চাকি-কাৰ্চাং তাকাৰ(আস্থা আলোচনীত প্ৰকাশিত প্ৰেম বিশেষ )

তপন পায়েং
0

চাকি



কাৰ্চাং তাকাৰ,

এন্ধাৰত এতিয়াও ককবকাই হিয়াৰ ডুখৰি,

জানিব খোজোঁ!

এতিয়াও জ্বলেনে প্ৰেমৰ নীলা চাকিটি ?

কেতিয়াবা কেতিয়াবা এন্ধাৰত তিৰবিৰাব খুজে,

অথচ আজিকালি নজ্বলে হিয়াৰ চাকিটি;

যিদৰে এন্ধাৰত তোমাৰ দীপ্তি নোপোৱাত চটফটাইছিল,

এতিয়াছোন নজ্বলে আন  তৈল-মোহিনীত।

তুমিটো জানাই আমি অতীতৰ আভা,

কতেনো সিচিব পাৰিম নতুন ফুলৰ য়ামব গাছৰ,

এইভাৱে সলালা নেকি নদীৰ সোঁত ?

কথা আছিল-এই নদীয়েদি সাগৰলৈ যোৱাৰ      কথা আছিল-এই বাটেৰে আন এখন চহৰলৈ যোৱাৰ                                কত কথা আছিল ! কথা আছিল বাবেইটো

আন্ধাৰৰ আকাশখনকো বৰ ৰঙচুৱাকৈ দেখিছিলোঁ।



এতিয়া এই অৱশেষ কংকাল মৰুভূমি,

মৰীচিকাত চিকমিকনি দেখা কিন্তু এই হাড়,

ভগ্নাৱশেষক সুধি চালেহে জানিবা

-এন্ধাৰত এতিয়াও জ্বলেনে নজ্বলে।

যোৱাৰাতি এই আকাশেদি  ধ্ৰুৱ তৰাই পাৰ হওঁতে

তোমাৰ কথাকেই কৈ গৈছিল

-তুমি হেনো বৰ চহৰীয়া হ’লা !

এৰাহ !

এতিয়ানো কত বুজিবা হাড়ে-হিমজুৱা

শীতত চাকিৰ পোহৰলৈ বাটচোৱা

প্ৰেমিক দীনবন্ধুৰ কথা।

শুনিছোঁ-তোমাৰ চহৰত হেনো  চাকি নজ্বলে ?

নাই হেনো শীতে  কপোৱা  ভূমিকম্প।

কুশলে থাকা ,

জ্বলি থাকা মম হৈ,

অন্তঃত চাকি হৈ নজ্বলিবা,

চাকি হৈ জ্বলাৰ অজুহাত পালেওঁ

  কাষ চাপিব নোৱাৰাৰ যি দুখ

মই সাঁচি ৰাখিব নাজানিম ।জ্বলি থাকা ,

পোহৰোৱা এন্ধাৰক ম’ম হৈ,

গলি গলি  শেষ হোৱাএই পোহৰত জিৰাবলৈ ৰৈ আছেনো কোন ?


হেৰাই যাম ,

এন্ধাৰত লুকাম ,

জ্বলি জ্বলি উশাহ এৰিম,

এনেকৈয়েই আকৌ অমানিশা এৰিব

আকাশত পূৰ্ণিমা  হব,

আকৌ জনম হ’ব ভালপোৱাৰ আন এটি নতুন চাকি।।



ভাৱাৰ্থ

য়ামব গাছৰ- দৰা,কইনাক আদৰিবলৈ ব্যৱহাৰ কৰা বিশেষ কাপোৰ।



Post a Comment

0 Comments

আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ

Post a Comment (0)
3/related/default