আধুনিক বিশ্বৰ নতুন সংকট“জৈৱ-সন্ত্ৰাসবাদ’’-তপন পায়েং,নিয়মীয়া বাৰ্তা

তপন পায়েং
0

 

Bioterrorsism
Bioterrorsism

আধুনিক বিশ্বৰ নতুন সংকট“জৈৱ-সন্ত্ৰাসবাদ’’

-তপন পায়েং

কোনো ধৰ্মীয়, ৰাজনৈতিক, সামাজিক বা আদৰ্শগত উদ্দেশ্যত উপনীত হ’বলৈ সাধাৰণ নাগৰিক, চৰকাৰ বা সমাজৰ মাজত ভয়, ত্ৰাস আৰু আতংকৰ সৃষ্টি কৰাৰ বাবে কৰা ইচ্ছাকৃত হিংসাত্মক কাৰ্যই হৈছে সন্ত্ৰাসবাদ। সন্ত্ৰাসবাদ গঢ়ি তোলাৰো বিভিন্ন কাৰ্যপদ্ধতি বা প্ৰকাৰ থাকে; এইসমূহ হ’ল— ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ, আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ, ৰাষ্ট্ৰপৃষ্ঠপোষিত সন্ত্ৰাসবাদ আৰু চাইবাৰ সন্ত্ৰাসবাদ।

বৰ্তমান প্ৰেক্ষাপটত আটাইতকৈ চৰ্চিত হৈ থকা এক নতুন আৰু ভয়াৱহ আতংক হ’ল জৈৱ-সন্ত্ৰাসবাদ। এই সন্ত্ৰাসত কোনো ধৰণৰ বন্দুক বা বোমা ব্যৱহাৰ নকৰাকৈ কেৱল অদৃশ্য জীৱাণুৰ জৰিয়তে ব্যাপক ধ্বংসলীলা চলাব পাৰি। প্ৰকৃততে, মানুহ, জীৱ-জন্তু আৰু উদ্ভিদৰ মাজত ভাইৰাছ, বেক্টেৰিয়া, ভেঁকুৰ বা বিভিন্ন বিষাক্ত দ্ৰব্য ব্যৱহাৰ কৰি কৰা মৰণাত্মক আক্ৰমণেই হ’ল জৈৱ-সন্ত্ৰাসবাদ। উদাহৰণস্বৰূপে, গোলকীয় মহামাৰী ক’ভিদ-১৯ (COVID-19)-ৰ ভয়াৱহতাকে ইয়াৰ এক প্ৰকাৰ বুলি বহুতে উনুকিয়াব খোজে।

জৈৱ-সন্ত্ৰাসবাদে মানৱ সমাজলৈ অভূতপূৰ্ব ভাবুকিৰ সৃষ্টি কৰিছে। এই জীৱাণুসমূহৰ প্ৰথম বৈশিষ্ট্য হ’ল— ইহঁত অদৃশ্য আৰু শান্ত, অৰ্থাৎ খালী চকুৰে দেখা পোৱা নাযায় বাবে ইয়াৰ প্ৰাৰম্ভিক উপস্থিতি ধৰা পেলোৱাটো অতি কঠিন। দ্বিতীয়তে, ইয়াৰ এক ‘ইনকুবেচন পিৰিয়ড’ থাকে; অৰ্থাৎ বীজাণু এটা দেহত প্ৰৱেশ কৰাৰ পৰা লক্ষণ দেখা দিয়ালৈকে এক নিৰ্দিষ্ট সময়ৰ প্ৰয়োজন হয়। ইয়াৰ সুযোগ লৈ আক্ৰমণকাৰীয়ে সহজে পলায়ন কৰিব পাৰে আৰু আক্ৰমণৰ কথা বহু পলমকৈহে ধৰা পৰে। ইয়াৰ উপৰি, এই জীৱাণুসমূহে বায়ুমণ্ডল বা মানুহৰ দেহত প্ৰৱেশ কৰি অতি কম সময়ৰ ভিতৰতে নিজৰ প্ৰতিরূপ সৃষ্টি কৰি দ্ৰুত বংশবৃদ্ধি কৰিব পাৰে, যাৰ ফলত এটা বৃহৎ অঞ্চল নিমিষতে মহামাৰীৰ কবলত পৰে।

ইতিহাসৰ পাত লুটিয়ালে দেখা যায় যে এই জৈৱ-সন্ত্ৰাসবাদ একেবাৰে নতুন নহয়। ১৩৪৬ চনৰ কাফা যুদ্ধত প্লেগ ৰোগৰ জীৱাণু ব্যৱহাৰ কৰা হৈছিল। পৰৱৰ্তী সময়ত আমেৰিকাৰ ১০ খনকৈ ৰেষ্টুৰেণ্টৰ খাদ্যত চালমনেলা জীৱাণু মিলাই ৭৫০ জনতকৈও অধিক লোকক অসুস্থ কৰা হৈছিল। ঠিক তেনেদৰে, ২০০১ চনত আমেৰিকাত ডাকযোগে এনথ্ৰাক্স পাউদাৰ প্ৰেৰণ কৰি কৰা জৈৱ-বিস্ফোৰণবোৰ আছিল আচলতে একো একোটা জৈৱ-সন্ত্ৰাসবাদী কাৰ্য।

বৰ্তমান সময়ত জৈৱ-সন্ত্ৰাসবাদে ভাৰতবৰ্ষৰ দৰে দেশলৈ এক ডাঙৰ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে। ভাৰত বৰ্ষ বিশ্বৰ আটাইতকৈ জনবহুল দেশ হোৱাৰ বাবে ইয়াৰ প্ৰতি বৰ্গ কিলোমিটাৰত থকা অত্যধিক জনবসতিৰ মাজত যিকোনো সংক্ৰামক ৰোগ অতি দ্ৰুতগতিত বিয়পি পৰিব পাৰে। আনহাতে, ভাৰতৰ ক্ৰান্তীয় জলবায়ুও এনে জীৱাণু বা ভাইৰাছৰ বিস্তাৰৰ বাবে অতি অনুকূল। বৰ্তমানৰ আধুনিক যুগত যুদ্ধ কেৱল পুৰণি কালৰ দৰে বন্দুক-বোমাতে আৱদ্ধ হৈ থকা নাই। গতিকে ভৱিষ্যতে শত্ৰুপক্ষই ষড়যন্ত্ৰমূলকভাৱে জৈৱ-আক্ৰমণৰ দৰে নতুন পদ্ধতি অৱলম্বন কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। ইয়াৰ বাবে ভাৰত সদায় সজাগ আৰু সাজু থকাটো প্ৰয়োজন।

প্ৰথম দৃষ্টিত, সন্ত্ৰাসবাদ বা জৈৱ-সন্ত্ৰাসবাদৰ দৰে এটা ধ্বংসাত্মক বিষয়ৰ কোনো ‘উপকাৰ’ বা ধনাত্মক দিশ থাকিব পাৰে বুলি ভবাটো টান, কাৰণ ইয়াৰ প্ৰত্যক্ষ পৰিণাম কেৱল মৃত্যু, ধ্বংস আৰু আতংক। তথাপিও, পৰোক্ষভাৱে ইয়াৰ ফলত বিশ্বজুৰি চিকিৎসাবিজ্ঞানৰ কিছু যোগাত্মক বিকাশ ঘটিছে। যেনে— সৰু আই, এনথ্ৰাক্স আদি ভয়াৱহ বীজাণুৰ প্ৰতিষেধক (Vaccine) আৰু কাৰ্যকৰী ঔষধ আৱিষ্কাৰ কৰা সম্ভৱ হৈছে। অতি কম সময়ের ভিতৰত দুৰ্লভ বীজাণু ধৰা পেলাব পৰা প্ৰযুক্তিৰো বিকাশ ঘটিছে বুলি বিশ্বৰ বিজ্ঞানীসকলে ঠাৱৰ কৰিছে।

এই জৈৱ-সন্ত্ৰাসবাদৰ পৰা হাত সাৰিবলৈ ভৱিষ্যতে কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰাটো জৰুৰী। প্ৰথমতে, চোৰাংচোৱাগিৰি আৰু আগতীয়া সতৰ্কবাণী বৃদ্ধি কৰিব লাগিব; যাৰ বাবে দেশজুৰি জিন’মিক নিৰীক্ষণ সম্প্ৰসাৰণ কৰা আৰু সম্ভাৱ্য প্ৰাদুৰ্ভাৱৰ পূৰ্বানুমান কৰিবলৈ এআই (AI)-ভিত্তিক ভৱিষ্যদ্বাণীমূলক সঁজুলিসমূহ সম্পূৰ্ণৰূপে একত্ৰিত কৰা প্ৰয়োজন। দ্বিতীয়তে, এখন বিস্তৃত ‘ৰাষ্ট্ৰীয় জৈৱ-সুৰক্ষা আইন’ প্ৰণয়ন কৰি স্পৰ্শকাতৰ ৰোগ সৃষ্টিকাৰী জীৱাণু নিয়ন্ত্ৰণ কৰা চৰকাৰী আৰু বেচৰকাৰী সকলো পৰীক্ষাগাৰৰ ওপৰত কঠোৰ তদাৰকী আৰু সুৰক্ষা অডিট নিশ্চিত কৰিব লাগিব। তৃতীয়তে, সকলো সংশ্লিষ্ট মন্ত্ৰালয় আৰু বিভাগৰ মাজত সমন্বয়ৰ বাবে একক ন’ডেল সংস্থা হিচাপে কাম কৰিবলৈ এটা ‘ৰাষ্ট্ৰীয় জৈৱ-সুৰক্ষা কৰ্তৃপক্ষ’ স্থাপন কৰিব লাগিব। একেদৰে, আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰি কোৱাডৰ দৰে অংশীদাৰ আৰু ইণ্টাৰপ’ল বা বিশ্ব স্বাস্থ্য সংস্থা (WHO)-ৰ দৰে সংস্থাৰ সৈতে গুপুত তথ্য তথা দ্বৈত ব্যৱহাৰৰ প্ৰযুক্তিৰ ভাগ-বতৰা বৃদ্ধি কৰিব লাগিব।

সামগ্ৰিকভাৱে ক’বলৈ গ’লে, জৈৱ-সন্ত্ৰাসবাদৰ যদি কিবা পৰোক্ষ উপকাৰো হৈছে, তাৰ তুলনাত অপকাৰ বা ধ্বংসৰ শতাংশ বহুত বেছি। জনস্বাস্থ্য আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে ই এক স্পষ্ট বিপদ, যাৰ বাবে এক স্থিতিস্থাপক জনস্বাস্থ্য ব্যৱস্থা আৰু জৈৱ-প্ৰযুক্তিৰ অপব্যৱহাৰৰ বিৰুদ্ধে এক শক্তিশালী সুৰক্ষা স্থাপত্যৰ দৰে দ্বৈত কৌশলৰ প্ৰয়োজন। কেৱল সামৰিক শক্তি বা কঠোৰ আইনেৰে ইয়াক নিৰ্মূল কৰাটো সম্ভৱ নোৱাৰি; ইয়াৰ বাবে প্ৰয়োজন হ’ব গোলকীয় ঐক্য, বিজ্ঞানৰ নৈতিক ব্যৱহাৰ আৰু এক শক্তিশালী মানৱতাবাদী দৃষ্টিভংগী। এই অদৃশ্য শত্ৰুৰ ভয়াৱহতাৰ পৰা মানৱ জাতিক সুৰক্ষিত কৰিবলৈ নিৰাপত্তাৰ সৈতে দায়িত্বশীল উদ্ভাৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটোৱেই বৰ্তমান সময়ৰ মূল প্ৰত্যাহ্বান।



Post a Comment

0 Comments

আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ

Post a Comment (0)
3/related/default