প্ৰজ্ঞাৰ প্ৰাঙ্গণত ঐক্যৰ আল্পনা
— কাৰ্চাং তাকাৰ
"পানী মৰে পিয়াহঁত, খুদা-ৰচুল লুকাই আছে মোমিনৰ আঁৰত।" যিদৰে এগৰাকী নিষ্ঠাবান ভক্তই ভগৱানক পাবলৈ ব্যাকুল হয়, ঠিক তেনেদৰেই জ্ঞানৰ অন্বেষণত কোনোবা হয়তো ভক্তপ্ৰাণ প্ৰহ্লাদৰ দৰে গঢ়ি উঠিছে। বহুতে ঈশ্বৰ দৰ্শনৰ আশাত নিজকে. সন্ন্যাসীৰ ৰূপত প্ৰস্তুত কৰিছে, কোনোবাই আকৌ পূজাৰী বা মৌলৱীৰ ধৰ্মীয় আৱৰণেৰে আধ্যাত্মিকতা বিচাৰিছে। কিন্তু সেই 'সমন্বয়ৰ মন্দিৰ' সদৃশ শিক্ষানুষ্ঠানৰ জ্ঞান-পিপাসুসকল হিন্দু, মুছলমান বা খ্ৰীষ্টান— যি ধৰ্মৰে নহওক কিয়, তেওঁলোকে নিজৰ ধৰ্মীয় পৰিচয়ৰ ঊৰ্ধত একাত্ম হৈ কেৱল জ্ঞানৰূপী পৰমেশ্বৰৰ সন্ধানত নিমগ্ন হৈছে। এই সাধকসকলৰ জীৱন যেন সেই জ্ঞানৰ জ্যোতিৰ অবিহনে অসম্পূৰ্ণ।
উপাসনাস্থলীত ভগৱান বা আল্লাৰ আৰাধনাৰ সুৰ আৰু শংখ বা আজানৰ পবিত্ৰ ধ্বনিয়ে যিদৰে সকলো ভক্তকে ভক্তিৰ বিশাল সাগৰলৈ আমন্ত্ৰণ জনায়; ঠিক তেনেদৰে, এই প্ৰজ্ঞাৰ মন্দিৰৰ শিক্ষাৰ্থীসকলেও এক হৈ একেই সুৰত সেই পৰম শক্তিৰ ওচৰত প্ৰাৰ্থনাত বহে। পাৰ্থক্য মাথোঁ এটাই— তেওঁলোকে ঘোষা বা নামাজ ভিন ভিনকৈ পাঠ কৰিলেও, ধৰ্মৰ সংকীৰ্ণ প্ৰাচীৰ ভাঙি একেই শাৰীত থিয় হৈ মানৱতাৰ জয়গান গায়। এই সমন্বয়ৰ ক্ষেত্ৰত তেৱেঁই মন্দিৰৰ পূজাৰী, তেৱেঁই মৌলৱী আৰু তেৱেঁই আমাৰ জীৱন নিৰ্মাতা তথা পথপ্ৰদৰ্শক— আমাৰ 'গুৰু ঈশ্বৰ'।
ভক্তই ভগৱানৰ সন্ধানত তীৰ্থে তীৰ্থে ভ্ৰমণ কৰি ফুৰে, কিন্তু প্ৰকৃততে ভগৱান আমাৰ হৃদয়ৰ কোণতেই বিৰাজমান। এই সমন্বয়ৰ মন্দিৰৰ
শিক্ষাৰ্থীসকলেও এখন শিক্ষানুষ্ঠানৰ পৰা আনখনলৈ গতি কৰে— কেৱল জ্ঞানৰূপী ভগৱানক দৰ্শন কৰাৰ দুৰ্বাৰ হেঁপাহত। তেওঁলোকৰ উদ্দেশ্য কোনো জাগতিক ক্ষমতা বা প্ৰভুত্ব লাভ কৰা নহয়, বৰঞ্চ নিজকে একোখনকৈ জ্ঞানৰ মন্দিৰ হিচাপে গঢ়ি তুলি সমাজত প্ৰতিষ্ঠিত হোৱাহে।
এই যাত্ৰাৰ সহযাত্ৰীসকল ভিন্ন প্ৰান্তৰ আৰু অলেখ। বিভিন্ন জাতি-ধৰ্মৰ এই মানুহবোৰে ভ্ৰাতৃত্ববোধৰ এক সুন্দৰ মঞ্চ গঢ়ি তুলিছে, যাৰ একমাত্ৰ লক্ষ্য হ’ল জ্ঞানৰ আলোকেৰে আলোকিত হোৱা। এই ভক্তগণে কেতিয়াও জাতি-ভেদ বা উচ্চ-নীচৰ বৈষম্য বিচাৰ নকৰে। মন্দিৰৰ পথপ্ৰদৰ্শক স্বৰূপ শিক্ষকসকলেও সকলো সংকীৰ্ণতাৰ ঊৰ্ধত থাকি নিৰপেক্ষভাৱে সকলোকে সমানে জ্ঞানৰ অমৃত বিলাই দিয়ে।
তেওঁলোক যেন এই সমন্বয়ৰ উদ্যানৰ একোপাহ সুৱাসিত ফুল। এখন ফুলনিত যিদৰে গোলাপ, তগৰ, মালতী বা জবা আদি ভিন্ন প্ৰকাৰৰ ফুল থাকে, তেওঁলোকৰ মাজতো তেনেদৰে ভিন্নতা থাকিব পাৰে। তথাপিও তেওঁলোকৰ মাজত থকা অপূৰ্ব ঐক্যই এই প্রজ্ঞাৰ মন্দিৰখনৰ সৌন্দৰ্য মনোমোহা কৰি তুলিছে। তীৰ্থযাত্ৰীৰ দৰেই এই শিক্ষাৰ্থীসকলেও সহপাঠীসকলৰ সৈতে দিগন্তৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিছে— য’ত ফুলিছে সহস্ৰ সুখ আৰু ভৱিষ্যতৰ অযুত আশা। এই মহান তীৰ্থযাত্ৰাত আমাৰ 'পাণ্ডা' বা পথপ্ৰদৰ্শক হিচাপে বিৰাজ কৰিছে আমাৰ চিৰনমস্য গুৰুসকল। গুৰুৰ আশীৰ্বাদ আৰু নিৰ্দেশনা অবিহনে জীৱনৰ এই কঠিন যাত্ৰা সঁচাকৈয়ে অসম্পূৰ্ণ।



আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ