শিক্ষাৰ স্বাধীনতা আছেনে?

তপন পায়েং
0

 

শিক্ষাৰ স্বাধীনতা আছেনে?

শিক্ষাৰ স্বাধীনতা আছেনে?

— তপন পায়েং,৬০০২০৭৬৮৮৬

১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে দীৰ্ঘদিনীয়া পশুপাল আৰু ঔপনিৱেশিক শাসনৰ অন্ত পেলাই স্বাধীনতা লাভ কৰে। কিন্তু স্বাধীনতাৰ ৭৯ টা দিৱস অতিক্ৰম কৰাৰ পিছতো সমাজৰ প্ৰতিটো স্তৰত প্ৰকৃত স্বাধীনতা সংৰক্ষিত হৈ আছনে— এই প্ৰশ্নই আজিও জন-গণক দোমাজাত পেলায়। সামাজিকভাৱেই হওক বা অৰ্থনৈতিকভাৱেই হওক, স্বাধীনতাৰ সুফল এতিয়াও বহু দৰিদ্ৰ আৰু শ্ৰমজীৱী শ্ৰেণীৰ বাবে দূৰৈৰ বিষয় হৈয়েই আছে।

            ভাৰতীয় সংবিধানখন ১৯৪৯ চনৰ ২৬ নৱেম্বৰত আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হয়। প্ৰায় দুবছৰ এঘাৰ মাহ ওঠৰ দিনৰ কষ্টসাধ্যত প্ৰচেষ্টাৰ অন্তত  এই সংবিধানৰ প্ৰস্তাৱনাই ভাৰতক এখন সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক গণৰাজ্য হিচাপে গৌৰৱ অনুভৱ কৰাইছে বিশ্বৰ আন ৰাষ্ট্ৰসমূহৰ আগত । মূল সংবিধানৰ প্ৰস্তাৱনাত 'সমাজবাদী' শব্দটো প্ৰথম অৱস্থাত নাছিল যদিওঁ; ১৯৭৬ চনৰ ৪২ নং সংবিধান সংশোধনী আইনৰ জৰিয়তে ইয়াক অন্তৰ্ভুক্ত কৰা হয়। সমাজবাদৰ মূল দৰ্শন হ’ল— দেশৰ প্ৰতিগৰাকী নাগৰিকৰ মাজত আয়, সুযোগ, মৰ্যাদা আৰু জীৱন-ধাৰণৰ মানদণ্ডৰ বৈষম্য দূৰ কৰা। একেদৰে সংবিধানৰ ২১(ক) অনুচ্ছেদ মতে ৬ ৰ পৰা ১৪ বছৰ বয়সলৈকে বাধ্যতামূলক আৰু বিনামূল্যে শিক্ষা লাভ কৰাটো প্ৰতিজন শিশুৰ মৌলিক অধিকাৰ। কিন্তু প্ৰশ্ন হয়— উচ্চ শিক্ষা বা বৃত্তিগত শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ এই স্বাধীনতা বা সমতা কিমান দূৰ বাস্তৱায়িত হৈছে? শেহতীয়াভাৱে অসম বিধানসভাত এজন বিধায়কে শিক্ষা সম্পৰ্কীয় এটি বিষয় উত্থাপন কৰিছিল-কোনো এজন ছাত্ৰৰ আৰ্থিক সমস্যাই ছাত্ৰৰ শিক্ষাৰ ক্ষেত্ৰত এঙাৰ হ’ব নোৱাৰে? অৰ্থনৈতিক প্ৰতিবন্ধকতা কেতিয়াও এজন মেধাৱী ছাত্ৰ-ছাত্ৰীৰ বিকাশৰ পথত বাধা হ’ব নালাগে। উদাহৰণস্বৰূপে, বি.এড. (B.Ed.) বা অন্যান্য পেছাদাৰী নামভৰ্তিৰ কথাকে চাওঁক।ৰাজ্যিক প্ৰৱেশ পৰীক্ষাত কঠোৰ পৰিশ্ৰম কৰি উত্তীৰ্ণ হোৱাৰ পাছতো বহু ছাত্ৰ-ছাত্ৰী কেৱল নামভৰ্তিৰ মাচূল দিব নোৱাৰাৰ বাবে পঢ়া-শুনা ত্যাগ কৰিবলৈ বাধ্য হয়। যিটো দুখীয়া পৰিয়ালে চৰকাৰৰ 'অৰুণোদই' আঁচনিৰ ১২৫০ টকাৰ সহায়ত এমাহৰ ঘৰুৱা খৰচ চলায়, সেই পৰিয়ালৰ বাবে এমুঠা ধন অৰ্থাৎ ২৫-৩০ হাজাৰ টকা একোটা কোৰ্চৰ নামভৰ্তিত ব্যয় কৰাটো অসম্ভৱ। ব্যক্তিগত প্ৰতিষ্ঠানসমূহৰ কথা নকলেই ভাল। যেতিয়া এজন ছাত্ৰই মেধা থকা সত্ত্বেও কেৱল অৰ্থৰ অভাৱত নিজৰ সপোন জলাঞ্জলি দিবলগীয়া হয়, তেতিয়া সংবিধানৰ সমাজবাদী ধাৰণা আৰু জনকল্যাণকাৰী ৰাষ্ট্ৰৰ মূল উদ্দেশ্য প্ৰশ্নবোধক হৈ পৰে। ইফালে, অসম চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে 'নিযুত মইনা', 'নিযুত বাবু' আৰু 'জীৱন প্ৰেৰণা'ৰ দৰে বহুকেইখন প্ৰশংসনীয় আৰু প্ৰগতিশীল আঁচনি গ্ৰহণ কৰিছে। এই প্ৰচেষ্টাসমূহে নিঃসন্দেহে দৰিদ্ৰ শিক্ষাৰ্থীক সকাহ দিছে। কিন্তু কেৱল আৰ্থিক অনুদান দিয়াই যথেষ্ট নহয়; বি.এড., কাৰিকৰী আৰু অন্যান্য ডিপ্লমা কোৰ্চসমূহৰ মাচূলৰ এটি উৰ্ধসীমা (Fee Ceiling) চৰকাৰীভাৱে নিৰ্ধাৰণ কৰাটো অত্যন্ত জৰুৰী।নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়েও (NEP) সমতাপূৰ্ণ আৰু গুণগত শিক্ষাত গুৰুত্ব দিছে। গতিকে কেৱল কাগজ-কলমে 'সমাজবাদ' বা 'শিক্ষাৰ অধিকাৰ'ৰ কথা লিখি থলেই নহ’ব। যেতিয়ালৈকে মাচূলৰ বোজাই মেধাৱী দৰিদ্ৰ শিক্ষাৰ্থীৰ সপোন ভৰিৰে মোহাৰি থাকিব, তেতিয়ালৈকে শিক্ষাৰ প্ৰকৃত স্বাধীনতা অসম্পূৰ্ণ হৈয়েই ৰ’ব।

 

Post a Comment

0 Comments

আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ

Post a Comment (0)
3/related/default