নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধিলৈ এক বিশেষ আহ্বান
তপন পায়েং
মানুহ সামাজিক প্ৰাণী। সমাজত বসবাস কৰা মানুহৰ মাজত শৃংখলা ৰক্ষা কৰিবলৈ আৰু সমূহীয়া স্বাৰ্থ পূৰণ কৰিবলৈ যি ব্যৱস্থাৰ প্ৰয়োজন, সেয়াই হ’ল ৰাজনীতি। প্ৰাচীন গ্ৰীক দাৰ্শনিক এৰিষ্টটলৰ মতে— "মানুহ স্বভাৱগতভাৱে এক ৰাজনৈতিক প্ৰাণী।" ইয়াৰ অৰ্থ হ’ল, সমাজ অবিহনে ৰাজনীতিৰ কোনো অস্তিত্ব নাই আৰু ৰাজনীতি অবিহনে সমাজ পৰিচালনা অসম্ভৱ। বৰ্তমান অসমৰ প্ৰেক্ষাপটত উজনিৰ পৰা নামনিলৈ নিৰ্বাচনৰ বতাহ বলিছে। প্ৰতিগৰাকী প্ৰতিনিধিয়ে নিজৰ প্ৰচাৰ কাৰ্য ব্যাপকভাৱে চলাই নিয়া দেখা গৈছে। এজন সচেতন নাগৰিক হিচাপে প্ৰতিনিধিসকলৰ প্ৰতি মোৰ এক বিশেষ আহ্বান এই যে— আপোনালোকে কেৱল এটা নিৰ্দিষ্ট স্থানত আবদ্ধ থাকি বা কেৱল অনলাইন মাধ্যমেৰে প্ৰচাৰ চলাই ক্ষান্ত নাথাকিব। বৰঞ্চ, আপোনালোকৰ প্ৰচাৰ অভিযান হওক গাঁৱৰ পৰা নগৰ অভিমুখী।
আপোনালোকে সমষ্টিৰ প্ৰতিখন গাঁৱলৈ যাওক, পাৰিলে প্ৰতিটো পৰিয়ালৰ সৈতে ঘৰে ঘৰে গৈ মত-বিনিময় কৰক। এই প্ৰচাৰৰ সময়ছোৱাত কেৱল ভাষণ দিয়াৰ পৰিৱৰ্তে পৰিয়ালসমূহৰ শিক্ষাৰ হাৰ, নিবনুৱা সমস্যা, সংস্থাপনৰ স্থিতি আৰু কৃষিকাৰ্যৰ দৰে মৌলিক বিষয়বোৰ বুজ লওক। তেতিয়াহে আপোনালোকে জানিব পাৰিব যে কোনবোৰ পদক্ষেপ ল’লে প্ৰকৃত উন্নয়ন সাধিত হ’ব। মনত ৰাখিব, এচি কোঠাত বহি বা কোনো যান্ত্ৰিক চাৰ্ভেৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ সকলো কথা সঠিকভাৱে জনা সম্ভৱ নহয়। তাৰোপৰি, গাঁৱৰ আন্তঃগাঁথনি, ভঙা ৰাস্তা-ঘাট আৰু চিৰাচৰিত বানপানীৰ দৰে সমস্যাবোৰ ৰাইজৰ সৈতে বহি আলোচনা কৰক, যাতে নিৰ্বাচনত জয়ী হোৱাৰ পাছত সেইবোৰৰ স্থায়ী সমাধান কৰিব পাৰি। ৰাইজৰ সৈতে এই প্ৰত্যক্ষ যোগাযোগে 'মধ্যস্থতাকাৰী' বা 'দালাল'ৰ প্ৰয়োজনীয়তা নোহোৱা কৰিব। কাৰণ প্ৰায়েই দেখা যায় যে নিৰ্বাচিত হোৱাৰ পাছত প্ৰতিনিধি আৰু জনসাধাৰণৰ মাজত একাংশ মধ্যভোগীৰ সৃষ্টি হয়, যাৰ কবলত পৰি জনহিতকৰ আঁচনিসমূহ সোপাধিলা হৈ পৰে আৰু সমস্যাবোৰ সমস্যা হৈয়ে ৰৈ যায়। প্ৰতিনিধিসকলে যেতিয়া ৰাইজৰ সৈতে পোনপটীয়া সম্পৰ্ক স্থাপন কৰিব, তেতিয়াহে চৰকাৰী আঁচনিসমূহৰ সঠিক ৰূপায়ণ সম্ভৱ হ’ব। সকলো কাম দূৰদৰ্শনেৰে চাই সমাধান কৰিব নোৱাৰি, তাৰ বাবে নিজেই হাতে-কামে লাগিব লাগিব। তেতিয়াহে গাঁওসমূহৰ সৰ্বাংগীন উন্নয়ন হ’ব আৰু গণতন্ত্ৰৰ প্ৰকৃত উদ্দেশ্য সফল হ’ব।



আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ