পৃথিৱী বচাওঁ:অসমৰ পৰিৱেশ সমস্যা আৰু সমাধান,তপন পায়েং

তপন পায়েং
0

 

তপন পায়েং
পবা বৰ্ষাৰণ্য মহোৎসৱ স্মৃতি গ্ৰন্থত



তপন পায়েং


তপন পায়েং

তপন পায়েং

পৃথিৱী বচাওঁ: অসমৰ পৰিৱেশ সমস্যা আৰু স্থানীয় সমাধান

তপন পায়েং



পৃথিৱীৰ মানৱ সভ্যতাৰ একমাত্ৰ পৰিচিত আশ্ৰয়স্থল। জীৱ–বৈচিত্ৰ্য, জলচক্র, মাটিৰ উৰ্বৰতা, অক্সিজেন প্ৰদান এই সকলো সম্পদেই মানৱৰ অস্তিত্বক সমর্থন দিয়ে। কিন্তু প্রযুক্তিগত উন্নয়ন, জনসংখ্যা বৃদ্ধি, নগৰায়ন, অতিভোগ আৰু অজ্ঞানতাৰ ফলত পৰিৱেশ আজিৰ বিশ্বতে গভীৰ সংকটৰ সন্মুখীন হ’বলগীয়া হৈছে । জলবায়ু পৰিৱর্তন, বায়ুপ্ৰদূষণ, বন ধ্বংস, প্লাষ্টিক প্ৰদূষণ—এইবোৰ কেৱল বিশ্বৰ সমস্যাই নহয়, বৰ্তমান প্ৰেক্ষাপটত অসমৰ ভাৱেওঁ  ডাঙৰ  প্ৰত্যাহ্বান ।

        “পৃথিৱী বচাওঁ” কথাটোৱে  কেৱল শ্লগান নহয়; ই প্ৰকৃতি–মানৱ সম্পৰ্কৰ এক গভীৰ চেতনাৰ আহ্বান। বিশেষকৈ অসমত  জৈৱ–বৈচিত্ৰ্যময় অঞ্চলত পৰিৱেশৰ ক্ষতি মানে আমাৰ সংস্কৃতি, জীৱনযাপন আৰু জীৱন–ধাৰাৰ ক্ষতি।

    অসমৰ পৰিৱেশ সমস্যা: মূল দৃষ্টিকোণত 

১. বনধ্বংস আৰু বনাঞ্চল হ্ৰাসঃ অসমৰ প্ৰাকৃতিক সম্পদৰ মূল স্তম্ভই হ’ল বন। কিন্তু অবৈধ গছ-গছনিৰ ব্যৱসায়, বাসগৃহ বিস্তাৰ, শিল্প–প্ৰসাৰৰ ফলত বনাঞ্চল বছৰে বছৰে হ্ৰাস পাইছে। বিশেষকৈ—

কাৰ্বি আংলং,ডিমা হাছাওঁ,গুৱাহাটী–সংলগ্ন বনাঞ্চল,নামৰূপ, লাহৰি পথাৰ আদি অঞ্চলসমূহত বন সংকটৰ সন্মুখীন হ’বলগীয়া হৈছে ।

বন ধ্বংসত—মাটিৰ উৰ্বৰতা হ্ৰাস,বন্যা–ভূমিক্ষয় বৃদ্ধি,বন্যপ্ৰাণীৰ বাসস্থান ক্ষয়,সেউজ গৃহ  গেছ বৃদ্ধিৰ সমস্যাসমূহ দেখিবলৈ পোৱা গৈছে।

২. নদীপ্ৰদূষণ আৰু ভূমিক্ষয়ঃ- অসমৰ জীৱন–ধমনী বিন্দু  ব্ৰহ্মপুত্ৰ আৰু বৰাক। কিন্তু— শিল্প–বর্জ্য,চিকিৎসালয়ৰ পেলনীয়া জাৱৰৰ দম,নগৰৰ আৱৰ্জনা,নিষ্কাশন–নলা,প্লাষ্টিকে অসমৰ মূল নদী ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ সমস্যাৰ সৃষ্টি কৰিছে। এইবোৰে নদী–নদীৰ জলমান ভয়ংকৰভাৱে অবনতি ঘটাইছে। তাৰোপৰিওঁ এইবোৰ কাৰণত ব্ৰহ্মপুত্ৰ উপত্যকাত ভূমিক্ষয় বছৰে বছৰে হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি  বিলীন হৈছে ।

৩. বায়ু প্ৰদূষণঃ-গুৱাহাটী, শিলচৰ , ডিব্ৰুগড়, তেজপুৰ আদি নগৰাঞ্চলত বায়ুপ্ৰদুষণ হোৱাৰ কাৰণসমূহ- যান-বাহন চলাচল বৃদ্ধি,ধূলিকণা,নিৰ্মাণস্থলৰ বালি–চিমেণ্ট বিস্ফোৰিত ধূলি,ইটাভাটাৰ ধূৱা আদিয়ে বায়ু প্ৰদূষণ হোৱাত উদ্ৰেষ সৃষ্টি কৰিছে।

. বন্যপ্ৰাণী সংকটঃ- অসমত UNESCO স্বীকৃত বিশ্ব ঐতিহ্য স্থান কাজিৰঙা, মানাহ আদিৰ দেশ। কিন্তু সাম্প্ৰতিক সময়ত বনাঞ্চল হ্ৰাস,দুস্কৃতিকাৰী চোৰাং-চোৱা চিকাৰীৰ কবলত বন্য জীৱৰ মৃত্যু হোৱা পৰিলক্ষিত দেখিবলৈ পোৱা গৈছে,বাৰিষাকালত হোৱা বানপানীয়ে জীৱ-জন্তুৰ বাসস্থানত হানি-বিঘিনী জন্মাইছে।তাৰোপৰিও এই সমস্যা আদিৰ লগতে বন্যপ্ৰাণী অঞ্চলসমূহত পথ-নিৰ্মাণ ইত্যাদিয়ে হাতী, বাঘ, চিতা আদি প্ৰাণী মানৱ বসতিত প্ৰৱেশ কৰি সংঘাত সৃষ্টি কৰিছে ।


 বন সংৰক্ষণত অসমৰ স্থানীয় লোকসকলৰ কৰণীয় পদক্ষেপসমূহঃ-

কাজিৰঙা–সংলগ্ন অঞ্চলত যেনেকৈ স্থানীয় জনজাতীয় গাঁও–সমিতিয়ে বন সংৰক্ষণত সাফল্য লাভ কৰিছে, তেনেধৰনে  আৰ্হি প্ৰস্তুত কৰি সম্পূৰ্ণ অসমত প্ৰয়োগ কৰিব লাগিব।

যেনে—

 “এক গাঁও–এক বন” অভিযান’’

“ স্কুল–কলেজত বছৰি বৃক্ষৰোপণ’’

“বনকৰ্মী–গ্ৰাম্যবাসী–সেৱা সমিতিৰ যৌথ সমদল’’

* অবৈধ গছ-গছনিৰ চোৰাং-চোৱাৰ বিপক্ষে – অনলাইন/হেল্পলাইন ব্যৱস্থা কৰা’’


আমি যদি এনেকৈয়েই পদক্ষেপ লওঁ বন ধ্বংসৰ কাৰ্য ৪০–৫০ শতাংশলৈ হ্ৰাস কৰিব পাৰিব ।

নদী উদ্ধাৰ অভিযানতঃ-অসমৰ প্ৰতিটো জিলা–নগৰত নদী–নলাৰ পৰিষ্কাৰ অভিযান হাতত লব লাগিব। যেনে ,নদীৰ পাৰত প্লাষ্টিক সম্পূৰ্ণ নিষিদ্ধ কৰা ,শোধন–কেন্দ্র স্থাপন কৰা, জলাশয়–প্ৰদুষণ ৰোধ কৰাৰ সজাগতা সৃষ্টি কৰা,স্থানীয় এনজিঅ', NSS, NCC সমন্বয়ৰ জৰিয়তে নদী–পৰিষ্কাৰ কৰা অভিযান গঢ়া ।এনেধৰনৰ পদক্ষেপসমূহ  ল’লেহে নদীৰ পানীৰ মান উন্নত কৰি তুলিব পাৰিব ।

নগৰত বায়ু প্ৰদুষণ ৰোধ কৰিব পৰাৰ ব্যৱস্থাসমূহৰ ভিতৰত : বাগিচা সৃষ্টি কৰা,বিদ্যালয়–মহাবিদ্যালয়ত ঔষধি উদ্যান গঢ়ি উঠা,বহুমহলীয়া–ভৱনত “Roof–Garden” নীতি অৱলম্বন কৰা,“এক পৰিয়াল–দুটা গছ” উদ্যোগ গঢ়া আদিয়ে নগৰীয়া বায়ুদূষণ ১৫–২৫% পৰ্যন্ত কমোৱা আশা কৰিব পাৰো।


প্লাষ্টিক–মুক্ত অসম কেনেকৈ গঢ়িম- অসমত প্লাষ্টিক ব্যৱহাৰে ভয়াৱহ সমস্যাৰ সৃষ্টি কৰিছে,এনে প্ৰাকক্ষণত আমি,প্লাষ্টিকৰ ব্যৱহাৰ কমাবলৈ

প্লাষ্টিকৰ বিকল্প হিচাপে—

বাঁহ, শলপাত, তালপাত, মৰাপাটৰ নিৰ্মিত মোনা  ব্যৱহাৰ কৰা,পুনঃব্যৱহাৰযোগ্য কাপোৰ ব্যৱহাৰ কৰা, পেকেজিং–এন্টাৰপ্ৰাইজত স্থানীয় মহিলা আত্মসহায়ক গোটৰ অংশগ্ৰহণ কৰোৱা। এনেকৈয়েই যদি পদক্ষেপ লওঁ  পৰিৱেশৰ লগতে ই  অৰ্থনৈতিক আত্মনিৰ্ভৰশীল হোৱাতো সহায়ক হৈ পৰিব ।


বন্যপ্ৰাণীক কেনেকৈ  সুৰক্ষা প্ৰদান কৰিম? বন্যপ্ৰাণীক সুৰক্ষা প্ৰদানৰ আগতে জীৱ-জন্তুবোৰৰ চাল-চলন আদি সমূহ জানিবলৈ শিকিব লাগিব তেতিয়াহে কিঞ্চিতভাৱে হ’লেও সুৰক্ষা প্ৰদান কৰিব পাৰিম। তাৰোপৰিওঁ ,হাতী চলাচল পথ সংৰক্ষণ কৰা,বনাঞ্চলৰ ওচৰত বৈদ্যুতিক বেৰ নিয়মিত কৰা,চোৰাং চিকাৰীসকলক  কঠোৰ শাস্তি প্ৰদান কৰা,অসমলৈ অহা পৰ্যটক সকলক no smoking, no plastic, no feeding animals আদিৰ নিৰ্দেশনা দিয়া যাতে জীৱ-জন্তুসকলৰ অপকাৰ ন’হয়।


ব্যক্তিগতভাৱে আমি কি কৰিব পাৰো? ঘৰত আবৰ্জনা পৃথকীকৰণ কৰা,প্লাষ্টিক ব্যৱহাৰ কমোৱা,চাইকেল, ই–ৰিক্সা, পাব্লিক ট্ৰান্সপ'ৰ্ট ব্যৱহাৰ,পুনৰ্ব্যৱহাৰ বৃদ্ধি কৰা,জল সংৰক্ষণ,গছ ৰোপণ আৰু সুৰক্ষা,জনসাধাৰণক পৰিৱেশ সম্পৰ্কে সচেতন কৰা।


     অসমৰ পৰিৱেশ সংকট কেৱল প্ৰাকৃতিক সমস্যা নহয়—ই আমাৰ জীৱনধাৰা, অৰ্থনীতি আৰু সংস্কৃতিৰ সৈতে সজাগৰ লগত  জড়িত। ব্ৰহ্মপুত্ৰ, বৃষ্টি–বনাঞ্চল, বৰষুণ, চাহ–বাগিচা, বন্যপ্ৰাণী—এই সকলো প্ৰাকৃতিক ঐশ্বৰ্যই অসমক বিশেষত্ব প্ৰদান কৰিছে। কিন্তু এই বৈচিত্র্যময় সৌন্দর্য ৰক্ষা নকৰিলে ভবিষ্যৎ প্ৰজন্মৰ বাবে শুদ্ধ পৰিৱেশ বিলুপ্ত হৈ পৰিব।

পৃথিৱী বচাওঁ মানে—

নিজৰ মাটি বচোৱা,

নিজৰ নদী–বন বচাওঁ মানে,

নিজৰ ভবিষ্যৎ বচোৱা।।

   সমস্যা চিহ্নিত হয়; সমাধান আমাৰ হাততেই আছে। সমষ্টিগত সদিচ্ছা, সচেতনতা আৰু দায়িত্ববোধ থাকিলে অসমক পুনৰ এক সবুজ, স্বচ্ছ  ভূখণ্ড হিচাপে গঢ়ি তোলা সৰ্বাংগীনেই সম্ভব।






Post a Comment

0 Comments

আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ

Post a Comment (0)
3/related/default