তেজীমলা,কাৰ্চাং তাকাৰ ,সাপ্তাহিক জনমভূমিত প্ৰকাশিত এটি কবিতা

তপন পায়েং
0

 তেজীমলা

-কাৰ্চাং তাকাৰ


নদীৰ সিপাৰৰ পৰা মাতিছে 

তেজীমলাৰ দৰে,

অ’ আই, অফলা ঘাটৰ তেজীমলাই

দুয়োপাৰ  চাই,

নিমাতী হ’ল।

বগা সাজ পিন্ধা গুণীয়ো মাতে দিছপুৰত

দলঙে হেনো দুখন হিয়া জোৰায় ।

নিমাতীৰ বুকুত 

শ শ প্ৰতিশ্ৰুতি গজে,

নিমাতীৰ শুকান দেহা চাই হামিং হৈ আকৌ উৰা মাৰে।

দিছপুৰৰ গুণীয়ো পাহৰে

সিপাৰৰ মানুহেও সলায়

নিমাতীৰ চকুত চকুলোৰ বালিসন্দা চাই।

তেজীমলা


Post a Comment

0 Comments

আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ

Post a Comment (0)
3/related/default