৰ কাষে কাষে থকা গছবোৰৰ পীড়াৰ কথাও শুনি গৈছিলোঁ; ইহঁতে কাণত ফুচফুচাই কৈছিল— আমাক পকী পথ নালাগে, বাটৰ ধূলিবোৰ আমাৰ শৰীৰত পৰি ফুল নুফুলা হৈছে। চাইকেল চলাওঁতে চলাওঁতে ভাগৰত বাটত কাষত থকা সৰু সৰু জুপুৰীবোৰত জিৰণি লৈ দোকান দিয়া মানুহৰ সৈতে কথা পাতিছিলোঁ।
জুপুৰীটোত আপং থকা দেখিলে দুবটলমান লৈছিলো। জুপুৰীত বহা মানুহজনে কয়— এই বাটেৰে অহা-যোৱা কৰা সকলে আপং নহ’লে পানী খাই যায়। তেওঁ দেখিছে যে এই বাটেৰে ৰঙানৈৰ কত নৰহ, মিলি, পায়েং ছোৱালী ঘূনাসুতিৰ প্ৰিয়তমলৈ পলাই গৈছে। আৰু দেখিছে ধেমাজী-গোগামুখৰ কাংকান কায়ুম পেগু ছোৱালীক পলুৱাই অনাও। অন্তত পলাই যোৱাসকলেও জুপুৰীত কিছু সময়ৰ বাবে জিৰাইছিল, পাতিছিল ভৱিষ্যতৰ কথা।
— কিন্তু যিদিনাৰ পৰা এই বাটবোৰ পকী হ’ল, প্ৰায় তাত নেদেখে জুপুৰীত বহা মানুহকেইজনক। আজিকালি তাতো নেদেখে আপং বেচা, দেখা পাওঁ পেট্ৰ’ল-ডিজেলৰ এশটকীয়া বটল। কাৰণ পকী হোৱাৰে পৰা তাত মটৰ গাড়ী চলিছে। সেয়েহে এই বাটবোৰৰ কাষত ওখ ওখ শিমলু ফুলবোৰ দেখিলেও ফাগুন অথবা লৃগাং যেন নালাগে। গাড়ী অথবা মটৰ-চাইকেলেৰে যাওঁতে নেদেখোঁ— মিবু গালুক নাইবা হৗৰকগৰ তাঁতশাল, নেদেখোঁ গাঁৱৰ য়ামে-মৃমবৃৰৰ (ডেকা-গাভৰু) গুমৰাগৰ আখৰা আৰু নুশুনো দূৰৈত ডুমডুম লুপেৰ শব্দ।
— আচৰিত হৈছা নেকি কথাবোৰ শুনি? আমাৰ গাঁওবোৰ এতিয়াও জীপাল হৈ আছে দেই! প্ৰতিটো সোপানে সোপানে অংকুৰিত হৈছে ন ন লৃগাং। হে প্ৰিয়বৰেষু আজন, তোমাৰ কথা কৈছোঁহি গাঁৱৰ সিমূৰৰ পৰা সিমূৰলৈ। আৰু কৈছোঁ— ফাগুন অহাৰ সময়ত ফৰকাল আকাশত সৰু সৰু ৰঙচুৱা বিহংগ ভনীটিসকলে শিমলু-পলাশত ৰস গুঞ্জিলেই জানিবা যে প্ৰিয়বৰেষু আজন অহাৰ আগ-বতৰা। সৰু সৰু শালিকীহঁতে তোমাক আদৰিবলৈ শিমলুৰ ৰঙা ৰং ধাৰ কৰি তাঁতশালত হৗৰকগ লগাইছে; বুলবুল মৌ-পিয়াহঁতেও তোমাক কাষত পাই মিবু গালুকেৰে লৃগাং মিনম (অতিথি) কৰাৰো যোগাৰো কৰিছে। মাঃম (নবৌ)হঁতৰ কথানো কি ক’বা, তেওঁলোক পৃথক— এতিয়া সাজোন-কাচোনৰ লগতে চাইমদ-নগজিন আপঙৰ সৈতে ব্যস্ত।

আহিবা আজন এইবাৰ লৃগাঙত। পাৰিলে চাই যাবা— আমি কিদৰে আছোঁ, অপান-চিকম (দৰিদ্ৰ)ৰ ঘৰত আছেই বা কি? যোৱা বানতে মথাউৰি ছিগি উটি গ’ল বহুতৰে ঘৰ, ডুবি গ’ল পিনু আঃমো (জহা চাউল)। লৃগাং অহাৰ কথা উমান পালেই সেমেকী উঠে তেওঁলোকৰ চকুহাল, তপত উঠা মমৰ দৰে। তাৰ পিছতো কৃত্ৰিমতাৰ নতুন কুহিপাত লৈ গুঞ্জৰিত হৈছে গুমৰাগ গুমৰাগ।
আমি অজলা, মিনমক কেনেকৈ আদৰিব লাগে নাজানো। লাজতে নহাকৈ নাথাকিবা আমাৰ গাঁৱলৈ। আজন, তুমি আহিলে ফুলি উঠিব ফাগুন, তুমি আহিলে কাবানবোৰ ঐনিঃতম হ’ব। লৃগাং অহাৰ বতৰাত আমাৰ সৰুসকলৰ তোমালৈ বুলি আয়াঙো মৗঃচৃলা মৗঃতুং (মৰম সাঁচি ৰাখিছে)।
ঙলু তায়াঃলা দুয়ে। (আমি বাট চাম)

আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ