ৰাজনীতিত তথ্য প্ৰযুক্তিৰ নতুন দিগন্ত-তপন পায়েং

তপন পায়েং
0

 

ৰাজনীতিত তথ্য প্ৰযুক্তিৰ নতুন দিগন্ত

তপন পায়েং

(দৈনন্দিন বাৰ্তা কাকতত প্ৰকাশিত)

ৰাজনীতিত তথ্য প্ৰযুক্তিৰ নতুন দিগন্ত-তপন পায়েং



বৰ্তমান বিশ্বত বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্ৰুত উন্নয়নে প্ৰতিখন ৰাষ্ট্ৰকে সৰ্বাংগীন দিশত প্ৰভাৱিত কৰিছে। সামৰিক শক্তিৰ পৰা আৰম্ভ কৰি চিকিৎসা, অৰ্থনীতি আৰু শিক্ষাখণ্ডক প্ৰযুক্তিয়ে এক নতুন মাত্ৰা প্ৰদান কৰিছে। বিশেষকৈ কৃত্ৰিম বুদ্ধিমত্তাৰ  আৱিৰ্ভাৱে বিশ্বৰ কাৰ্যপ্ৰণালী অধিক উন্নত কৰি তুলিছে। ইয়াৰ সমান্তৰালভাৱে, বৰ্তমান সময়ত ৰাজনীতিবিদসকলেও তথ্য-প্ৰযুক্তিৰ শক্তিক নিৰ্বাচনী যুঁজৰ অন্যতম প্রধান আহিলা হিচাপে গ্ৰহণ কৰিছে। কোনো বিশাল জনসভাৰ আয়োজন নকৰাকৈয়ে আজিকালি এটা কোঠাৰ ভিতৰৰ পৰাই ভিডিঅ’ বা লিখনীৰ জৰিয়তে হাজাৰ হাজাৰ জনসাধাৰণক আকৰ্ষিত কৰাটো সম্ভৱ হৈ পৰিছে।অসমৰ ৰাজনীতিবিদসকলো এই ক্ষেত্ৰত পিছপৰি থকা নাই। তেওঁলোকেও সামাজিক মাধ্যমৰ জৰিয়তে নতুন প্ৰজন্মৰ ভোটাৰসকলক আকৰ্ষিত কৰিবলৈ অহৰহ চেষ্টা চলাই আহিছে। ফেচবুক লাইভ, ইউটিউব পডকাষ্ট আৰু কৌশলগত কথনশৈলীৰে নৱপ্ৰজন্মৰ ভোট অৰ্জনৰ প্ৰয়াস কৰা দেখা যায়। আনকি একাংশ নেতাই নিজা ৱেব-পৰ্টেল খুলি নিজৰ ইতিবাচক কামসমূহ বাতৰিৰ আকাৰত প্ৰচাৰ কৰাৰ নতুন পদ্ধতিও অৱলম্বন কৰিছে।এটা ৰাজনৈতিক দলৰ ডিজিটেল শাখা বা টিমক IT Cell বুলি কোৱা হয়। ইয়াৰ কাম হ’ল দলৰ ডিজিটেল কৌশল প্ৰস্তুত কৰা, ছচিয়েল মিডিয়াত দলৰ স্থিতি সবল কৰা আৰু জনসম্পৰ্ক ৰক্ষা কৰা।

তথ্য-প্ৰযুক্তিৰ প্ৰয়োগসমূহ:তৎক্ষণাৎ প্ৰচাৰ: সামাজিক মাধ্যমৰ বিজ্ঞাপন, ইমেইল আৰু এছ.এম.এছ.ৰ জৰিয়তে ভোটাৰক প্ৰভাৱিত কৰা।

নতুন স্বজাতি

তথ্য বিশ্লেষণ : ভোটাৰৰ আশা-আকাংক্ষা আৰু অঞ্চলভিত্তিক জনমত বিশ্লেষণ কৰি নিৰ্বাচনী কৌশল তৈয়াৰ কৰা।

অনলাইন সদস্যভৰ্তি: মিছড কল বা অনলাইনৰ জৰিয়তে দলীয় সদস্য সংখ্যা বৃদ্ধি কৰা।

চৰকাৰী সজাগতা: MyGov, Digital India, CM Dashboard আদিৰ জৰিয়তে চৰকাৰী কাম-কাজত নাগৰিকৰ অংশগ্ৰহণ নিশ্চিত কৰা।

যোগাত্মক আৰু ঋণাত্মক দিশসমূহ

যোগাত্মক দিশ: ১/ অতি কম সময় আৰু কম খৰচত জনসাধাৰণৰ কাষ চাপিব পাৰি। ২/ জনতাৰ সমস্যা, অভিযোগ আৰু মতামতসমূহ পোনপটীয়াকৈ জানিবলৈ সুবিধা হয়। ৩/ বিৰোধীয়ে চৰকাৰৰ ভুলসমূহ অনলাইনযোগে আঙুলিয়াই দি জনসাধাৰণক সজাগ কৰিব পাৰে। ৪/ মিম, গ্ৰাফিক্স আৰু ভিডিঅ’ৰ জৰিয়তে জটিল ৰাজনৈতিক বিষয়সমূহ সহজকৈ বুজাই দিব পাৰি।

ঋণাত্মক দিশ: ১/ অপপ্ৰচাৰ: প্ৰতিদ্বন্দ্বী নেতাক হেয় প্ৰতিপন্ন কৰিবলৈ কৃত্ৰিমভাৱে বিকৃত তথ্য প্ৰচাৰ কৰা হয়। ২/ ভুৱা খবৰ (Fake News): একাংশ IT Cell-এ উদ্দেশ্যপ্ৰণোদিতভাৱে মিছা ভিডিঅ’ বা তথ্যৰ জৰিয়তে সমাজত বিভ্ৰান্তি আৰু ঘৃণাৰ সৃষ্টি কৰে। ৩/ ট্ৰোলিং: বিৰোধী মত পোষণ কৰা সাংবাদিক বা সমাজকৰ্মীক সংগঠিতভাৱে গালি-গালাজ বা অপমান কৰা হয়। ৪/ বিভাজন: ধৰ্মীয়, জাতিগত বা ভাষাগত বিদ্বেষ বিয়পাই সমাজত উত্তেজনা সৃষ্টি কৰাৰ শংকা থাকে।

          তথ্য-প্ৰযুক্তিয়ে ৰাজনীতিৰ স্বৰূপ সম্পূৰ্ণৰূপে সলাই পেলাইছে। ই জনসাধাৰণক অধিক সচেতন কৰাৰ লগতে গণতন্ত্ৰক সবল কৰাত অগ্ৰণী ভূমিকা লৈছে। তথাপিও, অপপ্ৰচাৰ আৰু ভুৱা খবৰৰ পৰা হাত সাৰিবলৈ জনসাধাৰণ অধিক সচেতন হোৱাটো প্ৰয়োজন। তথ্য-প্ৰযুক্তি আৰু ৰাজনীতিৰ সঠিক সমন্বয় ঘটিলেহে এক সুশাসনৰ পথ প্ৰশস্ত হ’ব, য’ত জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণেই হ’ব মুখ্য শক্তি।


ৰাজনীতিত তথ্য প্ৰযুক্তিৰ নতুন দিগন্ত


Post a Comment

0 Comments

আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ

Post a Comment (0)
3/related/default