সমাজ নিৰ্মাণত নাৰীৰ ভূমিকা
তপন পায়েং,৬০০২০৭৬৮৮৬,লখিমপুৰ
সমাজ এখন গঢ়াত কেৱল পুৰুষৰে হাত নাথাকে । তদুপৰি শৃংখলাবদ্ধ সমাজ গঢ়াত নাৰীৰ ভূমিকাও মহত্বপূৰ্ণ। “ সমাজত এজন পুৰুষ শিক্ষিত হ’লে কেৱল এজন ব্যক্তি শিক্ষিত হয়,কিন্তু এজনী নাৰী শিক্ষিত হ’লে পৰিয়াল শিক্ষিত হয়। অন্যহাতে “মিছাইল মানৱ’’ এ.পি.জে আব্দুল কালামেও কৈছিল যে — নাৰী শক্তিশালী হ’লে সুস্থ সমাজ এখন নিশ্চিত হয় ।
প্ৰাচীন ইতিহাসলৈ ঘূৰি চালে আমি এনেদৰ জানিব পাৰোঁ যে — পুৰুষৰ সমানে সমানে নাৰীসকলেও সভাত অংশগ্ৰহণ কৰিছিল । উদাহৰণস্বৰূপে গাৰ্গী , মৈত্ৰেয়ী আৰু লোপামুদ্ৰা দৰে মহিলাসকলে দৰ্শন আৰু শাস্ত্ৰ চৰ্চা কৰি সমাজৰ বৌদ্ধিক ভেটি নিৰ্মাণ কৰিছিল। সেই সময়ত নাৰীক ' অৰ্ধাংগিনী ' বুলি গণ্য কৰা হৈছিল, যাৰ অৰ্থ হ’ল পুৰুষৰ অবিচ্ছেদ্য অংশ আৰু সমাজৰ সমান অংশীদাৰ। ভাৰতৰ ইতিহাসৰ মধ্যযুগতো বহুতো প্ৰত্যাহ্বান থকাৰ স্বত্ত্বেও নাৰীয়ে সমাজ আৰু ৰাজ্য পৰিচালনাত সাহসৰ পৰিচয় দিছিল। উদাহৰণস্বৰূপে দিল্লীৰ সিংহাসনত বহা প্ৰথম মহিলা শাসক আছিল — ৰেজিয়া চুলতানা , আধুনিক ভাৰতৰ ঝাঞ্চীৰ ৰাণী লক্ষ্মীবাঈ আৰু মধ্য অসম ইতিহাসৰ চুতীয়া বংশৰ বীৰাংগনা সতী সাধনী , মোগল আক্ৰমণৰ বিৰুদ্ধে যুদ্ধ কৰা মূলাগাভৰু। তাৰোপৰি সমাজ প্ৰশাসন আৰু সংস্কাৰক হিচাপে জয়মতী কুঁৱৰীৰ মহান আদৰ্শসমূহে ভৱিষ্যতৰ নাৰীক মহৎ নিদৰ্শন দেখুৱাই দি থৈ গৈছে। তদুপৰি আধুনিক ভাৰতৰ ইতিহাসৰ স্বাধীনতা সংগ্ৰামত দেশপ্ৰেমৰ জৰিয়তে এখন সমাজ গঢ়াৰ লক্ষ্যৰে হাজাৰ হাজাৰ নাৰী ৰাজপথলৈ ওলাই আহিছিল। এই নাৰীসকল আছিল শিক্ষাবিদ,প্ৰশাসক, যোদ্ধা আৰু সমাজ সংস্কাৰক।
এতিয়া আহিছো মূল প্ৰসংগলৈ — ভাৰতত নাৰীয়ে জীৱনৰ সকলো ক্ষেত্ৰতে শ্ৰেষ্ঠত্ব অৰ্জন কৰাৰ বাবে তেওঁলোকক সমান সুযোগ দিব লাগিব। সমাজ নিৰ্মাণত নাৰীৰ ভূমিকা কেনেকৈ কাৰ্যকৰী কৰিব পাৰি বা এজনী নাৰীয়ে সমাজৰ উন্নয়নত কেনেকৈ অংশগ্ৰহণ কৰিব পাৰে,সেই বিষয়ে স্ব-মতামতত —
শিক্ষাৰ জৰিয়তেঃ– সমাজৰ নিৰ্মাণৰ প্ৰথমটো উপায় হ’ল- শিক্ষা । এগৰাকী শিক্ষিত নাৰীয়ে কেৱল নিজৰ সন্তানকেই নহ’য়,গোটেই চুবুৰী বা অঞ্চলটোকেই শিক্ষিত কৰিব পাৰে। নাৰী হৈছে এখন ঘৰৰ প্ৰাথমিক শিক্ষক। সন্তানক নৈতিক শিক্ষা আৰু মানৱীয় মূল্যবোধ দি এজন সুনাগৰিক হিচাপে গঢ়ি তোলা। নাৰীয়ে শিক্ষিত হ’লে সমাজৰ অন্ধবিশ্বাস,ডাইনী হত্যা বা বাল্য বিবাহৰ দৰে কু-প্ৰথাৰ বিৰুদ্ধে সজাগতা সভা পাতি মানুহক সজাগ কৰিব পাৰে।
অৰ্থনীতিৰ জৰিয়তেঃ- সমাজ এখন অৰ্থনীতিৰ অবিহনে অসম্পুৰ্ণ। গতিকে সমাজ এখন স্বাৱলম্ভী হ’বলৈ হলে অৰ্থনৈতিক গুৰুত্বপূৰ্ণ। নাৰীয়ে সমাজ এখনত অৰ্থনৈতিক ক্ষেত্ৰত নাৰীসকলে আত্মসহায়ক গোট আৰু ক্ষুদ্ৰ উদ্যোগ (যেনে — বস্ত্ৰ শিল্প, হস্তশিল্প, খাদ্য প্ৰস্তুতকৰণ) গঢ়ি তুলি নিবনুৱা সমস্যা দূৰ কৰিব পাৰে। পেছাদাৰী ক্ষেত্ৰত ( ডাক্তৰ , ইঞ্জিনীয়াৰ , শিক্ষক) কাম কৰি দেশৰ অৰ্থনীতিত পোনপটীয়া অংশগ্ৰহণ কৰা । তাৰোপৰি শিক্ষিত নাৰীসকলে ঘৰুৱাভাবে টিউচন কৰিও অৰ্থ আহৰণ কৰিব পাৰে।
সমাজ নেতৃত্বঃ- পূৰ্বোত্তৰ স্বাধীনতাৰ কালৰ পৰা স্বাধীনতা পোৱালৈকে নাৰীয়ে সামাজিক তথা সমাজক নেতৃত্ব দিয়াতো আগ-ভাগ লৈ আহিছে। যেনে-সৰোজিনী নাইডু,সাবিত্ৰী বাই ফুলে ইত্যাদি । ঠিক এইদৰে বৰ্তমান সময়ত সমাজ নেতৃত্ব দিয়াতো ভাৰতৰ নাৰীসকলে সক্ৰিয়ভাবে অংশগ্ৰহণ কৰিছে। কেৱল ঘৰৰ ভিতৰতে নহয়, সমাজৰ নীতি-নিৰ্ধাৰণতো নাৰীৰ অংশগ্ৰহণ প্ৰয়োজন । পঞ্চায়ত বা পৌৰসভাৰ পৰা ধৰি বিধান পৰিষদ বা সংসদলৈকে মহিলাসকলে নেতৃত্ব দিয়া দেখিবলৈ পাইছোঁ। তাৰোপৰি বিভিন্ন এন জি অ’ বা স্বেচ্ছাসেৱী সংগঠনৰ জৰিয়তে দুখীয়া আৰু পিছপৰা শ্ৰেণীৰ উন্নতিৰ বাবে কাম কৰা।
স্বাস্থ্য আৰু অনাময় সজাগতাঃ- সুস্থ সমাজ গঢ়িবলৈ শিক্ষা,অৰ্থনৈতিক,ৰাজনৈতিক দিশত উন্নত হ’লেই নহ’ব-সমাজ এখন সুন্দৰকৈ চলিবলৈ হ’লে পৰিৱেশ বিকাশৰ লগতে স্বাস্থ্য প্ৰতি গুৰুত্ব দিয়াটোও প্ৰয়োজন । নাৰীসকলে নাৰী হিচাপে অঞ্চলৰ গৰ্ভাৱতী মহিলাসকলৰ স্বাস্থ্যৰ যত্ন লোৱা ,শিশুৰ টিকাকৰণ, সঠিক পুষ্টি পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ গুৰুত্ব গাঁৱৰ মহিলাসকলৰ মাজত প্ৰচাৰ কৰা,ইত্যাদি। তদুপৰিও নাৰীসকলে গোট হৈ আত্মসহায়ক গোটৰ জৰিয়তেও পৰিৱেশ সংৰক্ষণৰ প্ৰতি সজাগতা সভা অনুষ্ঠিত কৰিব লাগে। গছপুলি ৰোপণ কৰা আৰু প্লাষ্টিকমুক্ত সমাজ গঢ়িবলৈ চুবুৰীৰ লোকসকলক উৎসাহিত কৰা।
নাৰী সৱলীকৰণ আৰু সমঅধিকাৰ— নাৰীসৱলীকৰণ আৰু সমঅধিকাৰ হ’ল এটা আধুনিক আৰু প্ৰগতিশীল সমাজৰ মূল স্তম্ভ। নাৰী সৱলীকৰণৰ উপাংশসমূহ বা ভাগ বুলি ক’লে-অৰ্থনৈতিক সৱলীকৰণ,শৈক্ষিক সৱলীকৰণ,ৰাজনৈতিক সৱলীকৰণ। তদুপৰি সমঅধিকাৰৰ ক্ষেত্ৰত-লিংগৰ ভিত্তিত কোনো বৈষম্য নথকা। আমাৰ সংবিধানৰ অনুচ্ছেদ ১৪ ৰ পৰা ১৮ জৰিয়তে সমতাৰ অধিকাৰ লাভ কৰা। যেনে-শিক্ষাৰ অধিকাৰ অৰ্থাৎ সমানভাবে শিক্ষা পোৱা,সমানভাবে কামৰ মজুৰি পোৱা আৰু আইনগতভাৱে এগৰাকী কন্যাৰো পিতৃ-মাতৃৰ সম্পত্তিত পুত্ৰৰ দৰেই সমান লাভ কৰা।
সমাজত যদি সম অধিকাৰ বাবে কাম কৰিবলৈ সুযোগ পায় তেন্তে সমাজ খনৰ দাৰিদ্ৰ্য দূৰীকৰণ হ’ব। ঘৰখন টনকিয়াল হোৱাৰ লগতে সমাজখনৰো অৰ্থনৈতিক দিশত আগবাঢ়ি যাব।
নাৰী কেৱল এজন পুৰুষৰে অৰ্ধাংগিনী নহয়। নাৰী সমাজ এখন নিৰ্মাণ কৰাৰ মূল আধাৰো । যদিহে দেশৰ নাৰী সকলে সকলো দিশতে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে । তেতিয়াহে নাৰী সৱলীকৰণৰ লগতে সমাজ তথা দেশখনো সৰ্বাংগীন উন্নয়ন হ’ব।।
![]() |
| অসম আদিত্য(১১ মাৰ্চ ২০২৬) |




আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ