তেওঁলোক তৰাৰ দৰে ,কাৰ্চাং তাকাৰ

তপন পায়েং
0

তেওঁলোক তৰাৰ দৰে -কাৰ্চাং তাকাৰ


তেওঁলোক আকাশৰ তৰাৰ দৰে— সদায় জিলিকি থকা দেখা যায়। কিন্তু এই উজ্জ্বলতাৰ আঁৰত তেওঁলোকৰ অন্তৰত কেনেধৰণৰ সংঘৰ্ষ চলি থাকে, তাৰ উমান কোনেও ল'ব নোৱাৰে। এটা কথা নিশ্চিত যে তেওঁলোকৰো নিজাকৈ দুখ থাকে, গভীৰ বিষাদ থাকে।

আমাৰ দৃষ্টিত তেওঁলোক মাথোঁ একোটা জিলিকি থকা নক্ষত্ৰ; দূৰৰ পৰা চাবহে পাৰি, বিচাৰিলেও কাষ চাপিব নোৱাৰি। তেওঁলোকৰ সমকক্ষ হোৱাৰ সামৰ্থ বা যোগ্যতাই বা আমাৰ ক’ত? যিবোৰ তৰা এসময়ত হৃদয়ৰ নিভৃত কোণত 'ভোটা তৰা' হৈ বিৰাজ কৰিছিল, আজি সেইবোৰ হয়তো আন কাৰোবাৰ আকাশৰ 'ধ্ৰুৱ তৰা'। আমি মাথোঁ দূৰৈৰ পৰা সেই তৰাবোৰৰ উৰি ফুৰা চাব পাৰোঁ, কিন্তু চুব নোৱাৰোঁ। অচিনাকি কক্ষপথত বিলীন হৈ যোৱা সেই পোহৰবোৰৰ বাবে আমাৰ বিষাদবোৰো আজি মৌন হৈ ৰৈছে। স্মৃতিৰ দাপোণত তেওঁলোক আজিও উজ্জ্বল, কিন্তু বাস্তৱৰ পৃথিৱীত তেওঁলোক মাথোঁ একোটা নোপোৱা সপোনৰ দৰে অপ্ৰাপ্য।"

শিতান

Post a Comment

0 Comments

আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ

Post a Comment (0)
3/related/default