অজগৰ,তপন পায়েঙ(কাৰ্চাং তাকাৰ) ৰ কবিতা

তপন পায়েং
0

 


অজগৰ

– কাৰ্চাং তাকাৰ


সময়ে দিলেগৈ মোৰ নতুন সূৰ্য,

কঁকাল ভাঙি উজাল হ'ল এই শৰৎ।

কহুঁৱাকো আমণি নকৰোঁ,

হৃদয়-ভঙা পঁজা এতিয়া ঠেহ পাতা;

সাগৰ,

অজগৰ!

সময়ো তাকৰ॥

অজগৰে গিলিছে মোৰ বৰ্ষা,

আছিলোঁ একালৰ চিৰিকালি;

আছিলোঁ মই অৰঙে-দৰঙে ফুৰা—

জুই-আঙনি।

হ’লেও অজগৰ,

পিতাইৰ দেহো আতঙা;

আইয়ে বান্ধিব কিমান?

পিতাইৰ তমাল।

আইৰ দুপৰীয়া আহাৰে

ঘড়ীৰ কাঁটাডালকনো ঘূৰাব কিমান?

অজগৰ॥

Post a Comment

0 Comments

আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ

Post a Comment (0)
3/related/default