মানুহ জন্ম হয় ইয়াতেই, মৃত্যুও হয় ইয়াতেই,কাৰ্চাং তাকাৰ

তপন পায়েং
0

 মানুহ জন্ম হয় ইয়াতেই, মৃত্যুও হয় ইয়াতেই

— কাৰ্চাং তাকাৰ

তেতিয়াহলে ইয়াৰ পৰাই আৰম্ভ কৰোঁ জীৱন সলোৱাৰ নতুন কথা-কাহিনীৰ,

উদীৰ বহুদিনে পুৰাতনৰ নৰীয়াত পৰা সেউতাৰ অভিমানৰ বানত ডুব যোৱা

আইৰ আঁচলৰ চোতালত থকা বিধৱাৰ কথাকেই কওঁ নে আন পয়মাল ৰোমাঞ্চকৰ কথাকেই কওঁ।

লিখা হ’ল নেকি কবিতা? গোৱা হ’ল নেকি ৰাইজৰ বাবে এটি নতুন গীত।

অঁকৰা হ’ল ৰাইজৰ পথাৰ, নগজা হ’ল দেউতাৰ সোণৰ পাহাৰ

সুধি আহে বজাৰ-পথাৰৰ মানুহে— তাত নগজা ওলকচু-ৰঙালাওৰ কাবান শুনি।

কথাবোৰ কেনেকৈ খুলি কওঁ, দুখৰ আগৰাতিত বাস কৰা ভেঁজাল হাঁহিৰ নিবনুৱাৰ কথাক?

মানুহ জনম লৈয়ে আছে, জীয়াই থাকিও মৰি গৈছে— তাৰো যে হিচাপ নাই।

কি বুলি ক’ম— নিজৰ কথাক, নিজৰ আত্ম পৰিচয়ক,

এন্ধাৰত যে নিজৰ ছাঁক দেখি ভয়ত যে লুকাই থাকোঁ নে পয়ালগা হাঁহিৰ কথাকে কওঁ?

মানুহে ক’য়— যি হ’য় ভালৰ বাবে হ’য়!

তেতিয়াহলে এই ভাল দিনটো ক’ত?

মানুহ গ’ল, মানুহ সলনি হ’ল, প্ৰতিনিধি সলনি হ’ল,

আই-পিতাইৰ চুলি বগা হ’ল কিন্তু এই ভাল দিন ক’তো পোৱা ন’গল।

বিচাৰি নাপাওঁ তেনেই মানুহ! তেতিয়াহলে মানুহখিনি ক’লৈ গ’ল?

আছেনে ক’ৰবাত নমৰি জীয়াই থকা মাটিৰ  মানুহ?

মঙ্গলময়


মানুহ জন্ম হয় ইয়াতেই মৃত্যু হয় ইয়াতেই


Post a Comment

0 Comments

আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ

Post a Comment (0)
3/related/default