| "From Rights to Duties: Our Role in the Protection of the Constitution." |
— তপন পায়েং,৬০০২০৭৬৮৮
১৯৫০ চনৰ ২৬ জানুৱাৰী দিনটো ভাৰতীয় ইতিহাসৰ এক সোণালী অধ্যায়। এই পবিত্ৰ দিনটোতে স্বাধীন ভাৰতে নিজৰ সংবিধান গ্ৰহণ কৰি বিশ্বৰ দৰবাৰত এক সাৰ্বভৌম, গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল। আমাৰ সংবিধান কেৱল শাসন চলোৱাৰ বাবে কিছুমান নীতি-নিৰ্দেশনাৰ সমষ্টি নহয়; ই হ’ল কোটি কোটি ভাৰতীয়ৰ আশা-আকাংক্ষাৰ প্ৰতিফলন আৰু আমাৰ জাতীয় গৌৰৱ বা অভিমানৰ আধাৰ। আমাৰ সংবিধানৰ মূল সপোন আছিল এখন মৰ্যাদাপূৰ্ণ আৰু ন্যায়সংগত সমাজ গঢ়া। ড° বি.আৰ. আম্বেদকাৰৰ নেতৃত্বত সংবিধান প্ৰণয়নকাৰীসকলে এনে এখন ভাৰতৰ সপোন দেখিছিল য’ত সামাজিক ন্যায়ৰ ক্ষেত্ৰত জাতি, ধৰ্ম, লিংগ বা বৰ্ণৰ নামত কোনো বৈষম্য নাথাকিব। সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ থকা 'ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধ'—এই চাৰিটা স্তম্ভই আমাৰ গণতন্ত্ৰক সুৰক্ষিত কৰি ৰাখিছে।
সংবিধানৰ সপোন, দেশৰ অভিমান
আইনৰ চকুতো ধনী-দুখীয়া, উচ্চ-নীচ সকলো সমান হ’ব আৰু প্ৰতিজন নাগৰিকে নিজৰ মত প্ৰকাশ কৰাৰ লগতে পছন্দৰ ধৰ্ম পালন কৰাৰ পূৰ্ণ স্বাধীনতা পাব—এইয়াই আছিল আমাৰ সংবিধানৰ মূল ভেটি। ভাৰতীয় সংবিধানক বিশ্বৰ অন্যতম শ্ৰেষ্ঠ সংবিধান বুলি গণ্য কৰা হয়। বিশ্বৰ আটাইতকৈ দীঘলীয়া লিখিত সংবিধান হোৱাৰ উপৰিও ই অত্যন্ত নমনীয় আৰু একেলগে অনমনীয়, যিয়ে পৰিৱৰ্তিত সময়ৰ লগত খাপ খাব পাৰে। ভাৰতৰ দৰে বহুভাষী, বহু ধৰ্মীয় আৰু বিচিত্ৰ সংস্কৃতিৰ দেশ এখনক এখন সংবিধানৰ ছত্ৰছায়াত একগোট কৰি ৰখা কাৰ্যই সমগ্ৰ বিশ্বক আজিও আচৰিত কৰে। সংবিধানে আমাক যি মৌলিক অধিকাৰ প্ৰদান কৰিছে, সেয়াই আমাক এজন স্বাধীন আৰু মৰ্যাদাবান নাগৰিক হিচাপে বিশ্বৰ বুকুত পৰিচয় দিছে।
অৱশ্যে সংবিধানৰ সপোনবোৰ সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰিবলৈ এতিয়াও বহুত বাকী। সমাজত শিপাই থকা দুৰ্নীতি, দৰিদ্ৰতা আৰু মাজে মাজে গা কৰি উঠা সাম্প্ৰদায়িকতাই আমাৰ এই গণতান্ত্ৰিক সপোনক বাধাগ্রস্ত কৰে। বৰ্তমান সময়তো আমাৰ দেশৰ বহু গ্ৰামাঞ্চলত মানুহ সংবিধানৰ বিষয়ে অজ্ঞ হৈ আছে। সংবিধান কি বা ইয়াৰ শক্তি কিমান, সেই সম্পৰ্কে জ্ঞান নথকাৰ বাবেই বহুলোকে চৰকাৰী সুবিধা বা আঁচনিসমূহ লাভ কৰাৰ পাছতো নিজৰ সাংবিধানিক দায়িত্বৰ বিষয়ে অৱগত নহয়। এজন নাগৰিকে যেতিয়ালৈকে নিজৰ অধিকাৰৰ সমান্তৰালকৈ কৰ্তব্যৰ বিষয়ে জানিব নোৱাৰে, তেতিয়ালৈকে গণতন্ত্ৰৰ শিপাডাল মজবুত নহ’ব। কেৱল অধিকাৰ বিচাৰি চৰকাৰৰ মুখলৈ চাই থাকিলেই আমাৰ দায়িত্ব শেষ নহয়। সংবিধানৰ ৫১ (ক) অনুচ্ছেদত আমাৰ বাবে কিছুমান 'মৌলিক কৰ্তব্য' নিৰ্ধাৰণ কৰা হৈছে। আমি ভাবো যে এই কৰ্তব্যসমূহ পালন কৰাটো আমাৰ এক নৈতিক দায়িত্ব। উদাহৰণস্বৰূপে, সময়মতে বিদ্যুৎ মাচুল পৰিশোধন কৰা, ৰাজহুৱা সম্পত্তি সুৰক্ষিত কৰা, চৌপাশৰ পৰিৱেশ বিনষ্ট নকৰি তাক সংৰক্ষণ কৰা আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰে সমাজৰ কুসংস্কাৰ আঁতৰ কৰা—এইবোৰ আমাৰ মূল কৰ্তব্যৰ ভিতৰত নপৰেনে? দেশপ্ৰেম কেৱল শ্ল’গানৰ মাজত সীমাবদ্ধ থাকিব নালাগে, ই আমাৰ দৈনন্দিন কাম-কাজত প্ৰতিফলিত হ’ব লাগে। যেতিয়ালৈকে আমি সকলো আইন আৰু কৰ্তব্য সূচাৰুৰূপে পালন নকৰো, তেতিয়ালৈকে সংবিধান প্ৰকৃত অৰ্থত দেশৰ অভিমান হৈ নুঠিব।
সংবিধান এখন নিৰ্জীৱ কিতাপ নহয়, ই এখন জীৱন্ত দাপোণ য’ত আমাৰ মৰ্যাদা আৰু ভৱিষ্যত প্ৰতিফলিত হয়। যেতিয়ালৈকে এজন গাঁৱৰ খেতিয়কে নিজৰ অধিকাৰৰ লগতে দায়িত্বৰ বিষয়ে সজাগ নহয়, তেতিয়ালৈকে গণতন্ত্ৰৰ সপোন অসম্পূৰ্ণ হৈ থাকিব। আমাৰ সংবিধান আমাৰ বাবে এক পবিত্ৰ ধৰ্মগ্ৰন্থ সদৃশ। ই আমাক পথ দেখুৱাইছে আৰু আমাক এক পৰিচয় দিছে। যেতিয়ালৈকে ভাৰতৰ প্ৰতিজন নাগৰিকে সংবিধানৰ নীতিসমূহ শ্ৰদ্ধাৰে পালন কৰিব, তেতিয়ালৈকে আমাৰ দেশৰ অভিমান বিশ্বৰ বুকুত জিলিকি থাকিব। আমাৰ সপোনৰ ভাৰত গঢ়িবলৈ হ’লে আমি সংবিধানক কেৱল মগজুত নহয়, হৃদয়ত স্থান দিব লাগিব।


আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ