পৰম্পৰাগত পদ্ধতিৰ পৰা প্ৰযুক্তিলৈ কৃত্ৰিম বুদ্ধিমত্তা আৰু ভৱিষ্যতৰ কৃষি,তপন পায়েং

তপন পায়েং
0

 

পৰম্পৰাগত পদ্ধতিৰ পৰা প্ৰযুক্তিলৈ কৃত্ৰিম বুদ্ধিমত্তা আৰু ভৱিষ্যতৰ কৃষি,তপন পায়েং
তপন পায়েঙৰ লেখা

পৰম্পৰাগত পদ্ধতিৰ পৰা প্ৰযুক্তিলৈ কৃত্ৰিম বুদ্ধিমত্তা আৰু ভৱিষ্যতৰ কৃষি

  • তপন পায়েং


আৰম্ভণিতে কৃত্ৰিম বুদ্ধিমত্তা হ’ল- কম্পিউটাৰ বিজ্ঞানৰ এটা শাখা বুলিব পাৰি যাৰ জৰিয়তে যন্ত্ৰ বা কম্পিউটাৰক মানুহৰ দৰে চিন্তা কৰিব পৰা বা সিদ্ধান্ত ল’ব পৰাৰ ক্ষমতা প্ৰদান কৰিব পাৰে। AI-এ মুখ্যত বিশাল পৰিমাণৰ তথ্য আৰু জটিল গণিতীয় সূত্ৰ বা এলগৰিদমৰ সহায়ত কাম কৰে। ইয়াৰ জৰিয়তে যন্ত্ৰই অতীতৰ অভিজ্ঞতাৰ পৰা শিক্ষা গ্ৰহণ কৰে আৰু সেইমতে নতুন পৰিস্থিতিত কি কৰিব লাগে তাৰ সিদ্ধান্ত লয়। ইয়াৰ বাবে কোনো মানুহে বাৰে বাৰে নিৰ্দেশ দি থকাৰ প্ৰয়োজন নহয়। বৰ্তমান সময়ত এ আই সকলো দিশতে ব্যৱহাৰ কৰা দেখা যায় শিক্ষাৰ পৰা ধৰি স্বাস্থ্য-তথা যুদ্ধ বিগ্ৰহলৈকে। তাৰোপৰি বৰ্তমান সময়ত ব্যাপকভাবে কৃষিক্ষেত্ৰতো কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰা দেখা যায়।

পঢ়িবলৈঃ-মিচিং ভাষাৰ অস্তিত্বৰ সংকট আৰু নতুন প্ৰজন্মৰ দায়িত্ব।    ৷ ৷

    সাম্প্ৰতিক সময়ত গোটেই বিশ্বতেই কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ ব্যাপকভাবে ব্যৱহাৰ কৰা দেখা গৈছে। বিশ্বৰ আন আন দেশ সমূহৰ সৈতে আমাৰ ভাৰত দেশখনো কৃত্ৰিম বুদ্ধিমত্তাত পিছপৰি যোৱা নাই। আনহাতে ২০২৫ চনৰ  ষ্টেনফৰ্ড গ্লোবেল বিশ্ববিদ্যালয়ত অনুষ্ঠিত কৰা  গ্ল’বেল এ আই ভাইব্ৰেঞ্চ টুলৰ প্ৰতিযোগিতাত ভাৰতৰ স্থান আছিল-তৃতীয়।২০১৭ৰ পৰা ২০২৪ৰ সময়ছোৱাত গৱেষণা, উদ্ভাৱন, দক্ষ কৰ্মশক্তি, বিনিয়োগ আৰু আন্তঃগাঁথনিৰ বিকাশৰ ওপৰত ভিত্তি কৰি এই মূল্যায়ন কৰা হৈছে। কৃষিক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাক কি কি দিশত ব্যৱহাৰ কৰিব পাৰি এই বিষয়ত পাব পাৰি- খেতিপথাৰটোৰ ভূমি বা মৃত্তিকা স্বাস্থ্য পৰীক্ষা কৰা, জলবায়ুৰ পৰিৱৰ্তন  নিৰীক্ষণ কৰা, যান্ত্ৰিকীকৰণৰ দক্ষতা,ন্যায্য মূল্য আৰু ডিজিটেল কৃষি প্ৰয়োগ।

AI agriculture
AI used 

(ক) মৃত্তিকা স্বাস্থ্য পৰীক্ষাঃ -  কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে  উপগ্ৰহীয় আলোকচিত্ৰ আৰু ড্ৰোণৰ সহায়ত ভূমিৰ পুষ্টিৰ অভাৱৰ বিষয়ে পৰীক্ষা কৰি বিশ্লেষণ কৰা । ইয়াৰ ফলত বিজ্ঞানগাৰৰ নিৰ্ভৰশীলতা লাহে লাহে হ্ৰাস পাবলৈ ধৰিছে।কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে মাটিত থকা পুষ্টিৰ মাত্ৰা যেনে-নাইট্ৰজেন (N), ফছফৰাছ (P) আৰু পটাছিয়াম (K) ৰ পৰিমাণৰ বিষয়ে জনা। আনহাতে এইক্ষেত্ৰত অসমৰ মাটিৰ আম্লিক পৰীক্ষা কৰাত এ.আই গুৰুত্বপূৰ্ণ হৈ পৰিছে। মাটিৰ উৰ্বৰতা অনুসৰি সঠিক শস্য ৰূপণ কৰাতো সহায়ক হৈ পৰিছে।

(খ)জলবায়ুৰ পৰিৱৰ্তন নিৰীক্ষণ কৰাঃ--বাৰিষা, তাপমাত্ৰা আৰু চৰম বতৰীয় পৰিৱৰ্তনৰ বিশ্লেষণৰ ভিত্তিত ৰোপণ, জলসিঞ্চন আৰু সাৰ প্ৰয়োগ পৰামৰ্শ আগবঢ়োৱা । বীজাণু আৰু ৰোগসমূহ আগতীয়াকৈ চিনাক্ত কৰিব পৰা গৈছে । যাৰ ফলত ক্ষয়-ক্ষতিৰ আশংকা হ্ৰাস পায়। জলবায়ু পৰিৱৰ্তন আৰু বতৰৰ অনিশ্চয়তাৰ মাজত শস্যৰ নিৰীক্ষণ  কৰাটো বৰ্তমানৰ কৃষি পদ্ধতিৰ এক অপৰিহাৰ্য অংশ হৈ পৰিছে। জলবায়ুৰ তথ্য অনুসৰণ কৰি শস্যৰ যতন ল'লে উৎপাদন বৃদ্ধি হোৱাৰ লগতে লোকচানৰ সম্ভাৱনাও কমে। খেতি পথাৰৰ প্ৰতিটো স্তৰতে (যেনে-মাটি চহোৱা,বীজ সিঁচা,সাৰ প্ৰয়োগ কৰা আৰু শস্য চপোৱা) বতৰৰ আগজাননী নিৰীক্ষণ কৰাত সহায়ক হৈছে -ফলত কোনটো শস্য কোনটোৰ সময় সিঁচা উচিত এই বিষয়ে জনাত সুবিধা হৈ পৰিছে। জলবায়ু পৰিৱৰ্তন হোৱাৰ ফলত মাটিৰ পানী ধৰি ৰখাৰ ক্ষমতাও সলনি হৈ পৰিছে। যিবোৰ মনিটৰ চেঞ্চৰ জৰিয়তে  মাটিৰ পৰিমাপ জুখিব পাৰি ।

(গ) যান্ত্ৰিকীকৰণৰ দক্ষতাঃ- ড্ৰো'ন আৰু ছেন্সৰৰ তথ্য বিশ্লেষণৰ জৰিয়তে অপতৃণ নিয়ন্ত্ৰণ, ৰোগ চিনাক্তকৰণ আৰু শস্য সংগ্ৰহৰ 'সঠিকতা বৃদ্ধি কৰা আৰু অপচয় ৰোধ কৰা।  ফলত শ্ৰমৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাবলৈ সক্ষম হৈছে। কম সময়তে খেতিপথাৰৰ মোবাইল এপ্লিকেচনৰ জৰিয়তে নিৰীক্ষণত সহজ হৈ পৰিছে। এ.আই. চালিত ট্ৰেক্টৰবোৰে কোনো মানুহৰ সহায় নোহোৱাকৈ পথাৰত কাম কৰিব পৰা যুগান্তৰে নতুনত্ব আনিছে কৃষি প্ৰযুক্তিত। এ.আই যুক্ত যন্ত্ৰ ব্যৱহাৰ কৰি বীজ সিঁচাৰ ফলত বহুখিনি বীজ অপচয়ৰ হ্ৰাস পাবলৈ সক্ষম হৈছে।

(ঘ)ন্যায্য মূল্যঃ-এই ন্যায্য মূল্যৰ দ্বাৰা, কৃষিবজাৰ, কৃষি নাগৰিকপঞ্জী আৰু ভূমি স্বাস্থ্য কাৰ্ডৰ তথ্য বিশ্লেষণৰ জৰিয়তে বজাৰৰ প্ৰৱণতাসমূহ উপলব্ধি কৰিব পৰা হৈছে। ইয়াৰ ফলত বিক্ৰীৰ সময় আৰু বজাৰ নিৰ্ণয় কৰা সহজ হৈ পৰিছে। প্ৰকৃততে, ১২ খন ৰাজ্যৰ প্ৰায় ১৮ লাখ কৃষক উপকৃত হৈছে।

(ঙ)ডিজিটেল কৃষি অভিযানঃ-২০২৪ চনৰ পৰা আৰম্ভ হোৱা এই অভিযানৰ বাবে ২,৮১৭ কোটি টকা ব্যয় কৰা হৈছে। ২০২৫-২৬ বৰ্ষৰ বাবে এই আঁচনিৰ বাবে ৫৪,৯৭২ কোটি টকা ধাৰ্য কৰা হৈছে। কৃষক আৰু ভূমিৰ তথ্যভঁৰালৰ ওপৰত ভিত্তি কৰি এই সেৱা আগবঢ়োৱাৰ উদ্দেশ্যৰে।

বৰ্তমান সময়ত তথ্য-প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তা  ব্যৱহাৰ কৰি ভাৰত চৰকাৰে কৃষি খণ্ডত এক অভূতপূৰ্ব পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। এই যাত্ৰাৰ কিছু গুৰুত্বপূৰ্ণ দিশসমূহ ক্ৰমে:

  • কৃষিখণ্ডক আধুনিকীকৰণ কৰিবলৈ চৰকাৰে কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে ডাটাবেচ তৈয়াৰ কৰি ৭.৬৩ কোটি কৃষক আইডি কাৰ্ড প্ৰদান কৰা আৰু ডিজিটেল ভূমি জৰিপ কৰা।

  • ৰাষ্ট্ৰীয় কীটনাশক নিৰীক্ষণ 'প্ৰণালীৰ দ্বাৰা ৬৬বিধ শস্য আৰু ৪৩২বিধ কীটনাশক নিৰীক্ষণ কৰি ১০,০০০ৰো অধিক প্ৰসাৰ কৰ্মীলৈ তাৎক্ষণিক পৰামৰ্শ আগবঢ়োৱা আৰু সতৰ্কবাণী জাৰি কৰা ।

  • কিষাণ ই-মিত্ৰ চেটব'টৰ দ্বাৰা  কৃষকসকলৰ অসুবিধাত সন্মুখীন হোৱা প্ৰশ্নৰ উত্তৰ দিয়া।

  • শস্যৰ উৎপাদন,শস্যৰ ফটো বিশ্লেষণ কৰি ক্ষতি নিৰ্ধাৰণ কৰা।

  • ২০২৫ বৰ্ষৰ খাৰিফ ঋতুত স্থানভিত্তিক বৰ্ষাৰ আগমনৰ পূৰ্বানুমান কৰিবলৈ কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত নিৰ্ভৰশীল পৰীক্ষণ প্ৰকল্প মুকলি কৰা হৈছে যত ১৩খন ৰাজ্যৰ ৩.৮৮ কোটি কৃষকৰ ওচৰলৈ এই এছএমএছ প্ৰেৰণ কৰা হৈছে। সমীক্ষাত দেখা গৈছে যে ৩১-৫২ শতাংশ কৃষকে কঠীয়া পৰা বা খেতি আৰম্ভ কৰাৰ সময় নিৰ্ধাৰণত সহায় পাইছে।

    পৰম্পৰাগত পদ্ধতিৰ পৰা প্ৰযুক্তিলৈ কৃত্ৰিম বুদ্ধিমত্তা আৰু ভৱিষ্যতৰ কৃষি,তপন পায়েং

 সাম্প্ৰতিক সময়ত বিশ্বৰ ক্ৰমবৰ্ধমান জনসংখ্যাৰ খাদ্যৰ চাহিদা পূৰণ কৰিবলৈ পৰম্পৰাগত কৃষি পদ্ধতিৰ পৰিৱৰ্তে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ অপৰিহাৰ্য হৈ পৰিছে। এই ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তা (AI) এক শক্তিশালী মাধ্যম হিচাপে থিয় দিছে। শস্যৰ ৰোগ নিৰ্ণয়, মাটিৰ গুণাগুণ নিৰীক্ষণৰ পৰা আৰম্ভ কৰি বতৰৰ সঠিক আগজাননীলৈকে—এআই-এ কৃষি কাৰ্যক অধিক বিজ্ঞানসন্মত আৰু লাভজনক কৰি তুলিছে।

পৰম্পৰাগত পদ্ধতিৰ পৰা প্ৰযুক্তিলৈ কৃত্ৰিম বুদ্ধিমত্তা আৰু ভৱিষ্যতৰ কৃষি,তপন পায়েং

যিহেতু কৃষি খণ্ড জলবায়ু পৰিৱৰ্তন আৰু সীমিত সম্পদৰ দৰে প্ৰত্যাহ্বানৰ মুখামুখি হৈছে, সেয়েহে এআই-ৰ দৰে প্ৰযুক্তিয়ে পানী, সাৰ আৰু কীটনাশকৰ অপচয় ৰোধ কৰি এক বহনক্ষম কৃষি ব্যৱস্থা  গঢ়ি তোলাত সহায় কৰিব। যদিও অসম বা ভাৰতৰ দৰে ঠাইত এই প্ৰযুক্তিৰ ব্যয় আৰু কৃষকৰ মাজত কাৰিকৰী শিক্ষাৰ অভাৱ এক প্ৰত্যাহ্বান, তথাপিও চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ সঠিক উদ্যোগৰ জৰিয়তে ইয়াক জনপ্ৰিয় কৰিব পাৰিলে কৃষি বিপ্লৱে এক নতুন মাত্ৰা পাব।

পৰম্পৰাগত পদ্ধতিৰ পৰা প্ৰযুক্তিলৈ কৃত্ৰিম বুদ্ধিমত্তা আৰু ভৱিষ্যতৰ কৃষি,তপন পায়েং

শেষত ক’ব পাৰি যে, কৃত্ৰিম বুদ্ধিমত্তা কেৱল এক বিলাসিতা নহয়, বৰং ভৱিষ্যতৰ কৃষি খণ্ডৰ এক অবিচ্ছেদ্য অংগ। ই কৃষকৰ শ্ৰম লাঘব কৰাৰ লগতে উৎপাদন বৃদ্ধি কৰি দেশৰ অৰ্থনীতি আৰু খাদ্য সুৰক্ষা নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

(ঠিকনা-লখিমপুৰ,৬০০২০৭৬৮৮৬,দোঁৱাৰ গাঁও)

সহায়ক ৱেবচাইটঃ-



Post a Comment

0 Comments

আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ

Post a Comment (0)
3/related/default