অজগৰ
– কাৰ্চাং তাকাৰ
সময়ে দিলেগৈ মোৰ নতুন সূৰ্য,
কঁকাল ভাঙি উজাল হ'ল এই শৰৎ।
কহুঁৱাকো আমণি নকৰোঁ,
হৃদয়-ভঙা পঁজা এতিয়া ঠেহ পাতা;
সাগৰ,
অজগৰ!
সময়ো তাকৰ॥
অজগৰে গিলিছে মোৰ বৰ্ষা,
আছিলোঁ একালৰ চিৰিকালি;
আছিলোঁ মই অৰঙে-দৰঙে ফুৰা—
জুই-আঙনি।
হ’লেও অজগৰ,
পিতাইৰ দেহো আতঙা;
আইয়ে বান্ধিব কিমান?
পিতাইৰ তমাল।
আইৰ দুপৰীয়া আহাৰে
ঘড়ীৰ কাঁটাডালকনো ঘূৰাব কিমান?
অজগৰ॥


আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ