লৌহিত্যা
-কাৰ্চাং তাকাৰ
পুহৰ নিশাত জাৰত ঠেটুৱৈ হৈ থকা
শক্তি ৰঞ্জন মৌন মোৰ কামনা
তোমাৰ গানৰ ৰাগিনীত সুৰ তোলে চেঁচা হোৱা বাহী
দেউ-দি-দেউ-দি
পাহাৰৰ শিখৰত ৰৈ পেপা বজায়
ঈষৎ ৰঙা ওঁঠেৰে
বৈ যায় লৌহিত্যা হৈ
পাহাৰ চুই খহাই খহাই
জিৰায় ছিৰাল ফাটা গৰ্ভত
শক্তি-ৰঞ্জিতেৰে
গজি উঠে অসংখ্য বন।।
আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ