চাকি
কাৰ্চাং তাকাৰ,
এন্ধাৰত এতিয়াও ককবকাই হিয়াৰ ডুখৰি,
জানিব খোজোঁ!
এতিয়াও জ্বলেনে প্ৰেমৰ নীলা চাকিটি ?
কেতিয়াবা কেতিয়াবা এন্ধাৰত তিৰবিৰাব খুজে,
অথচ আজিকালি নজ্বলে হিয়াৰ চাকিটি;
যিদৰে এন্ধাৰত তোমাৰ দীপ্তি নোপোৱাত চটফটাইছিল,
এতিয়াছোন নজ্বলে আন তৈল-মোহিনীত।
তুমিটো জানাই আমি অতীতৰ আভা,
কতেনো সিচিব পাৰিম নতুন ফুলৰ য়ামব গাছৰ,
এইভাৱে সলালা নেকি নদীৰ সোঁত ?
কথা আছিল-এই নদীয়েদি সাগৰলৈ যোৱাৰ কথা আছিল-এই বাটেৰে আন এখন চহৰলৈ যোৱাৰ কত কথা আছিল ! কথা আছিল বাবেইটো
আন্ধাৰৰ আকাশখনকো বৰ ৰঙচুৱাকৈ দেখিছিলোঁ।
এতিয়া এই অৱশেষ কংকাল মৰুভূমি,
মৰীচিকাত চিকমিকনি দেখা কিন্তু এই হাড়,
ভগ্নাৱশেষক সুধি চালেহে জানিবা
-এন্ধাৰত এতিয়াও জ্বলেনে নজ্বলে।
যোৱাৰাতি এই আকাশেদি ধ্ৰুৱ তৰাই পাৰ হওঁতে
তোমাৰ কথাকেই কৈ গৈছিল
-তুমি হেনো বৰ চহৰীয়া হ’লা !
এৰাহ !
এতিয়ানো কত বুজিবা হাড়ে-হিমজুৱা
শীতত চাকিৰ পোহৰলৈ বাটচোৱা
প্ৰেমিক দীনবন্ধুৰ কথা।
শুনিছোঁ-তোমাৰ চহৰত হেনো চাকি নজ্বলে ?
নাই হেনো শীতে কপোৱা ভূমিকম্প।
কুশলে থাকা ,
জ্বলি থাকা মম হৈ,
অন্তঃত চাকি হৈ নজ্বলিবা,
চাকি হৈ জ্বলাৰ অজুহাত পালেওঁ
কাষ চাপিব নোৱাৰাৰ যি দুখ
মই সাঁচি ৰাখিব নাজানিম ।জ্বলি থাকা ,
পোহৰোৱা এন্ধাৰক ম’ম হৈ,
গলি গলি শেষ হোৱাএই পোহৰত জিৰাবলৈ ৰৈ আছেনো কোন ?
হেৰাই যাম ,
এন্ধাৰত লুকাম ,
জ্বলি জ্বলি উশাহ এৰিম,
এনেকৈয়েই আকৌ অমানিশা এৰিব
আকাশত পূৰ্ণিমা হব,
আকৌ জনম হ’ব ভালপোৱাৰ আন এটি নতুন চাকি।।
ভাৱাৰ্থ
য়ামব গাছৰ- দৰা,কইনাক আদৰিবলৈ ব্যৱহাৰ কৰা বিশেষ কাপোৰ।


আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ