ফটোৰ উৎস-জেমিনি এ আই
বাটৰুৱা-১— তপন পায়েং
মোৰ এই যাত্ৰাৰ আৰম্ভণি ক’ত মই নাজানোঁ মোৰ এই যাত্ৰাৰ সামৰণি ক’ত তাকো নাজানোঁ — জুবিন গাৰ্গ
ভাগৰ নালাগেনে? হুলে বিন্ধা বাটত দৌৰোঁতে ভৰিত দুখ নাপায়নে? দৌৰিবতো লাগিবই— পাহাৰৰ দাঁতি-কাষৰীয়া মিচিং গাঁও নোপোৱালৈকে, আবতানিৰ মিবু আবাং নুশুনালৈকে। উশাহ চুটি হ’ব পাৰে, বুকুৰ মধ্যমা উঠা-নমা কৰিব পাৰে; ভাগৰ লাগিলে জিৰাম, কিন্তু ৰৈ নিদিওঁ।
এদিন নহয় এদিন আকাশ ফৰকাল হ’ব, ৰ’দে ৰঙ দিব, ডাৱৰীয়া বতৰবোৰ বৰষুণ হৈ আইৰ বুকুৰ শইচ শ্যামল কৰিব; এনেকৈয়েতো পকিব পিতাইয়ে ৰচা সপোনবোৰ।
বাটৰুৱা-১ কবিতাটি পঢ়িবলৈ,সাপ্তাহিক দৈনিক জনমভূমিত প্ৰকাশিত কবিতা
মই শুনিছিলোঁ, আগেয়ে মোৰ চহৰ হেনো এনে নাছিল; নাছিল কোনো পকী পথ, নাছিল সিপাৰ-ইপাৰৰ জোৰা লগোৱা দলং। পৰিৱৰ্তনৰ বাটবোৰত নতুন কাপোৰ পিন্ধোৱা কথাবোৰো তেনেই সহজ নাছিল, নাছিল আই-পিতাইৰ কোনো টোল। আই-পিতাইয়ে বাটকুৰি বাই ঘৰ-ভেটি গঢ় দি, শইচ-পথাৰৰ সোণবোৰ বুটলি বুটলি সজালে আমাৰ কাৰেং।
পিতাইয়ে কৈছিল— আমি বাটৰুৱা, আমি যাব লাগিব শেষ উশাহ সামৰালৈকে; নদীয়ে বৈ যোৱাৰ দৰে, নদীয়ে সোঁত সলনি কৰিও সাগৰক নাপাহৰাৰ দৰে। নদীৰ ভাগৰ নালাগে, নদীৰো সময়ৰ দৰকাৰ সাগৰত জাঁহ যাবলৈ; নদী কিন্তু এনেকৈয়ে বিলীন হয় সাগৰত।
কিন্তু! আমাৰ জানো মৃত্যু হ’ব পাৰে? কবিয়ে কয়— শেষান্তৰৰ শেষত মানুহৰ নতুন জনমে হয়।


.jpg)
আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ