বাটৰুৱা ,কাৰ্চাং তাকাৰ ,দকচিৰিত প্ৰকাশিত কবিতা

তপন পায়েং
0

বাটৰুৱা ,কাৰ্চাং তাকাৰ ,দকচিৰিত প্ৰকাশিত কবিতা
ফটোৰ উৎস-জেমিনি এ আই



 বাটৰুৱা-১— তপন পায়েং

মোৰ এই যাত্ৰাৰ আৰম্ভণি ক’ত মই নাজানোঁ মোৰ এই যাত্ৰাৰ সামৰণি ক’ত তাকো নাজানোঁ — জুবিন গাৰ্গ

ভাগৰ নালাগেনে? হুলে বিন্ধা বাটত দৌৰোঁতে ভৰিত দুখ নাপায়নে? দৌৰিবতো লাগিবই— পাহাৰৰ দাঁতি-কাষৰীয়া মিচিং গাঁও নোপোৱালৈকে, আবতানিৰ মিবু আবাং নুশুনালৈকে। উশাহ চুটি হ’ব পাৰে, বুকুৰ মধ্যমা উঠা-নমা কৰিব পাৰে; ভাগৰ লাগিলে জিৰাম, কিন্তু ৰৈ নিদিওঁ।

এদিন নহয় এদিন আকাশ ফৰকাল হ’ব, ৰ’দে ৰঙ দিব, ডাৱৰীয়া বতৰবোৰ বৰষুণ হৈ আইৰ বুকুৰ শইচ শ্যামল কৰিব; এনেকৈয়েতো পকিব পিতাইয়ে ৰচা সপোনবোৰ।

বাটৰুৱা-১ কবিতাটি পঢ়িবলৈ,সাপ্তাহিক দৈনিক জনমভূমিত প্ৰকাশিত কবিতা

মই শুনিছিলোঁ, আগেয়ে মোৰ চহৰ হেনো এনে নাছিল; নাছিল কোনো পকী পথ, নাছিল সিপাৰ-ইপাৰৰ জোৰা লগোৱা দলং। পৰিৱৰ্তনৰ বাটবোৰত নতুন কাপোৰ পিন্ধোৱা কথাবোৰো তেনেই সহজ নাছিল, নাছিল আই-পিতাইৰ কোনো টোল। আই-পিতাইয়ে বাটকুৰি বাই ঘৰ-ভেটি গঢ় দি, শইচ-পথাৰৰ সোণবোৰ বুটলি বুটলি সজালে আমাৰ কাৰেং।

পিতাইয়ে কৈছিল— আমি বাটৰুৱা, আমি যাব লাগিব শেষ উশাহ সামৰালৈকে; নদীয়ে বৈ যোৱাৰ দৰে, নদীয়ে সোঁত সলনি কৰিও সাগৰক নাপাহৰাৰ দৰে। নদীৰ ভাগৰ নালাগে, নদীৰো সময়ৰ দৰকাৰ সাগৰত জাঁহ যাবলৈ; নদী কিন্তু এনেকৈয়ে বিলীন হয় সাগৰত।

কিন্তু! আমাৰ জানো মৃত্যু হ’ব পাৰে? কবিয়ে কয়— শেষান্তৰৰ শেষত মানুহৰ নতুন জনমে হয়।

বাটৰুৱা ,কাৰ্চাং তাকাৰ ,দকচিৰিত প্ৰকাশিত কবিতা




Post a Comment

0 Comments

আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ

Post a Comment (0)
3/related/default