![]() |
| জীৱনৰ সোঁত নদীৰ দৰে , কাৰ্চাং তাকাৰ,সাপ্তাহিক দৈনিক জনম ভূমিত প্ৰকাশিত |
জীৱনৰ সোঁত নদীৰ দৰে (অনুভৱ লেখা)
— কাৰ্চাং তাকাৰ
মানুহৰ জীৱনটো এটি নদীৰ দৰে। যাৰ কোনো স্থিৰ আকাৰ নাই, সকলো আকৃতিতে নিজকে খাপ খুৱাব পাৰে। মানুহৰ জন্ম হৈছে যেতিয়া, কোনোবা এটা দিনত এই পৃথিৱীখন এৰি যাবই লাগিব। কিন্তু জীয়াই থকা সময়ত মানুহৰ মন আকাশলংঘী। আমি মনক ধৰি ৰাখিব নোৱাৰোঁ; যদি স্কুলীয়া দিনলৈ ঘূৰি যাওঁ, আমাৰ শিক্ষাগুৰুসকলে শ্ৰেণীকোঠাত কোৱা কথাবোৰ মনত পৰে— “চকু আছে কিতাপত, মন আছে বজাৰত।” আচলতে আমাৰ মনবোৰ এনেকুৱাই। অৱশ্যে নদী আৰু মনৰ মাজত এক গভীৰ সম্পৰ্ক আছে। নদীৰ ভৌগোলিক অৱস্থান আৰু গতিপথ সলনি হৈ থাকে; এই পৰিৱৰ্তনক আমি আমাৰ মন আৰু শাৰীৰিক অৱয়বৰ সৈতে ৰিজাব পাৰোঁ। শিশুৰ পৰা বৃদ্ধ বয়সলৈকে মানুহ সলনি হয়, ঠিক যেনেকৈ এখন নদী পাহাৰৰ পৰা ওলাই সাগৰত বিলীন হোৱালৈকে সলনি হৈ থাকে।
আমি সাধাৰণভাৱে চালে নদী এখনৰ অৱস্থা বা ভূ-দৃশ্যাৱলীক তিনিটা পৰ্যায়ত ভগাব পাৰোঁ: যৌৱন কাল, প্ৰৌঢ়াৱস্থা আৰু বৃদ্ধাৱস্থা। নদী এখন সৃষ্টি হয় পাহাৰৰ হিমবাহৰ পৰা; পাহাৰৰ পৰা ভৈয়ামলৈ নামি আহোঁতে আৰু শেষত সাগৰত সংগম হোৱালৈকে এই তিনিটা ৰূপ দেখা যায়। ঠিক সেইদৰে মানৱ জীৱনতো দেখা যায়— শিশু অৱস্থা , যৌৱন(কৈশোৰ) আৰু বৃদ্ধাৱস্থা।
নদীৰ ক্ষেত্ৰত পোনপটীয়াকৈ 'শিশুৱস্থা' দেখা নাযায় যদিও কল্পনা কৰিব পাৰি যে নদীখন সৃষ্টি হোৱা সময়ছোৱাই ইয়াৰ শিশু কাল। পৰ্বত-পাহাৰৰ শিখৰত থকা হিমবাহ বা বৰফবোৰ গলি নদী হোৱা সময়খিনিয়েই সেইটো। নদীৰ যৌৱনকালত— পাহাৰৰ পৰা ভৈয়ামলৈ নামি আহোঁতে এজন ডেকা ল’ৰাৰ দৰে ইয়াৰ প্ৰচুৰ শক্তি থাকে। নদীখনে পাহাৰৰ দাঁতিসমূহ খহাই 'V' আকৃতিৰ উপত্যকা গঢ় দিয়ে। তাত কোনো প্লাৱন ভূমি নাথাকে আৰু নদীখন বিসৰ্পিল গতিৰে ববলৈ ধৰে। পৰ্যায়ক্ৰমে নদীখনে সমতলীয় অঞ্চলত অধিক বিস্তৃত হৈ বিল, পিতনি বা হ্ৰদ আদিৰ সৃষ্টি কৰে। ঠিক এইদৰে মানুহৰ যৌৱনকালতো প্ৰচুৰ দৈহিক শক্তি আৰু কৰ্মস্পৃহা দেখা যায়। এই সময়ছোৱাতে মানুহে প্ৰেম কৰে (অৱশ্যে প্ৰেমৰ কোনো বয়স নাই বুলি কোৱা হয়) আৰু শক্তিৰ উৰ্ধত গৈ বহু দুৰূহ কামো সম্পন্ন কৰে। নদীখনে যৌৱনকালত উপনদী-শাখানদীৰ লগত মিলিত হোৱাৰ দৰে মানুহৰো এই সময়ত ভিন্ন ভিন্ন লোকৰ সৈতে সম্পৰ্ক আৰু সামাজিক দায়বদ্ধতা গঢ়ি উঠে।
প্ৰৌঢ়াৱস্থাত (Mature Stage) নদ-নদীবোৰৰ পানীৰ পৰিমাণ বা উপনদীৰ সংখ্যা কিছু হ্ৰাস পায়। নদীখন এটা স্থানত স্থিৰ হৈ দ আৰু বহল হয়, য'ত সাৰুৱা প্লাৱন ভূমি দেখা যায়। আমাৰ মানৱ জীৱনৰ লগতো ইয়াৰ মিল আছে। এই সময়ছোৱাত মানুহে বিভিন্ন দিশত চঞ্চল হৈ থকাতকৈ এটা নিৰ্দিষ্ট কামত মনোনিৱেশ কৰিব বিচাৰে। অতীতত কি হ’ল সেইবোৰ পাহৰি ভৱিষ্যতৰ বাবে সুস্থিৰ চিন্তা কৰে। এই সময়ত মানুহে দুখ-কষ্ট আৰু বেদনাবোৰ নিৰৱে সহিব পৰা ক্ষমতা অৰ্জন কৰে।
তৃতীয়তে, মানুহৰে হওক বা নদীৰেই হওক— বৃদ্ধাৱস্থাত গতি স্তিমিত হৈ আহে। সৰু সৰু উপনদীৰ দৰে মানুহৰ জীৱনৰ হাবিয়াস আৰু হেঁপাহবোৰো পাহৰণিৰ গৰ্ভত হেৰাই যাবলৈ ধৰে। এইখিনিতে প্ৰিয় কবি নৱকান্ত বৰুৱাদেৱৰ কবিতা “ইয়াত নদী আছিল”ৰ কথা সোঁৱৰিব পাৰি। নদীখন পাহাৰৰ পৰা নামি আহি শিলনিলৈ ৰূপান্তৰিত হোৱাই জীৱনৰ গতি স্তব্ধ হোৱাৰ নিদৰ্শন দাঙি ধৰে। মৰুভূমিয়ে লাহে লাহে নদীৰ পাৰৰ সেউজীয়াখিনিক মোহাৰি পেলায়। ঠিক তেনেদৰে, এসময়ৰ ভৰপূৰ শক্তিশালী মানুহজনো ক্ৰমাৎ শক্তিহীন হৈ মৰুভূমিৰ দৰে নিৰস হৈ পৰে।
অৱশেষত ক’ব পাৰি যে, মানুহ আৰু নদী— দুয়োৰে যাত্ৰা একেই এক চিৰন্তন সোঁতৰ কাহিনী। নদীয়ে যিদৰে বাধা নেওচি সাগৰ অভিমুখী হয়, মানুহেও তেনেদৰে সুখ-দুখৰ মাজেৰে জীৱনৰ বিয়লি বেলাত উপনীত হয়। নদীৰ পানী বাষ্প হৈ পুনৰ আকাশলৈ যোৱাৰ দৰেই, মানুহৰ নশ্বৰ দেহটোও এদিন প্ৰকৃতিৰ বুকুত বিলীন হৈ যায়; কেৱল ৰৈ যায় তেওঁলোকৰ কৰ্মৰ অৱশেষ— ঠিক যেনেকৈ নদীয়ে এৰি থৈ যায় সাৰুৱা পলস।
শেষান্তৰত স্ব-ৰচিত কবিতাৰে (নদী নাছিল,আছিল এটি জীৱন)
খিলখিলীয়া হাঁহিৰে বৈ গৈছিল জীৱন
ঠিক নদীৰ দৰে,
শেষত মাথোঁ ৰৈ গ’ল-
নদীৰ দৰে অৱশেষ ।
কত যে ঢৌ-তুলা জীৱনৰ সোঁতেৰে খেলিছিল
অয়াঙে-দয়াঙে উথলি উঠিছিল প্লাৱন,
গজি উঠিছিল তেওঁৰ খলাত যৌৱনৰ বৰ পথাৰৰ ঝাও-বন।
কিন্তু হঠাতে ধিমিত হ’ল-
চহা সপোনৰ চঞ্চল লহৰ ,
সোণ-ৰূপেৰে জিলিকা সেউজ পথাৰবোৰ
পলকতে মৰুভূমি হ’ল।
এতিয়া ইয়াত কোনো নদী নাই,
মাথোঁ আছে স্মৃতিৰ পথাৰ আৰু
এখন মৰুভূমি।।





আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ