জনজাতীয় মর্যদা প্ৰদানে জনজাতীয় আৰু বৃহত্তৰ অসমীয়া জাতিৰ হ'ব ভৱিষ্যত অন্ধকাৰ- তপন পায়েং
প্ৰথমতে, জনজাতীয় মর্যাদা লাভ কৰাৰ লক্ষ্যটো যিমানেই যুক্তিসংগত হোৱা দেখা যায় , কোনো অধিকাংশৰ ক্ষেত্ৰত এই পদক্ষেপটোৱে জনজাতীয় সমাজৰ মৌলিক সাংস্কৃতিক পৰিচয়ক পৰোক্ষভাৱে প্রভাৱিত কৰিব পাৰে। বহিঃসমাজৰ চাপ, ৰাজনৈতিক দলসমূহৰ ভোট-বেংকৰ স্বাৰ্থত আৰু বহল ৰাষ্ট্ৰীয় প্ৰবাহৰ প্ৰভাৱত জনজাতীয়সকলৰ লাহে লাহে নিজৰ ভাষা, ধৰ্ম আচাৰ, শৈলী আৰু সামাজিক একতা হেৰুৱাই পেলাব। এই পৰিৱর্তনে তেওঁলোকক সাময়িকভাৱে লাভ দিলেও সাংস্কৃতিক অস্তিত্ব সংকটত পৰিণত হ'ব।
দ্বিতীয়তে, জনজাতীয় মর্যদা পাবলৈ যোৱা দাবী-আন্দোলনে সমাজত বিভাজন, অসন্তোষ আৰু সংঘাতৰ জন্ম দিব । এটা জনগোষ্ঠীৰ দাবী স্বীকৃত হ'লে অন্য জনগোষ্ঠীৰ মাজত হিংসা বা অসন্তুষ্টি দেখা দিব পাৰে। ইয়াৰ ফলস্বৰূপে বিভিন্ন জনজাতীয় গোঠৰ মাজত পৰস্পৰ সন্দেহ বৃদ্ধি হৈ সামাজিক সম্প্রীতি ক্ষতিগ্ৰস্ত হোৱাটোৱে এক ভয়াবহ পৰিণতি ভয় আনিব পাৰে।
তৃতীয়তে, জনজাতীয় মর্যাদা লাভ কৰিলে যিমান অধিক সুযোগ-সুবিধা মিলিব তেনে ধাৰণা সকলো ক্ষেত্ৰত বাস্তৱ নহয়। চাকৰি কিম্বা ৰাজহুৱা সুবিধাৰ ক্ষেত্ৰত ইতিমধ্যে তীব্ৰ প্ৰতিযোগিতা। নতুনকৈ কোনো গোঠৰ সংযোজনে আন গোটসমূহক অধিক পিছলৈ ঠেলি দিব পাৰে। ই ৰাজ্যিক আৰু আঞ্চলিক পৰ্যায়ত অৰ্থনৈতিক-সামাজিক বৈষম্য বৃদ্ধি কৰিব পাৰে।
পঢ়ক তপন পায়েঙৰ অন্যত্বম লেখা
বহু বিবাহৰ প্ৰথা সমাপ্ত -অসমত আৰম্ভ হব সমাজ সংস্কাৰৰ নতুন যুগ
অন্ততঃ, জনজাতীয় মর্যাদাৰ ওপৰত অধিক নির্ভৰশীলতা মনোভাৱ সৃষ্টি কৰিব পাৰে। স্ব-নির্ভৰ উন্নয়ন, শিক্ষাৰ মনোন্নয়ন, ব্যৱসায়িক দক্ষতা বৃদ্ধি আদি ক্ষেত্ৰত আগবাঢ়িবলৈ ব্যক্তি আৰু সমাজ দুয়োতেই উৎসাহ হ্ৰাস পাব। একতা থকা সত্বেও ভৱিষ্যতৰ বাবে ক্ষতিকাৰক হব।
আগলৈ আগবঢ়াৰ পথ
সাংস্কৃতিক সংৰক্ষণ — ভাষা, পৰম্পৰা, লোকাচাৰ ধৰি জনজাতীয় পৰিচয় সংৰক্ষণৰ দিশে সমাজে নিজে অগ্ৰসৰ হ'ব লাগিব।
মান সন্মত শিক্ষা — সংৰক্ষিত আসনত ভৰসা নকৰি আধুনিক শিক্ষা, দক্ষতা আৰু কাৰিকৰি প্ৰশিক্ষণৰ সুবিধা বৃদ্ধি কৰিব লাগিব।
স্ব-নিযুক্তি আৰু উদ্যোগ — স্থানীয় শিল্প, কৃষি, পৰ্যটন আদি ক্ষেত্ৰত জনজাতীয় যুৱক-যুৱতীক উদ্যোগী কৰি তোলা উচিত।
ৰাজনৈতিক স্বাৰ্থৰ পৰা দূৰত্ব — জনজাতীয় মর্যাদাৰ দাবীক ৰাজনৈতিক দলসমূহৰ ভোট-বাণিজ্যৰ অস্ত্ৰ হ’ব নিদিয়া যুক্তিনিষ্ঠভাৱে আগবঢ়াব লাগিব।
সম্প্ৰতি শক্তিশালীকৰণ — অন্য জাতি-গোঠৰ সৈতে সম্প্রীতি, আলোচনা-মঞ্চ আৰু বিশ্বাস গঢ়ি তুলা সমাজৰ স্থিৰতাৰ বাবে অত্যাৱশ্যক।
দক্ষতা বিকাশ — ডিজিটেল, প্রযুক্তি, ভাষা, প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষণ আদি দ্ৰুতগতিতে উন্নয়ন কৰিব লাগিব।
জনসংখ্যা নিয়ন্ত্ৰণ — সম্পদৰ ওপৰত চাপ নোহোৱাকৈ পৰিকল্পিত আৰু স্বাস্থ্যসেৱা নিশ্চিত কৰিব লাগিব।
জনজাতীয় মর্যাদা লাভৰ হেপাঁহে ভয়াবহটো হ'বই তাৰোপৰি ইয়াৰ পিছৰ মানসিকতা, ৰাজনৈতিক ব্যৱহাৰ, সাংস্কৃতিক হানি, সামাজিক বিভাজন আৰু স্ব-নির্ভৰ গুণ হ্ৰাস—এইবোৰই ভৱিষ্যতক বিপদ গ্ৰস্তত পেলাব পাৰে। এই হেঁপাহক যদি উন্নয়ন, শিক্ষা, সংস্কৃতি সংৰক্ষণ, স্বাৱলম্বনেৰে সমন্বিত কৰি ধৰা যায় তেন্তে কোনো ভয় নাই। কিন্তু যদি জনজাতীয় মর্যাদাকেই একমাত্র মুক্তিৰ পথ বুলি ধৰা হয়, তেনেহলে এইটো সত্য যে জনজাতীয়সকলৰ ভৱিষ্যতলৈ ভয়াবহতা আনিব পাৰে।

আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ