ক্লিক কৰাৰ আগতে সাৱধান! এয়াই ডিজিটেল সুৰক্ষা
-তপন পায়েং
তাহানিতে বাৰ্তাসমূহ পঠিয়াবলৈ কেইবাসময়ৰ প্ৰয়োজন হৈছিল। প্ৰযুক্তিৰ ক্ৰমবৰ্ধমান বিকাশত সাত সাগৰ তেৰটা নদীৰ দূৰত্ব যেন এতিয়া এটা নদীৰ সিপাৰ-ইফাৰ। চকুৰ পলকতে বিশ্বৰ প্ৰতিটো কোনৰ পৰা খবৰসমূহ পাব পৰা হৈছে। বিজ্ঞান-প্ৰযুক্তি লাহে লাহে মানৱ জীৱনৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে। ইন্টাৰনেট আৱিষ্কাৰ হোვাৰ পাছতে সামাজিক মাধ্যম বা চছিয়েল মিডিয়ায়ো বিকাশ লাভ কৰিলে। চকুৰ পলকতে ইন্টাৰনেটৰ মজিয়াত নতুন নতুন সামাজিক মাধ্যমৰ মুখ দেখিবলৈ পোৱা যায়; যেনে— WhatsApp, Facebook, Instagram, YouTube ইত্যাদি। সামাজিক মাধ্যমবোৰে মানৱ জীৱনত যেনেকৈ উৎকৰ্ষ সাধন কৰিছে, তাৰ বিপৰীতে কিছু নেতিবাচক দিশো যথেষ্টভাৱে বিস্তাৰিত হৈছে।৷বৰ্তমানৰ প্ৰেক্ষাপটত যুৱপ্ৰজন্মৰ মাজত আটাইতকৈ ব্যবহৃত সামাজিক মাধ্যমবোৰ হ’ল— ফেচবুক, ইউটিউব আৰু ইনষ্টাগ্ৰাম। এই সামাজিক মাধ্যমসমূহৰ প্ৰতি অতিমাত্ৰা আসক্ত হোৱাৰ এটা প্ৰধান কাৰণ হ’ল— অৰ্থ উপাৰ্জন। এচাম ইনফ্লুয়েঞ্চাৰৰ টকা অৰ্জন কৰা লালসা দেখি বহুতে নিজকে কণ্টেণ্ট নিৰ্মাতা হিচাপে জঢ়িত কৰিছে। ইয়াৰে কিছুমানে চমু ৰাস্তা অৱলম্বন কৰি সামাজিক মাধ্যমৰ অপব্যৱহাৰ কৰাও দেখা গৈছে। আনহাতে, সামাজিক মাধ্যমত ফ’ল’ৱাৰ্ছ বৃদ্ধিৰ স্বাৰ্থত নকাৰাত্মক বা অসংযত কণ্টেণ্ট নিৰ্মাণ কৰাও পৰিলক্ষিত হয়। উদাহৰণস্বৰূপে— ইনষ্টাগ্ৰামত একাংশই আকৰ্ষণ বা চৰ্চাত থাকিবলৈ অনুপযুক্ত বা অৰ্ধ-নগ্ন ছবি/ভিডিঅ' আপলোড কৰাৰ ফলত ছাইবাৰ অপৰাধ বা বিভিন্ন বিপদৰ সন্মুখীন হ’বলগীয়া হৈছে। যিহেতু সামাজিক মাধ্যম মুকলি আকাশৰ দৰে, ইয়াত ভালৰ লগতে বেয়া দিশো প্ৰচুৰভাৱে আছে। সামাজিক মাধ্যমৰ বিপদসমূহ হ’ল— কোনো ছাইবাৰ অপৰাধীয়ে ভুৱা একাউণ্টৰ জৰিয়তে মানুহক ঠগোৱা, ফিশ্বিং লিংক পঠিয়াই বেংক একাউণ্ট খালী কৰা আৰু লটাৰীৰ প্ৰলোভনেৰে ধন আত্মসাৎ কৰা ঘটনা নিতৌ ঘটি আছে। এইখিনিতে চমুকৈ ক’বল গ’লে— ফিশ্বিং মানে হ’ল ভুৱা লিংক বা মেছেজ প্ৰেৰণ কৰি ব্যৱহাৰকাৰীৰ ইউজাৰ আইডি, পাছৱৰ্ড বা অ.টি.পি. (OTP) সংগ্ৰহ কৰি বেংক একাউণ্টৰ পৰা ধন চুৰি কৰা। ইয়াৰোপৰি, সামাজিক মাধ্যমত মানুহক উপহাস কৰা, কটূক্তি কৰা বা ট্ৰ’ল কৰাৰ প্ৰৱণতা বৃদ্ধি পাইছে। ইয়াৰ ফলত আক্ৰান্ত ব্যক্তিজনে গভীৰ মানসিক অৱসাদ আৰু হীনমন্যতাত ভোগে। বহুতে নিজৰ ব্যক্তিগত ফটো বা তথ্য মুকলিকৈ প্ৰকাশ কৰে, যাক অপৰাধীয়ে অপব্যৱহাৰ কৰি ব্লেকমেইল কৰে। সত্যতা নপৰীক্ষাকৈ ভুৱা খবৰ ভাইৰেল কৰি দিয়াৰ ফলত সমাজত সাম্প্ৰদায়িক উত্তেজনা, হিংসা আৰু বিশৃংখলাৰ সৃষ্টি হয়। তাৰোপৰি, এচাম লুভীলোকে সামাজিক মাধ্যমত কণ-কণ শিশুৱে চাব নোৱাৰাকৈ অশ্লীল শব্দ বা গালাগালি ব্যৱহাৰ কৰি সামাজিক পৰিৱেশ বিনষ্ট কৰাও দেখিবলৈ পোৱা গৈছে। অত্যাধিক সামাজিক মাধ্যম ব্যৱহাৰে আমাৰ কৰ্মক্ষমতা হ্ৰাস কৰাৰ লগতে বাস্তৱ জগতৰ পৰা আঁতరাই নিয়ে আৰু একাকীত্বৰ সৃষ্টি কৰে। সামাজিক মাধ্যমৰ এই বিপদসমূহৰ পৰা হাত সাৰিবলৈ আমাক কেৱল চৰকাৰী নিয়মৰেই নহয়, আমাৰ নিজৰ ব্যক্তিগত সজাগতা আৰু দায়িত্ববোধৰ অতি প্ৰয়োজন। ব্যক্তিগতভাৱে কৰিব পৰা কামসমূহ হ’ল—আমি ব্যৱহাৰ কৰা সামাজিক মাধ্যম এপ্লিকেচনসমূহৰ প্ৰাইভেচী ছেটিং মজবুত ৰাখিব লাগে, যাতে অচিনাকী মানুহে ব্যক্তিগত তথ্য বা ফটো দেখা নাপায়।একাউণ্ট সুৰক্ষিত কৰিবলৈ শক্তিশালী আৰু জটিল পাছৱৰ্ড ব্যৱহাৰ কৰিব লাগে আৰু 'টু-ফেক্টৰ অথেন্টিকেচন' অন কৰি ৰাখিলে হেক হোৱাৰ সম্ভাৱনা নাথাকে।WhatsApp বা অন্যান্য মাধ্যমত অচিনাকী ব্যক্তিয়ে প্ৰেৰণ কৰা চন্দেহজনক লিংক বা প্ৰলোভনমূলক বাৰ্তা (যেনে- ফ্ৰী ৰিচাৰ্জ লিংক) গ্ৰহণ বা ক্লিক কৰা উচিত নহয়।সামাজিক মাধ্যমৰ যিকোনো খবৰ সত্যতা পৰীক্ষা নকৰাকৈ শ্বেয়াৰ কৰাৰ পৰা বিৰত থাকিব লাগে।শিশুসকলে চাব বা শুনিব নোৱাৰা অনুপযুক্ত কণ্টেণ্ট দেখিলে তৎক্ষণাৎ ব্লক আৰু ৰিপ’ৰ্ট কৰিব লাগে।
সামাজিক মাধ্যম নিজেই কোনো বেয়া বস্তু নহয়, ই আমাৰ হাতৰ এখনি দুধাৰী তৰোৱাল সদৃশ। ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰিলে ই আমাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰে, আনহাতে অসচেতনভাৱে ব্যৱহাৰ কৰিলে নিজৰ লগতে সমাজৰো সৰ্বনাশ মাতি আনিব। সেয়ে আহক, আমি প্ৰতিজন নাগৰিকে ছচিয়েল মিডিয়া ব্যৱহাৰ কৰোঁতে দায়িত্বশীল হওঁ আৰু "প্ৰথমে ভাবক, তাৰ পাছতে শ্বেয়াৰ কৰক" এই নীতি অৱলম্বন কৰি এখন সুৰক্ষিত তথা স্বাস্থ্যকৰ ডিজিটেল সমাজ গঢ়ি তুলোঁ।

.gif)
আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ