স্মৃতিৰ কেনভাচত হেৰুৱা বসন্ত
-কাৰ্চাং তাকাৰ
বসন্তৰ আগমণত কুলিয়ে পাতৰ আঁৰত লুকাই কূউ কূউ বুলি মাতৰ লয়তে যেতিয়া কপৌফুলবোৰ ফুলি উঠিছিল, তেতিয়া আমাৰো গাত তৎ নোহোৱা হৈ পৰিছিল। শনিবৰীয়া বজাৰত নিজৰ মনে বিচৰা কাপোৰখন নোপোৱাত মাটিত বাগৰি কন্দা সেই অবুজ শৈশৱ, উৰুখা ৰাতিত সপোনবোৰ বুটলি হাতত জেতুকা লগোৱা, আৰু বিহু নৌপাওঁতেই বাট্টি(বৰদেউতা)য়ে কিনি দিয়া সৰু ঢোলটো লৈ দলহাট বজাৰত সুৰৰ লহৰ তোলা— সকলোবোৰ যেন আজি একো একোটা সপোনহে।
আচলতে, সেই মৰমৰ মানুহজন নোহোৱা হোৱাৰে পৰা জীৱনটো কৰবাত বিকলাংগ হোৱাৰ দৰে হ'ল। তেওঁৰ অবিহনে বসন্ত আহে ঠিকেই, কিন্তু সেই উছাহ যেন ক’ৰবাত হেৰাই গ’ল। আজি কুলিৰ মাতত আগৰ দৰে শিহৰণ নজাগে, জেতুকাৰ ৰঙত আগৰ দৰে গাঢ়তা বিচাৰি নাপাওঁ। বজাৰৰ ভিৰত আজিও কিবা এটা বিচাৰি ফুৰো, কিন্তু সেই হাতখনৰ উষ্ম স্পৰ্শ অবিহনে সকলো আধৰুৱা। জীৱনৰ এই বিয়লি বেলাত বুজি উঠিছোঁ যে কিছুমান মানুহ কেৱল ব্যক্তি হৈ নাথাকে, তেওঁলোক একো একোটা ঋতু হৈ আহে আৰু তেওঁলোকৰ অনুপস্থিতিয়ে গোটেই জীৱনটোক এক কৰুণ শূন্যতাৰে ভৰাই থৈ যায়॥



আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ