আমাৰ মিচিং গাঁৱত ৰঙালী বিহুৰ পৰম্পৰা আৰু মোৰ অনুভৱ
– কাৰ্চাং তাকাৰ
অসম প্ৰাকৃতিকভাৱে বৈচিত্ৰ্যময় হোৱাৰ লগতে জনগোষ্ঠীয় দিশৰ পৰাও অতি চহকী। এই অসমত মিচিং, বড়ো, ৰাভা, কাৰ্বি আদি বিভিন্ন জনগোষ্ঠীৰ লোকে যুগ যুগ ধৰি ভ্ৰাতৃত্ববোধেৰে বাস কৰি আহিছে। প্ৰতিটো জনগোষ্ঠীৰে নিজস্ব কৃষ্টি-সংস্কৃতি আৰু উৎসৱ আছে। বৃহত্তৰ অসমীয়া সমাজৰ ঐক্য আৰু সম্প্ৰীতিৰ এনাজৰীডাল মজবুত কৰাৰ স্বাৰ্থত এই জনগোষ্ঠীসমূহে বিহু বা অন্যান্য উৎসৱসমূহ আন্তৰিকতাৰে পালন কৰি আহিছে। ঠিক সেইদৰে, অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী মিচিংসকলেও নিজৰ বাপতিসাহোন উৎসৱ 'আলি-আঃয়ে-লৃগাং' পালন কৰাৰ লগতে মাঘ বিহু, ৰঙালী বিহু আৰু কাতি বিহুও অতি উলহ-মালহেৰে পালন কৰে।
মই এজন মিচিং সন্তান হিচাপে সৰুৰে পৰা বহাগ বিহু কেনেকৈ পালন কৰা হয়, তাক ওচৰৰ পৰা দেখি আহিছোঁ। বসন্তৰ আগমনত গছত ন-কুঁহিপাত ওলোৱা আৰু কুলিয়ে বহাগৰ আৱেশ বিয়পোৱাৰ লগে লগে আমাৰ মিচিং গাঁওবোৰত ৰঙালী বিহুৰ এক উলাহ-উন্মাদনা বিৰাজ কৰে।
গৰু বিহুৰ বাবে গাঁৱৰ ডেকাসকলে আগতীয়াকৈ হাবিত তৰা পাত বিচাৰি গৈ গৰুৰ বাবে নতুন পঘা বজায়। তাৰ দুদিনমান পিছত আকৌ হাবিলৈ গৈ দীঘলতি আৰু মাখিয়তি পাত বিচাৰি আনে। এই দীঘলতি পাতত ফুলৰ চানেকিৰে ভিন্ন নক্সাও সজা দেখা যায়। আমাৰ মিচিং গাঁৱৰ লগতে অসমৰ প্ৰতিখন গাঁৱতে এই দিনটো অতি উলহ-মালহেৰে পালন কৰা হয়। ৰাতিপুৱাই গৰুবোৰক মাহ-হালধিৰে নোৱাই-ধুৱাই ওচৰৰ নৈ বা জান-জুৰিলৈ নি গা ধুওৱা হয়। গৰুৰ গাত লাও, বেঙেনা, থেকেৰা আদিৰ টুকুৰা চতিয়াই আমি গাওঁ—
"লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা;
মাৰ সৰু, বাপেৰ সৰু, তই হবি বৰ গৰু।"
বিয়লি গৰুবোৰক নতুন পঘাৰে বন্ধা হয় আৰু গধূলি গোহালিত মহ-ডাঁহ খেদিবলৈ 'জাগ' (ধোঁৱা) দিয়া হয়। গৰু বিহুৰ এই পৰম্পৰাই আমাৰ সমাজৰ কৃষিভিত্তিক জীৱন আৰু পশুধনৰ প্ৰতি থকা অকৃত্রিম মৰমকে প্ৰতিফলিত কৰে।
গৰু বিহুৰ লগত জড়িত অসমীয়া সমাজৰ অন্যতম এক পৰম্পৰা হৈছে— সেইদিনা ১০১ বিধ শাকৰ ব্যঞ্জন খোৱা। পৰম্পৰা অনুসৰি, এই ১০১ বিধ শাক খালে বছৰটোলৈ বহু বেমাৰ-আজাৰৰ পৰা ৰক্ষা পোৱা যায়। আপোনাৰ জ্ঞাতাৰ্থে সেই শাকসমূহৰ ভিতৰত উল্লেখযোগ্য কেইবিধমান হ’ল— অমিতা ফুল, অমৰা ফুল, অশোক ফুল, আৰফুল, আমৰ মল, আনাৰসৰ কোঁহ, আলু পাত, আদা পাত, ওলকচু পাত, কঁঠালৰ মুচি, কেঁহেৰাজ, কচু শাক, কুঁহিয়াৰৰ আগ, কুকুৰাঠেঙীয়া, কোৱাভাতুৰি, কলমৌ, কলপচলা, খুতৰা শাক, চজিনা পাত, চিৰতা, জিলমিল, জালুক পাত, টিকনি বৰুৱা, টেঙামৰা, টেঙেচি, তিতাফুল, তুলসী, দোৰোণ, ঢেকীয়া, নৰসিংহ, পদিনা, পুনৰ্ণৱা (পনৌনৌৱা), ব্ৰাহ্মী, ভেদাইলতা, মাটিকাঁদুৰি, মানিমুনি, মচন্দৰী ইত্যাদি।
গৰু বিহুৰ লগত কৃষক ৰাইজৰ কিছুমান জনবিশ্বাসো জড়িত হৈ আছে। জনবিশ্বাস অনুসৰি, গৰু বিহুৰ দিনা পুৱা যদি গৃহস্থই গোহালিত গৰুবোৰ শুই থকা দেখে, তেন্তে বছৰটো অশুভ হোৱাৰ সম্ভাৱনা থাকে (যেনে— বানপানী, মহামাৰী আদি)। আনহাতে, যদি গৰুবোৰ থিয় হৈ থাকে, তেন্তে সেয়া গৃহস্থ আৰু সমাজৰ বাবে মংগলদায়ক বুলি গণ্য কৰা হয়।
ৰঙালী বিহু অহাৰ আগে আগে গাঁৱৰ ডেকা-গাভৰুসকলে মিলি গাঁৱৰ চহকী গৃহস্থৰ ঘৰত কাম কৰিবলৈ যায়। কামৰ বিনিময়ত পোৱা ধনেৰে তেওঁলোকে ঢোল-তাল কিনিছিল বা পুৰণি ঢোল মেৰামতি কৰিছিল। আমাৰ মিচিং গাঁৱত বিহু দলক সাধাৰণতে তিনি ভাগত ভগাব পাৰি:
১/ তাক তাক পাৰ্থী: প্ৰথম শ্ৰেণীৰ পৰা পঞ্চমমানলৈকে সৰু ল'ৰা-ছোৱালীৰ দল।
২/ গোহাল পাৰ্থী: ষষ্ঠ শ্ৰেণীৰ পৰা দশমমানলৈকে কিশোৰ-কিশোৰীৰ দল।
৩/ ডেকা-গাভৰু দল: য'ত গাঁৱৰ মুৰব্বী, ডেকাবৰা আদিও জড়িত থাকে।
এই বিহু দলসমূহৰ এক বিশেষত্ব হ’ল— বিহু মাৰি পোৱা ধনৰ বেছিভাগ অংশই গাঁৱৰ উন্নয়নমূলক কামত (যেনে— নামঘৰ নিৰ্মাণ বা আলি-বাট মেৰামতি) ব্যৱহাৰ কৰা হৈছিল। এই দলবোৰে ঘৰে ঘৰে গৈ হুঁচৰি গায়—
"গাং গাঙই গাঁওবুঢ়াৰ ঘৰতে গাং,
ইকিও নালাগে আদলীও নালাগে,
গাঁওবুঢ়াৰ ঘৰতে গাং...।।"
হুঁচৰিৰ মাজে মাজে ডেকা-গাভৰুৱে ঐনিতমেৰে চোতাল মুখৰিত কৰে। গাঁৱৰ প্ৰতিটো ঘৰতে বিহু মৰা শেষ হোৱাৰ এসপ্তাহ বা এমাহৰ পাছত 'দপান-তৃঃপান' অৰ্থাৎ সামূহিক ভোজৰ আয়োজন কৰা হয়। ইয়াৰ বাবে ডেকা-গাভৰুসকলে আগতীয়াকৈ আপং প্ৰস্তুত কৰে আৰু খৰি আদি যোগাৰ কৰে।
সামূহিক ভোজৰ কিছুদিন পিছত "বিহু উৰুৱাই দিয়া" কাৰ্য সম্পন্ন কৰা হয়। এই কাৰ্য গাঁৱৰ পশ্চিম দিশৰ পৰা আৰম্ভ হয়। প্ৰতিটো ঘৰতে শৰাই বা থাপনাত ফুলৰ লগতে খাৰু, কাজল, সিন্দুৰ আদি থৈ 'বহাগী আই'ক বিদায় দিয়া হয়। বিহু উৰুৱাই দিয়াৰ পিছত গাঁৱত ঢোল বজোৱা নিষেধ। লোকবিশ্বাস আছে যে ঢোল বজালে বিহুৰ আৱেশ বা 'বহাগী আই'য়ে আমাক এৰি যাব নোৱাৰে।
অসমৰ বৈচিত্ৰ্যময় কৃষ্টি-সংস্কৃতিৰ বুকুত আমাৰ মিচিংসকলৰ ৰঙালী বিহুৰ এই সুকীয়া পৰম্পৰাই বৃহত্তৰ অসমীয়া জাতিক একত্ৰিত কৰাৰ এক শক্তিশালী ভেটি হিচাপে কাম কৰি আহিছে।
আমাৰ মিচিংসকলৰ এই ৰঙালী বিহু কেৱল এটা উৎসৱেই নহয়, ই হ’ল আমাৰ সমাজখনক একতাৰ ডোলেৰে বান্ধি ৰখা এক মাধ্যম। আধুনিকতাৰ ধামখুমীয়াত বহু পুৰণি ৰীতি-নীতি হেৰাই যাব ধৰিছে যদিও, আমাৰ গাঁওবোৰত আজিও জীৱন্ত হৈ থকা এই পৰম্পৰাসমূহে আমাক শিপাৰ সৈতে সংযোগ কৰি ৰাখিছে। প্ৰকৃতিৰ লগত একাত্ম হৈ পালন কৰা এই বিহুৱে আমাৰ মাজত শান্তি, সম্প্ৰীতি আৰু ভ্ৰাতৃত্ববোধ অটুট ৰাখিব বুলি মোৰ বিশ্বাস। এইদৰেই চহা জীৱনৰ সৰলতা আৰু জাতীয় সংস্কৃতিৰ সুবাসেৰে আমাৰ মিচিং সমাজ তথা বৃহত্তৰ অসমীয়া সমাজ সদায় জীপাল হৈ থাকক— তাকেই কামনা কৰিলোঁ।
-




আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ