অসমৰ জৈৱ-বৈচিত্ৰ্যত নতুন সংযোজন: “চাইৰট’ডেক্টাইলাছ ৰাইমোনা এনচিছ’’-নিয়মীয়া বাৰ্তা বিশ্ববিচিত্ৰাত প্ৰকাশিত লেখা
-তপন পায়েং
প্ৰাকৃতিক সম্পদ আৰু জৈৱ-বৈচিত্ৰ্যৰ ভঁৰাল হিচাপে খ্যাত অসমৰ বুকুত শেহতীয়াকৈ গৱেষকসকলে এক নতুন প্ৰাণী আৱিষ্কাৰ কৰিছে। এই আৱিষ্কাৰে অসমৰ জৈৱ-বৈচিত্ৰ্যত নতুন মাত্ৰা প্ৰদান কৰাৰ লগতে বিশ্বৰ প্ৰকৃতিপ্ৰেমী আৰু বিজ্ঞানীসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে। এই নৱতম সংযোজনটো হৈছে এটা বিশেষ প্ৰজাতিৰ 'বেণ্ট-টো’ড জেঠী' (Bent-toed gecko), যাক গৱেষকসকলে 'চাইৰট’ডেক্টাইলাছ ৰাইমোনা এনচিছ' (Cyrtodactylus raimonaensis) নামেৰে নামকৰণ কৰিছে।
![]() |
| Cyrtodactylus raimonaensis |
এই জেঠীবিধৰ আটাইতকৈ আকৰ্ষণীয় বৈশিষ্ট্য হৈছে ইয়াৰ “ধেনুভিৰীয়া বা বেঁকা আঙুলি”। জেঠীটোৰ এই বেঁকা আঙুলিবোৰে প্ৰাণীটোৰ বিৱৰ্তনৰ অভিযোজনৰ সংকেত বহন কৰে, যাৰ সহায়ত ই বৰ্ষাৰণ্যৰ থিয় শিলৰ গাত আৰু শেলাইৰে আৱৰা গছৰ কাণ্ডত অতি সহজে বগাব পাৰে। এজন প্ৰাপ্তবয়স্ক জেঠীৰ মুঠ দৈৰ্ঘ্য প্ৰায় ৭১.১ মিলিমিটাৰ। আনহাতে, শত্ৰুৰ পৰা হাত সাৰি চলিব পৰাকৈ ই ছদ্মবেশ ধাৰণ কৰিব পাৰে; ইয়াৰ গাৰ ৰং আৰু পিঠিৰ সৰু সৰু গুটিৰ দৰে অংশবোৰে ইয়াক বননিৰ মাজত লুকাই থকাত সহায় কৰে।
পৰিস্থিতি তন্ত্ৰত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে গৱেষকসকলে জনাইছে যে এই প্ৰজাতিটোৱে প্ৰাকৃতিকভাৱে কীট-পতংগ নিয়ন্ত্ৰণত সহায় কৰে। তদুপৰি, কোনো এটা অঞ্চলত এনে নতুন প্ৰজাতিৰ উপস্থিতি সেই বনাঞ্চলখনৰ সুস্থ পৰিৱেশ তন্ত্ৰৰ পৰিচায়ক।
সাম্প্ৰতিক সময়ত বনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনৰ দৰে সংকটবোৰে পৃথিৱীৰ বুকুত জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। এনে পৰিপ্ৰেক্ষিতত ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত হোৱা এই নতুন আৱিষ্কাৰে আমাক আশাবাদী কৰি তুলিছে। ই কেৱল এটা নতুন প্ৰজাতিৰ তথ্যই নহয়, বৰঞ্চ আমাৰ অনন্য প্ৰকৃতিৰ সংৰক্ষণৰ আৱশ্যকতাৰ এক শক্তিশালী সোঁৱৰণী। 'চাইৰট’ডেক্টাইলাছ ৰাইমোনা এনচিছ'ৰ দৰে বিৰল প্ৰাণীবোৰ আমাৰ প্ৰকৃতিৰ একো একোটা অমূল্য সম্পদ। গতিকে, চৰকাৰ আৰু সচেতন নাগৰিক হিচাপে আমি সকলোৱে মিলি এই বিৰল জৈৱ-সম্পদসমূহ সুৰক্ষিত কৰি ৰখাৰ সংকল্প লোৱাটো আজিৰ সময়ৰ এক অপৰিহাৰ্য আহ্বান।


.jpg)

আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ