নিয়ৰ ©কাৰ্চাং তাকাৰ
।। চৌ-চৌ।।
"পাহাৰৰ পৰা নামি অহাৰ পিছত নৈখনে হয়তো কেইবাদিন বা কেইবাবছৰলৈ একেই সোঁতত ব’ব; কিন্তু এদিন এই বোঁৱতী নৈয়েই নিজৰ গতি সলাব— যেতিয়া নদীৰ গৰ্ভৰ পৰিৱৰ্তন হ’ব নাইবা ই শুকাই মৰুভূমি হ’ব। ঠিক একেদৰেই মানুহৰ জীৱনলৈও নতুন মানুহৰ আগমন ঘটে। এই নতুন মানুহজন যদি পুৰণিতকৈ বহুত বেছি চহকী বা প্ৰতিষ্ঠিত হয়— যাৰ টকা আছে, চাকৰি আছে, মুঠতে আকৰ্ষণ কৰিব পৰা কিবা নহয় কিবা এটা আছে, তেন্তে মানুহৰ মনৰ সোঁত সলনি হ’বলৈ পলম নালাগে।
নদীয়ে সদায় বিকল্প সাঁচি ৰাখে; পুৰণি সোঁত শুকাই চিৰাল ফাট মেলিলে, এই নদীৰ উপচি পৰা বুকুক আকোঁৱালিবলৈ যেনেকৈ অজস্ৰজনে শাৰী পাতি ৰৈ থাকে, ঠিক তেনেকৈ সুবিধাবাদী মানুহবোৰেও নতুনৰ সন্ধানত বাট চাই থাকে। এনেদৰেই পুৰণি মানুহজনেই হওক বা নদীৰ পুৰণি গৰ্ভই হওক, নতুনৰ আগমণৰ লগে লগে সি অস্তিত্বহীন হৈ পৰে। আপুনি ইয়াক ধৰি ৰাখিবলৈ যিমানেই মথাউৰি নামাৰক কিয়, কোনোবা এটা দিনত আলি ভাঙি সি অন্য এটা নতুন সোঁতৰ সৈতে বিলীন হ’বই।"
।। বিকল ।।
"টকা অবিহনে কোনো মানুহ ধুনীয়া নহয়, আৰু এই সৌন্দৰ্যক কেৱল ধনেৰেহে সংজ্ঞা দিব পাৰি। দূৰৈৰ পৰা বস্তুবোৰৰ জাকজমকতা চাই তাৰ জুতি ল’ব নোৱাৰাসকল হ’ল আচলতে আৰ্থিকভাৱে অসামৰ্থ্যবান লোক। আজিকালি ভৰি, কাণ, চকু বা হাত নথকাসকল পংগু বা বিকলাংগ নহয়; প্ৰকৃত বিকলাংগ হৈছে সেইসকলহে—যাৰ জেপত টকা নাই।"



আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ