অনিল পাদিৰ গীতত মিচিং সমাজ-জীৱনৰ প্ৰতিফলন: এটি চমু আলোকপাত
—কাৰ্চাং তাকাৰ
মিচিং সকলৰ গীতি-সাহিত্যৰ ভঁৰাল বিভিন্ন মৰ্মস্পৰ্শী গীতৰ সুৰেৰে সমৃদ্ধ। গ্ৰাম্য জীৱনৰ চিৰন্তন অনুভূতি, প্ৰকৃতি স্পৃহা, চহা ভাষাৰ প্ৰাচুৰ্য, তাৰুণ্যৰ ভাৱোচ্ছাস আৰু মিলনৰ ব্যাকুল বাসনাই মিচিং লোকগীতক এক সুকীয়া মৰ্যাদা প্ৰদান কৰিছে। চমুকৈ ক’বলৈ গ’লে, মিচিং লোকগীতবোৰ মিচিং জনজীৱনৰ একোখন জীৱন্ত দলিল। অজান ৰচয়িতা আৰু অনামী গায়কৰ কণ্ঠৰ পৰা নিগৰি আহি সাধাৰণ লোকৰ মুখে মুখে বাগৰি থকা এই গীতবোৰ যুগ-যুগান্তৰৰ প্ৰাণ-প্ৰাচুৰ্যৰে ভৰি আছে।
এনে এক সমৃদ্ধ পটভূমিত মিচিং জনগোষ্ঠীয় সংগীতৰ অন্যতম কাণ্ডাৰী অনিল পাদিৰ অৱদান বিশেষভাৱে উল্লেখনীয়। কোৱা হয় যে গীত বা কথাছবিসমূহে ইতিহাসৰ কথা কয় অথবা সমাজ-জীৱনৰ একোটা নিৰ্দিষ্ট সময়ক ধৰি ৰাখে। উদাহৰণস্বৰূপে, উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ কালজয়ী সৃষ্টি ‘মিৰি জীয়ৰী’ৰ আলমত নিৰ্মিত কথাছবিখনে মিচিং সমাজৰ পৰম্পৰাগত ৰীতি-নীতি, যেনে— ৰৃকবঃ গৃনাম, পাগব গৃনাম আৰু সাজ-পাৰৰ এক নিখুঁত ছবি দাঙি ধৰিছিল। ঠিক একেদৰে, অনিল পাদিৰ কণ্ঠৰ গীতসমূহেও মিচিং সমাজৰ পৰম্পৰা আৰু আধুনিকতাৰ দোমোজাক সুন্দৰকৈ প্ৰকাশ কৰিছে।
অনিল পাদিৰ দ্বাৰা কণ্ঠদান কৰা মিচিং বোলছবি ‘Kinsumang’ৰ শীৰ্ষক গীত **"Tagad Singi Appun"**ত মিচিং জাতিৰ প্ৰাণৰ উৎসৱ ‘আলি আঃয়ে লৃগাং’ৰ আগমনৰ লগতে ডেকা-গাভৰুৰ প্ৰেমৰ স্পন্দন শুনিবলৈ পোৱা যায়। ফাগুন অহাৰ লগে লগে মদাৰ আৰু শিমলুৰ ৰঙা ফুলে যিদৰে লৃগাঙক নিমন্ত্ৰণ জনাই জনজীৱন বাপতিসাহোন উৎসৱৰ বাবে সাজু কৰে, ঠিক তেনেদৰেই পাদিৰ এই গীতটোৱে মিচিং ডেকাসকলৰ মনত প্ৰেমৰ এক উন্মাদনা সৃষ্টি কৰে।
সাম্প্ৰতিক সময় হৈছে দ্ৰুত পৰিৱৰ্তনৰ যুগ। প্ৰকৃতিৰ বৰণ যিদৰে ঋতুভেদে সলনি হয়, ঠিক তেনেদৰে মিচিং সমাজৰ সংস্কৃতি আৰু সাজ-পাৰতো পৰিৱৰ্তনৰ ছাঁ পৰা দেখা গৈছে। বৰ্তমানৰ নৱপ্ৰজন্মই স্বকীয় সাজ-পোছাকৰ পৰিৱৰ্তে পাশ্চাত্য সংস্কৃতিৰ প্ৰতি অধিক আকৰ্ষিত হোৱা দেখা যায়। ‘এগে-গাছৰ’ৰ সলনি নগৰীয়া জীৱনৰ আৰ্হিত জিন্স-লংপেন্ট পৰিধান কৰা প্ৰৱণতাৰ কথা অনিল পাদিৰ গীততো প্ৰকাশ পাইছে। ‘Kinsumang’ ছবিৰে "Tuladkang" শীৰ্ষক গীতটিত মিচিং কনেঙক জোকোৱাৰ ছলেৰে সমাজত ঘটা সাজ-পোছাকৰ এই ধাৰা পৰিৱৰ্তনক বৰ আমোদজনকভাৱে উনুকিয়াই যোৱা হৈছে।
আনহাতে, ‘Médír Miksi’ কথাছবিৰ অন্তৰ্গত জনপ্ৰিয় ঐনিঃতম **"Ane’ Kekon"**ত মিচিং নৈপৰীয়া জীৱনৰ এক কৰুণ অথচ বাস্তৱিক ছবি ফুটি উঠিছে। এসময়ত সোৱণশিৰি, ৰঙানদী আদিৰ পাৰবোৰ আছিল ডেকা-গাভৰুৰ প্ৰেমৰ মিলনস্থলী। নদীয়ে যিদৰে বানৰ সময়ত মিচিং মানুহৰ ভেটি খহাই লৈ যায়, ঠিক তেনেদৰে কোনোবা ‘কাংকান কায়ুম’ৰ (প্ৰেমিকা) চেনেহৰ আতিশয্যই ডেকাৰ হৃদয়ো তচনচ কৰি পেলায়। নদী আৰু মানুহৰ এই নিবিড় সম্পৰ্ক অনিল পাদিৰ গীতৰ এক মূল আধাৰ।
বৰ্তমান সময়ত আমাৰ মাজৰ পৰা মানৱীয় আন্তৰিকতা লাহে লাহে হ্ৰাস পাবলৈ ধৰিছে। কৃত্ৰিমতাৰ ধাৱমান সোঁতত ইজনে সিজনৰ প্ৰতি থকা শ্ৰদ্ধা আৰু মৰমবোৰ যেন ক্ষয় হৈছে। এনে এক পৰিৱেশত অনিল পাদিৰ গীতবোৰে আমাক পুৰণি সেই নিভাঁজ এনাজৰীৰ কথা সোঁৱৰাই দিয়ে। ‘Sé Mo:dísé Sékkén’ বোলছবিৰ "Gimur Po:lodo" গীতটোত তাহানিৰ অকৃত্ৰিম চেনেহ আৰু আন্তৰিকতাৰ ছবিখন অতি সুন্দৰকৈ অংকন কৰা হৈছে। আজিকালিৰ উৎসৱবোৰত বাহ্যিক আড়ম্বৰতা বা চহকী ভাব থাকিলেও, পুৰণি সেই নিভাঁজ আৰু আন্তৰিক আৱেগবোৰ যেন ক’ৰবাত হেৰাই গৈছে। অনিল পাদিৰ গীতসমূহে সেই হেৰাই যোৱা শৈশৱ আৰু সমাজৰ সুবাস বিলাই আমাক নিজৰ শিপাৰ কথা সোঁৱৰাই থাকে। 
বিজ্ঞাপন(আপুনি পাৰিব)
আঁচলতে তেওঁৰ গীতসমূহ আমাৰ মিচিঁ জনজীৱনৰ ইতিহাসৰ দলিল। তেওঁৰ গীতসমূহ কেৱৱল গীত হৈ থকা নাই বৰ্তমান সময়ৰ বাবে তথা ভৱিষ্যতৰ বাবে এটা ইতিহাসৰ সমল । তেওঁৰ গীতৰ সাৰমৰ্মৰ কথা কৈ শেষ কৰিব নোৱাৰি। তেওঁৰ গীতসমূহে তেখেতক সদায় জীয়াই ৰাখিব।




আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ