তৃষ্ণা
জীৱনটো ৰসাল নহ’লেও বৰ ৰসহীনও নহয়। প্ৰকৃতিয়ে যি বিচাৰে সেইফালে যাবই লাগিব, স্বয়ং আমি নিজকে সলাবতো নোৱাৰোঁ। অৱশ্যে আমি চেষ্টা নকৰাও নহয়, যেনে কিছু নিয়ম। নিজক ভালে ৰখাৰ নিয়ম।
মই নিজকে ভালে ৰাখিব বিচাৰো। নিজক ভালপোৱাৰ দৰে আনকো ভাল পাব বিচাৰো; মানুহে কয় যিজন ব্যক্তিয়ে নিজক ভাল পায়, সেই মানুহজনে আনকো ভাল পাব জানে। মই মাথোঁ ভাল পাব বিচাৰো। কিন্তু এনে ভালপোৱা ক’ত বিচাৰি পোৱা যায়? ভালপোৱা বস্তুবোৰ কোনোবা দোকানৰ দৰ-দাম নহয়। যেন এজন প্ৰেমিকাই প্ৰেমিকাক বিচৰা ভালপোৱাৰ দৰে, য’ত সন্ধিয়াৰ শেষ আবিৰত নিজকে লুকুৱাবলৈ। ক’ৰবাত এনে নিঃস্বাৰ্থ ভালপোৱা পায় জানো? ঠিক মই ভালপোৱাৰ দৰে... যেন তাইৰ বাবে প্ৰতিটো বসন্তৰ আগমনত বহাগৰ কবিতা লিখিব পৰাকৈ।
ভালপোৱাকৈ
ভালপাব জনাকৈ,
ওঠত ওঠ থৈ চুমা
দিব পৰাকৈ
আছেনে কৰবাত ?
ভালপাব পৰাকৈ।।।
—কাৰ্চাং তাকাৰ(তপন পায়েং)


আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ