বিজ্ঞান প্ৰযুক্তিৰ নতুন উদ্ভাৱন: ‘চাইবৰ্গ উদ্ভিদ বিজ্ঞান’তপন পায়েং,নিয়মীয়া বাৰ্তা

তপন পায়েং
0

বিজ্ঞান প্ৰযুক্তিৰ নতুন উদ্ভাৱন: ‘চাইবৰ্গ উদ্ভিদ বিজ্ঞান’  —তপন পায়েং,  উদ্ভিদে বাহ্যিক পৰিৱেশৰ বাতাবৰণ বা ক্ৰিয়াসমূহ অনুভৱ কৰিব পাৰে। এই অনুভূতিৰ ওপৰত ভিত্তি কৰি প্ৰতিক্ৰিয়া জনোৱা বা পুনৰুৎপাদনত সক্ৰিয় হোৱাৰ ক্ষমতা উদ্ভিদৰ আছে। ইয়াৰ ওপৰতে ভিত্তি কৰি উদ্ভিদ আৰু বিজ্ঞান-প্ৰযুক্তিৰ বিস্ময়কৰ নতুন আৱিষ্কাৰ হ’ল— চাইবৰ্গ উদ্ভিদ বিজ্ঞান, যাক ইংৰাজীত চমুকৈ “Cyborg Botany” বুলি কোৱা হয়।  চাইবৰ্গ উদ্ভিদ বিজ্ঞান হ’ল জীৱন্ত উদ্ভিদক চেন্সৰ, ইলেক্ট্ৰ’ড আৰু পৰিবাহী সামগ্ৰীৰ দ্বাৰা শক্তিশালী কৰাৰ এক প্ৰক্ৰিয়া। ইয়াৰ ফলত উদ্ভিদ জগত আৰু ডিজিটেল প্ৰযুক্তিৰ মাজত এক কাৰ্যকৰী সংযোগ স্থাপন কৰিব পৰা যায়। মন কৰিবলগীয়া যে, জিনীয়ভাৱে পৰিবৰ্তিত শস্যৰ দৰে ইয়াত উদ্ভিদৰ DNA সলনি কৰা নহয়; বৰঞ্চ উদ্ভিদক শাৰীৰিক আৰু ৰাসায়নিকভাৱে উন্নত কৰা হয়। উদ্ভিদৰ আভ্যন্তৰীণ সংবহন তন্ত্ৰ ব্যৱহাৰ কৰি গৱেষকসকলে এটা সাধাৰণ গোলাপ ফুল বা ঢেকীয়া জাতীয় উদ্ভিদক এটা জীৱন্ত ‘চাৰ্কিট বৰ্ড’লৈ ৰূপান্তৰ কৰিব পাৰে।  চাইবৰ্গ উদ্ভিদ বিজ্ঞান কোনো এজন ব্যক্তিৰ একক আৱিষ্কাৰ নহয়; ই বিভিন্ন দেশৰ বিজ্ঞানী আৰু গৱেষণা প্ৰতিষ্ঠানৰ ধাৰাবাহিক গৱেষণাৰ ফল। অৱশ্যে, এই ক্ষেত্ৰত কেইটামান উল্লেখযোগ্য নাম আৰু প্ৰতিষ্ঠান হ’ল:  ২০১৫ চন (চুইডেন): লিংকোপি বিশ্ববিদ্যালয়ৰ মেগনাছ বেৰগ্ৰেন আৰু তেওঁৰ দলে পোনপ্ৰথমবাৰৰ বাবে গোলাপ ফুলৰ ভিতৰত বৈদ্যুতিক চাৰ্কিট সংস্থাপন কৰাত সফল হৈছিল। তেওঁলোকেই উদ্ভিদৰ সংবহন তন্ত্ৰৰ মাজেৰে পৰিবাহী পলিমাৰ প্ৰবাহিত কৰি এই ধাৰণাটোক বাস্তৱ ৰূপ দিছিল।  আমেৰিকা (MIT Media Lab): গৱেষক হাৰপ্ৰীত চাৰিনে "Elowan" প্ৰকল্পটোৰ জৰিয়তে উদ্ভিদক ৰবটিক যন্ত্ৰৰ সৈতে সংযোগ কৰাত সফল হৈছিল। ইয়াৰ দ্বাৰা উদ্ভিদে যে সূৰ্যৰ পোহৰৰ দিশত গতি কৰে, তাক যান্ত্ৰিকভাৱে প্ৰমাণ কৰা হৈছিল।  ছিংগাপুৰ (Nanyang Technological University): ইয়াৰ বিজ্ঞানীসকলেও শেহতীয়াকৈ উদ্ভিদৰ সৈতে যোগাযোগ কৰিব পৰা 'স্মাৰ্ট চেন্সৰ' আৰু ইলেক্ট্ৰ'ডৰ ওপৰত কাম কৰি এই প্ৰযুক্তিটোক অধিক উন্নত কৰি তুলিছে।  চাইবৰ্গ উদ্ভিদ বিজ্ঞানে কেনেকৈ কাম কৰে?:-উদ্ভিদৰ জাইলেম আৰু ফ্লৱেম নামৰ দুবিধ সংবহন কলা থাকে, যিয়ে পানী আৰু পুষ্টিকৰ খাদ্য পৰিবহন কৰে। চাইবৰ্গ উদ্ভিদ বিজ্ঞানে প্ৰধানকৈ এই প্ৰাকৃতিক প্ৰক্ৰিয়াটোক ইলেক্ট্ৰনিক্সৰ সৈতে সংযুক্ত কৰে। ইয়াৰ কাৰ্যপদ্ধতিৰ স্তৰসমূহ হ’ল:  ১/ উদ্ভিদৰ সংবহন তন্ত্ৰৰ ব্যৱহাৰ: বিজ্ঞানীসকলে উদ্ভিদৰ জাইলেম নলীকাৰ ভিতৰত বিশেষ ধৰণৰ তৰল পলিমাৰ মিশ্ৰণ প্ৰবাহিত কৰে। উদ্ভিদে পানী শুহি লোৱাৰ দৰেই এই মিশ্ৰণটো নিজৰ শৰীৰৰ ভিতৰলৈ টানি লয়।  ২/ ইন-ভিভ' পলিমাৰাইজেচন: যেতিয়া এই পলিমাৰবোৰ উদ্ভিদৰ ভিতৰলৈ সোমাই যায়, উদ্ভিদৰ নিজা জৈৱ-ৰাসায়নিক প্ৰক্ৰিয়াৰ ফলত সেইবোৰ কঠিন হৈ পৰে। ইয়াৰ ফলত উদ্ভিদৰ শিৰা-উপশিৰাবোৰৰ ভিতৰত অতি মিহি আৰু নমনীয় বৈদ্যুতিক তাঁৰৰ সৃষ্টি হয়, যিয়ে উদ্ভিদজোপাৰ জৈৱিক কাৰ্যত কোনো ব্যাঘাত নজন্মায়।  ৩/ সংকেত আদান-প্ৰদান: উদ্ভিদে পৰিৱেশৰ পৰিবৰ্তনৰ (পোহৰ, স্পৰ্শ বা খৰাং) ফলত যি বিদ্যুৎ-ৰাসায়নিক সংকেত প্ৰেৰণ কৰে, তাক ভিতৰত থকা ইলেক্ট্ৰনিক তাঁৰবোৰে ধৰা পেলায় আৰু কম্পিউটাৰ বা স্মাৰ্টফোনলৈ প্ৰেৰণ কৰে। আনকি বাহিৰৰ পৰা বৈদ্যুতিক সংকেত পঠিয়াই উদ্ভিদক নিৰ্দিষ্ট কাম (যেনে— পাত মেলা বা জাপ খোৱা) কৰিবলৈ বাধ্য কৰিব পাৰি।  ৪/ শক্তিৰ ব্যৱহাৰ: গৱেষকসকলে উদ্ভিদৰ সালোক-সংশ্লেষণ ক্ৰিয়াৰ পৰা মুক্ত হোৱা ইলেকট্ৰনবোৰ ধৰি ৰাখি অতি কম পৰিমাণৰ বিদ্যুৎ শক্তি উৎপাদন কৰাৰ চেষ্টা চলাইছে। এই শক্তিয়ে উদ্ভিদৰ গাত লগোৱা সৰু চেন্সৰবোৰ চলোৱাত সহায় কৰিব।  ভৱিষ্যতৰ সম্ভাৱনা  চাইবৰ্গ উদ্ভিদ বিজ্ঞান কেৱল পৰীক্ষাগাৰতে সীমাবদ্ধ নাথাকি মানৱ সমাজ আৰু পৰিৱেশ সংৰক্ষণৰ বাবে আশীৰ্বাদ হৈ পৰিব পাৰে:  স্মাৰ্ট কৃষি: পথাৰৰ শস্যবোৰ নিজেই "স্মাৰ্ট চেন্সৰ" হৈ পৰিব। পানীৰ প্ৰয়োজন হ’লে বা কীট-পতংগৰ আক্ৰমণ হ’লে উদ্ভিদে নিজেই কৃষকক বাৰ্তা প্ৰেৰণ কৰিব।  পৰিৱেশ নিৰীক্ষণ: চহৰীয়া অঞ্চলৰ গছবোৰে বায়ুমণ্ডলত বিষাক্ত গেছ ধৰা পেলাই তৎক্ষণাত চৰকাৰী নিয়ন্ত্ৰণ কক্ষলৈ তথ্য প্ৰেৰণ কৰিব পাৰিব।  জৈৱিক শক্তি: গছৰ পাতৰ পৰা উৎপাদিত বিদ্যুতৰ সহায়ত ৰাতিৰ অন্ধকাৰত মৃদু পোহৰ দিয়াৰ পৰিকল্পনাও চলি আছে।  মহাকাশ গৱেষণা: মঙ্গল গ্ৰহ বা চন্দ্ৰত মানুহৰ বসতি স্থাপনৰ ক্ষেত্ৰত চাইবৰ্গ উদ্ভিদে প্ৰতিকূল পৰিৱেশৰ তথ্য দিয়াৰ লগতে খাদ্য উৎপাদনত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে।  হলিউডৰ কল্পবিজ্ঞান চলচিত্ৰত দেখা পোৱা এনে বিস্ময়কৰ দৃশ্য এতিয়া বাস্তৱৰ দিশে আগবাঢ়িছে। বিজ্ঞানৰ ক্ৰমবিকাশৰ ফলত আমাৰ চোতালৰ ফুলনিখন কেৱল ফুলনি হৈ নাথাকি অনাগত দিনত একো একোটা ডাঙৰ ডাটা নেটৱৰ্ক বা 'ইণ্টাৰনেট অব ফৰেষ্ট'লৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

বিজ্ঞান প্ৰযুক্তিৰ নতুন উদ্ভাৱন: ‘চাইবৰ্গ উদ্ভিদ বিজ্ঞান’—তপন পায়েং,

উদ্ভিদে বাহ্যিক পৰিৱেশৰ বাতাবৰণ বা ক্ৰিয়াসমূহ অনুভৱ কৰিব পাৰে। এই অনুভূতিৰ ওপৰত ভিত্তি কৰি প্ৰতিক্ৰিয়া জনোৱা বা পুনৰুৎপাদনত সক্ৰিয় হোৱাৰ ক্ষমতা উদ্ভিদৰ আছে। ইয়াৰ ওপৰতে ভিত্তি কৰি উদ্ভিদ আৰু বিজ্ঞান-প্ৰযুক্তিৰ বিস্ময়কৰ নতুন আৱিষ্কাৰ হ’ল— চাইবৰ্গ উদ্ভিদ বিজ্ঞান, যাক ইংৰাজীত চমুকৈ “Cyborg Botany” বুলি কোৱা হয়।

চাইবৰ্গ উদ্ভিদ বিজ্ঞান হ’ল জীৱন্ত উদ্ভিদক চেন্সৰ, ইলেক্ট্ৰ’ড আৰু পৰিবাহী সামগ্ৰীৰ দ্বাৰা শক্তিশালী কৰাৰ এক প্ৰক্ৰিয়া। ইয়াৰ ফলত উদ্ভিদ জগত আৰু ডিজিটেল প্ৰযুক্তিৰ মাজত এক কাৰ্যকৰী সংযোগ স্থাপন কৰিব পৰা যায়। মন কৰিবলগীয়া যে, জিনীয়ভাৱে পৰিবৰ্তিত শস্যৰ দৰে ইয়াত উদ্ভিদৰ DNA সলনি কৰা নহয়; বৰঞ্চ উদ্ভিদক শাৰীৰিক আৰু ৰাসায়নিকভাৱে উন্নত কৰা হয়। উদ্ভিদৰ আভ্যন্তৰীণ সংবহন তন্ত্ৰ ব্যৱহাৰ কৰি গৱেষকসকলে এটা সাধাৰণ গোলাপ ফুল বা ঢেকীয়া জাতীয় উদ্ভিদক এটা জীৱন্ত ‘চাৰ্কিট বৰ্ড’লৈ ৰূপান্তৰ কৰিব পাৰে।

চাইবৰ্গ উদ্ভিদ বিজ্ঞান কোনো এজন ব্যক্তিৰ একক আৱিষ্কাৰ নহয়; ই বিভিন্ন দেশৰ বিজ্ঞানী আৰু গৱেষণা প্ৰতিষ্ঠানৰ ধাৰাবাহিক গৱেষণাৰ ফল। অৱশ্যে, এই ক্ষেত্ৰত কেইটামান উল্লেখযোগ্য নাম আৰু প্ৰতিষ্ঠান হ’ল:

২০১৫ চন (চুইডেন): লিংকোপি বিশ্ববিদ্যালয়ৰ মেগনাছ বেৰগ্ৰেন আৰু তেওঁৰ দলে পোনপ্ৰথমবাৰৰ বাবে গোলাপ ফুলৰ ভিতৰত বৈদ্যুতিক চাৰ্কিট সংস্থাপন কৰাত সফল হৈছিল। তেওঁলোকেই উদ্ভিদৰ সংবহন তন্ত্ৰৰ মাজেৰে পৰিবাহী পলিমাৰ প্ৰবাহিত কৰি এই ধাৰণাটোক বাস্তৱ ৰূপ দিছিল।

আমেৰিকা (MIT Media Lab): গৱেষক হাৰপ্ৰীত চাৰিনে "Elowan" প্ৰকল্পটোৰ জৰিয়তে উদ্ভিদক ৰবটিক যন্ত্ৰৰ সৈতে সংযোগ কৰাত সফল হৈছিল। ইয়াৰ দ্বাৰা উদ্ভিদে যে সূৰ্যৰ পোহৰৰ দিশত গতি কৰে, তাক যান্ত্ৰিকভাৱে প্ৰমাণ কৰা হৈছিল।

ছিংগাপুৰ (Nanyang Technological University): ইয়াৰ বিজ্ঞানীসকলেও শেহতীয়াকৈ উদ্ভিদৰ সৈতে যোগাযোগ কৰিব পৰা 'স্মাৰ্ট চেন্সৰ' আৰু ইলেক্ট্ৰ'ডৰ ওপৰত কাম কৰি এই প্ৰযুক্তিটোক অধিক উন্নত কৰি তুলিছে।

চাইবৰ্গ উদ্ভিদ বিজ্ঞানে কেনেকৈ কাম কৰে?:-উদ্ভিদৰ জাইলেম আৰু ফ্লৱেম নামৰ দুবিধ সংবহন কলা থাকে, যিয়ে পানী আৰু পুষ্টিকৰ খাদ্য পৰিবহন কৰে। চাইবৰ্গ উদ্ভিদ বিজ্ঞানে প্ৰধানকৈ এই প্ৰাকৃতিক প্ৰক্ৰিয়াটোক ইলেক্ট্ৰনিক্সৰ সৈতে সংযুক্ত কৰে। ইয়াৰ কাৰ্যপদ্ধতিৰ স্তৰসমূহ হ’ল:

১/ উদ্ভিদৰ সংবহন তন্ত্ৰৰ ব্যৱহাৰ: বিজ্ঞানীসকলে উদ্ভিদৰ জাইলেম নলীকাৰ ভিতৰত বিশেষ ধৰণৰ তৰল পলিমাৰ মিশ্ৰণ প্ৰবাহিত কৰে। উদ্ভিদে পানী শুহি লোৱাৰ দৰেই এই মিশ্ৰণটো নিজৰ শৰীৰৰ ভিতৰলৈ টানি লয়।

২/ ইন-ভিভ' পলিমাৰাইজেচন: যেতিয়া এই পলিমাৰবোৰ উদ্ভিদৰ ভিতৰলৈ সোমাই যায়, উদ্ভিদৰ নিজা জৈৱ-ৰাসায়নিক প্ৰক্ৰিয়াৰ ফলত সেইবোৰ কঠিন হৈ পৰে। ইয়াৰ ফলত উদ্ভিদৰ শিৰা-উপশিৰাবোৰৰ ভিতৰত অতি মিহি আৰু নমনীয় বৈদ্যুতিক তাঁৰৰ সৃষ্টি হয়, যিয়ে উদ্ভিদজোপাৰ জৈৱিক কাৰ্যত কোনো ব্যাঘাত নজন্মায়।

৩/ সংকেত আদান-প্ৰদান: উদ্ভিদে পৰিৱেশৰ পৰিবৰ্তনৰ (পোহৰ, স্পৰ্শ বা খৰাং) ফলত যি বিদ্যুৎ-ৰাসায়নিক সংকেত প্ৰেৰণ কৰে, তাক ভিতৰত থকা ইলেক্ট্ৰনিক তাঁৰবোৰে ধৰা পেলায় আৰু কম্পিউটাৰ বা স্মাৰ্টফোনলৈ প্ৰেৰণ কৰে। আনকি বাহিৰৰ পৰা বৈদ্যুতিক সংকেত পঠিয়াই উদ্ভিদক নিৰ্দিষ্ট কাম (যেনে— পাত মেলা বা জাপ খোৱা) কৰিবলৈ বাধ্য কৰিব পাৰি।

৪/ শক্তিৰ ব্যৱহাৰ: গৱেষকসকলে উদ্ভিদৰ সালোক-সংশ্লেষণ ক্ৰিয়াৰ পৰা মুক্ত হোৱা ইলেকট্ৰনবোৰ ধৰি ৰাখি অতি কম পৰিমাণৰ বিদ্যুৎ শক্তি উৎপাদন কৰাৰ চেষ্টা চলাইছে। এই শক্তিয়ে উদ্ভিদৰ গাত লগোৱা সৰু চেন্সৰবোৰ চলোৱাত সহায় কৰিব।

ভৱিষ্যতৰ সম্ভাৱনা

চাইবৰ্গ উদ্ভিদ বিজ্ঞান কেৱল পৰীক্ষাগাৰতে সীমাবদ্ধ নাথাকি মানৱ সমাজ আৰু পৰিৱেশ সংৰক্ষণৰ বাবে আশীৰ্বাদ হৈ পৰিব পাৰে:

  • স্মাৰ্ট কৃষি: পথাৰৰ শস্যবোৰ নিজেই "স্মাৰ্ট চেন্সৰ" হৈ পৰিব। পানীৰ প্ৰয়োজন হ’লে বা কীট-পতংগৰ আক্ৰমণ হ’লে উদ্ভিদে নিজেই কৃষকক বাৰ্তা প্ৰেৰণ কৰিব।

  • পৰিৱেশ নিৰীক্ষণ: চহৰীয়া অঞ্চলৰ গছবোৰে বায়ুমণ্ডলত বিষাক্ত গেছ ধৰা পেলাই তৎক্ষণাত চৰকাৰী নিয়ন্ত্ৰণ কক্ষলৈ তথ্য প্ৰেৰণ কৰিব পাৰিব।

  • জৈৱিক শক্তি: গছৰ পাতৰ পৰা উৎপাদিত বিদ্যুতৰ সহায়ত ৰাতিৰ অন্ধকাৰত মৃদু পোহৰ দিয়াৰ পৰিকল্পনাও চলি আছে।

  • মহাকাশ গৱেষণা: মঙ্গল গ্ৰহ বা চন্দ্ৰত মানুহৰ বসতি স্থাপনৰ ক্ষেত্ৰত চাইবৰ্গ উদ্ভিদে প্ৰতিকূল পৰিৱেশৰ তথ্য দিয়াৰ লগতে খাদ্য উৎপাদনত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে।

হলিউডৰ কল্পবিজ্ঞান চলচিত্ৰত দেখা পোৱা এনে বিস্ময়কৰ দৃশ্য এতিয়া বাস্তৱৰ দিশে আগবাঢ়িছে। বিজ্ঞানৰ ক্ৰমবিকাশৰ ফলত আমাৰ চোতালৰ ফুলনিখন কেৱল ফুলনি হৈ নাথাকি অনাগত দিনত একো একোটা ডাঙৰ ডাটা নেটৱৰ্ক বা 'ইণ্টাৰনেট অব ফৰেষ্ট'লৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

বিজ্ঞান প্ৰযুক্তিৰ নতুন উদ্ভাৱন: ‘চাইবৰ্গ উদ্ভিদ বিজ্ঞান’  —তপন পায়েং,  উদ্ভিদে বাহ্যিক পৰিৱেশৰ বাতাবৰণ বা ক্ৰিয়াসমূহ অনুভৱ কৰিব পাৰে। এই অনুভূতিৰ ওপৰত ভিত্তি কৰি প্ৰতিক্ৰিয়া জনোৱা বা পুনৰুৎপাদনত সক্ৰিয় হোৱাৰ ক্ষমতা উদ্ভিদৰ আছে। ইয়াৰ ওপৰতে ভিত্তি কৰি উদ্ভিদ আৰু বিজ্ঞান-প্ৰযুক্তিৰ বিস্ময়কৰ নতুন আৱিষ্কাৰ হ’ল— চাইবৰ্গ উদ্ভিদ বিজ্ঞান, যাক ইংৰাজীত চমুকৈ “Cyborg Botany” বুলি কোৱা হয়।  চাইবৰ্গ উদ্ভিদ বিজ্ঞান হ’ল জীৱন্ত উদ্ভিদক চেন্সৰ, ইলেক্ট্ৰ’ড আৰু পৰিবাহী সামগ্ৰীৰ দ্বাৰা শক্তিশালী কৰাৰ এক প্ৰক্ৰিয়া। ইয়াৰ ফলত উদ্ভিদ জগত আৰু ডিজিটেল প্ৰযুক্তিৰ মাজত এক কাৰ্যকৰী সংযোগ স্থাপন কৰিব পৰা যায়। মন কৰিবলগীয়া যে, জিনীয়ভাৱে পৰিবৰ্তিত শস্যৰ দৰে ইয়াত উদ্ভিদৰ DNA সলনি কৰা নহয়; বৰঞ্চ উদ্ভিদক শাৰীৰিক আৰু ৰাসায়নিকভাৱে উন্নত কৰা হয়। উদ্ভিদৰ আভ্যন্তৰীণ সংবহন তন্ত্ৰ ব্যৱহাৰ কৰি গৱেষকসকলে এটা সাধাৰণ গোলাপ ফুল বা ঢেকীয়া জাতীয় উদ্ভিদক এটা জীৱন্ত ‘চাৰ্কিট বৰ্ড’লৈ ৰূপান্তৰ কৰিব পাৰে।  চাইবৰ্গ উদ্ভিদ বিজ্ঞান কোনো এজন ব্যক্তিৰ একক আৱিষ্কাৰ নহয়; ই বিভিন্ন দেশৰ বিজ্ঞানী আৰু গৱেষণা প্ৰতিষ্ঠানৰ ধাৰাবাহিক গৱেষণাৰ ফল। অৱশ্যে, এই ক্ষেত্ৰত কেইটামান উল্লেখযোগ্য নাম আৰু প্ৰতিষ্ঠান হ’ল:  ২০১৫ চন (চুইডেন): লিংকোপি বিশ্ববিদ্যালয়ৰ মেগনাছ বেৰগ্ৰেন আৰু তেওঁৰ দলে পোনপ্ৰথমবাৰৰ বাবে গোলাপ ফুলৰ ভিতৰত বৈদ্যুতিক চাৰ্কিট সংস্থাপন কৰাত সফল হৈছিল। তেওঁলোকেই উদ্ভিদৰ সংবহন তন্ত্ৰৰ মাজেৰে পৰিবাহী পলিমাৰ প্ৰবাহিত কৰি এই ধাৰণাটোক বাস্তৱ ৰূপ দিছিল।  আমেৰিকা (MIT Media Lab): গৱেষক হাৰপ্ৰীত চাৰিনে "Elowan" প্ৰকল্পটোৰ জৰিয়তে উদ্ভিদক ৰবটিক যন্ত্ৰৰ সৈতে সংযোগ কৰাত সফল হৈছিল। ইয়াৰ দ্বাৰা উদ্ভিদে যে সূৰ্যৰ পোহৰৰ দিশত গতি কৰে, তাক যান্ত্ৰিকভাৱে প্ৰমাণ কৰা হৈছিল।  ছিংগাপুৰ (Nanyang Technological University): ইয়াৰ বিজ্ঞানীসকলেও শেহতীয়াকৈ উদ্ভিদৰ সৈতে যোগাযোগ কৰিব পৰা 'স্মাৰ্ট চেন্সৰ' আৰু ইলেক্ট্ৰ'ডৰ ওপৰত কাম কৰি এই প্ৰযুক্তিটোক অধিক উন্নত কৰি তুলিছে।  চাইবৰ্গ উদ্ভিদ বিজ্ঞানে কেনেকৈ কাম কৰে?:-উদ্ভিদৰ জাইলেম আৰু ফ্লৱেম নামৰ দুবিধ সংবহন কলা থাকে, যিয়ে পানী আৰু পুষ্টিকৰ খাদ্য পৰিবহন কৰে। চাইবৰ্গ উদ্ভিদ বিজ্ঞানে প্ৰধানকৈ এই প্ৰাকৃতিক প্ৰক্ৰিয়াটোক ইলেক্ট্ৰনিক্সৰ সৈতে সংযুক্ত কৰে। ইয়াৰ কাৰ্যপদ্ধতিৰ স্তৰসমূহ হ’ল:  ১/ উদ্ভিদৰ সংবহন তন্ত্ৰৰ ব্যৱহাৰ: বিজ্ঞানীসকলে উদ্ভিদৰ জাইলেম নলীকাৰ ভিতৰত বিশেষ ধৰণৰ তৰল পলিমাৰ মিশ্ৰণ প্ৰবাহিত কৰে। উদ্ভিদে পানী শুহি লোৱাৰ দৰেই এই মিশ্ৰণটো নিজৰ শৰীৰৰ ভিতৰলৈ টানি লয়।  ২/ ইন-ভিভ' পলিমাৰাইজেচন: যেতিয়া এই পলিমাৰবোৰ উদ্ভিদৰ ভিতৰলৈ সোমাই যায়, উদ্ভিদৰ নিজা জৈৱ-ৰাসায়নিক প্ৰক্ৰিয়াৰ ফলত সেইবোৰ কঠিন হৈ পৰে। ইয়াৰ ফলত উদ্ভিদৰ শিৰা-উপশিৰাবোৰৰ ভিতৰত অতি মিহি আৰু নমনীয় বৈদ্যুতিক তাঁৰৰ সৃষ্টি হয়, যিয়ে উদ্ভিদজোপাৰ জৈৱিক কাৰ্যত কোনো ব্যাঘাত নজন্মায়।  ৩/ সংকেত আদান-প্ৰদান: উদ্ভিদে পৰিৱেশৰ পৰিবৰ্তনৰ (পোহৰ, স্পৰ্শ বা খৰাং) ফলত যি বিদ্যুৎ-ৰাসায়নিক সংকেত প্ৰেৰণ কৰে, তাক ভিতৰত থকা ইলেক্ট্ৰনিক তাঁৰবোৰে ধৰা পেলায় আৰু কম্পিউটাৰ বা স্মাৰ্টফোনলৈ প্ৰেৰণ কৰে। আনকি বাহিৰৰ পৰা বৈদ্যুতিক সংকেত পঠিয়াই উদ্ভিদক নিৰ্দিষ্ট কাম (যেনে— পাত মেলা বা জাপ খোৱা) কৰিবলৈ বাধ্য কৰিব পাৰি।  ৪/ শক্তিৰ ব্যৱহাৰ: গৱেষকসকলে উদ্ভিদৰ সালোক-সংশ্লেষণ ক্ৰিয়াৰ পৰা মুক্ত হোৱা ইলেকট্ৰনবোৰ ধৰি ৰাখি অতি কম পৰিমাণৰ বিদ্যুৎ শক্তি উৎপাদন কৰাৰ চেষ্টা চলাইছে। এই শক্তিয়ে উদ্ভিদৰ গাত লগোৱা সৰু চেন্সৰবোৰ চলোৱাত সহায় কৰিব।  ভৱিষ্যতৰ সম্ভাৱনা  চাইবৰ্গ উদ্ভিদ বিজ্ঞান কেৱল পৰীক্ষাগাৰতে সীমাবদ্ধ নাথাকি মানৱ সমাজ আৰু পৰিৱেশ সংৰক্ষণৰ বাবে আশীৰ্বাদ হৈ পৰিব পাৰে:  স্মাৰ্ট কৃষি: পথাৰৰ শস্যবোৰ নিজেই "স্মাৰ্ট চেন্সৰ" হৈ পৰিব। পানীৰ প্ৰয়োজন হ’লে বা কীট-পতংগৰ আক্ৰমণ হ’লে উদ্ভিদে নিজেই কৃষকক বাৰ্তা প্ৰেৰণ কৰিব।  পৰিৱেশ নিৰীক্ষণ: চহৰীয়া অঞ্চলৰ গছবোৰে বায়ুমণ্ডলত বিষাক্ত গেছ ধৰা পেলাই তৎক্ষণাত চৰকাৰী নিয়ন্ত্ৰণ কক্ষলৈ তথ্য প্ৰেৰণ কৰিব পাৰিব।  জৈৱিক শক্তি: গছৰ পাতৰ পৰা উৎপাদিত বিদ্যুতৰ সহায়ত ৰাতিৰ অন্ধকাৰত মৃদু পোহৰ দিয়াৰ পৰিকল্পনাও চলি আছে।  মহাকাশ গৱেষণা: মঙ্গল গ্ৰহ বা চন্দ্ৰত মানুহৰ বসতি স্থাপনৰ ক্ষেত্ৰত চাইবৰ্গ উদ্ভিদে প্ৰতিকূল পৰিৱেশৰ তথ্য দিয়াৰ লগতে খাদ্য উৎপাদনত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে।  হলিউডৰ কল্পবিজ্ঞান চলচিত্ৰত দেখা পোৱা এনে বিস্ময়কৰ দৃশ্য এতিয়া বাস্তৱৰ দিশে আগবাঢ়িছে। বিজ্ঞানৰ ক্ৰমবিকাশৰ ফলত আমাৰ চোতালৰ ফুলনিখন কেৱল ফুলনি হৈ নাথাকি অনাগত দিনত একো একোটা ডাঙৰ ডাটা নেটৱৰ্ক বা 'ইণ্টাৰনেট অব ফৰেষ্ট'লৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

Post a Comment

0 Comments

আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ

Post a Comment (0)
3/related/default