নল-বগৰী(অসম আদিত্য বাতৰি কাকতত প্ৰকাশিত)
তপন পায়েং
লখিমপুৰ
-ঐ লৰা শুনিছনে ৰাতি বেছি দেৰিলৈকে নাথাকিবি! তোৰ এই বৰশীৰ মাছ ন'হলেওঁ চলিব আমাৰ ৰাতিপুৱাৰ সাঁজ ।
ৰজনীৰ কাণ-নমনাৰ বাবে আকৌ মাকে কয়,
-ঐ ল'ৰা শুনিছনে ?
মাকৰ কথাত লাহেকৈ,
-অহ! মা মই শুনিছো ন'হয়। এনেই মিছাতে আপুনি ভয় কৰিছে আজিৰ দিনতো ভূতৰ কথাত বিশ্বাস কৰেনে ।
ঘৰৰ ভিতৰৰ পৰা মা'কে আকৌ চিঞৰি
-হ'ব হ'ব তই বৰ ল'ৰা নেদেখুৱাবি! যেতিয়া অকলে তাৰ পৰা ঘূৰি আহোতে আলু-বিলাহীৰ ভজা সৰৰ গুন্ধবোৰ পাবি ,লাহে লাহে গছৰ পাত পৰা শব্দবোৰ যেতিয়া শুনিবি তাৰ পিছত ক'বাহি মোক ভূতৰ কথা।আৰু ইফালে বেছি দেৰি কৰিলে তোমাৰ দেউতাৰাই ৰাস্তাত নেদেখা টেপুং ভূতটো ঘৰত দেখুৱাব, চাবি কিন্তু!
ৰজনীয়ে কথাষাৰ শুনাৰ লগে লগে বৰশীটোপত কেচু লগাই মোনাত ভৰালে আৰু লগৰ সমনীয়া তিলেশ্বৰৰ লগত বেল নথকা চাইকেলটো লৈ ওলাই যায় নলবগৰীলৈ ।
নলবগৰীৰ চৌপাশৰ দৃশ্য বুলি ক'লে ,নলবগৰীৰ পথাৰ মাজত ডাঙৰ ঔটেঙা গছ আৰু এই গছজোপাৰ সম্ভৱত এশ মিটাৰ হ'ব এই দূৰত্বত এটা কেচাপথ আছে আৰু এই খলা-বমা বাটেদি বহুতো মানুহ-চাইকেল লৈ আন এখন গাওঁলৈ অহা যোৱা ক'ৰে । আৰু ঔটেঙাজোপাৰ পিছফালে আছে এটা ডাঙৰ বিল,এই বিলত প্ৰতিবছৰে মাছ মাৰিব যোৱা মানুহে এই বিলতে নিজৰ জীৱন হেৰুৱাইছে এই বিলৰ কাষে কাষে নল বন আৰু বগৰীওঁ আছে ,যিয়ে মিঠা যেন এই বিলত থকা বৰডাঙৰীয়াই মাছমৰীয়া সকলক অতিথী আপ্যায়ন কৰিছে । এই নলবগৰীত সময় অনুসৰি বেলেগ বেলেগ ৰূপ প্ৰদৰ্শন কৰি আহিছে খৰালীকালত সন্ধিয়া হোৱাৰ লগে লগে শীতকালত শিয়ালে ওৱা দি মানুহৰ আত্মাবোৰ ওৱা দি চিঞৰে যিসকলে কেচাই কেচাই মৰিছে তেওঁলোকৰ আত্মাবোৰ। হ'য়তো এই নলবগৰীৰ ওচৰে থকা বাস কৰা মানুহে ক'য় ৰাতি এনো বেছিকে শনি আৰু মঙলবাৰে বাৰ বাজিলেই পুৰ্নিমাৰ আত্মাই চিঞৰি কান্দে
দেউতা অহ! ,অহ দেউতা ।
এই সকলো কথাবোৰ কোৱাৰ সময়তে তিলেশ্বৰ আৰু ৰজনী লগত অহা পালোৱানে কৈ গৈছিল,পালোৱান বয়সত দুয়োজনতকৈ পাচবছৰ ডাঙৰ । কথাৰ মাজতে তিলেশ্বৰে পালোৱানক ধৰি সুধিলে,
-দাদা কিয় কান্দে কোন আছিল পূৰ্নিমা?
আৰু তাৰ মাজতে ৰজনীয়ে কলে,
-পালোৱান দা চাইকেলটো সোণকালে পেডেল মাৰক না,ৰাতি হ'লে বহুত দিগদাৰ হ'ব সিফালে সকল আমি তিনিওঁজনেহে লগ বুলিবলৈ বলেনসতেওঁ অহা নাই।
ৰজনীৰ কথাত
-এহ ভয়াতুৰটো ! পালোৱান দা কথাতো কওঁকনা পূৰ্নিমা কোন আছিল।
ৰ'ছোন তোৰ শুনিবলৈ অকনমানো ভয় লগা নাইনে?..
পালোৱানৰ কথাত তিলেশ্বৰে ক'লে
-মই আৰু ভয় কৰিব ! মই বেলেগৰ নিচিনা ভয়-পাদুৰা ন'হয়টো।
তিলেশ্বৰে যেন ৰজনীক ঠাট্টা কৰাৰ সুৰত কৈ পালোৱান আৰু তিলেশ্বৰে দুইজনে ডাঙৰ ডাঙৰকৈ হাঁহিলে,বেচেৰা ৰজনী চাইকেলৰ আগ বহা চিটত লাহেকৈ মুখ বেকেটা কৰি বহি থাকিল আৰু সিফালে পালোৱান পূৰ্নিমাহতঁৰ কথা কৈ গৈ থাকিল।
চাইকেল চলাই গৈ থাকোতেওঁ ওচৰৰ ঘৰখন দেখুৱাই ক'য়
-দেখিছা,সৌটো ঘৰখন অৱশ্যে এতিয়া ঘৰ বুলিবলৈ একো নাই চাল-বেৰৰ বাহিৰে ,ঘৰত পূৰ্ণিমাৰ দেউতা বিনয় আৰু মা ঐছিৰি আছিল। বিনয় ওচৰৰ সৌটো ঔটেঙাগছটো দেখিছা ,তাত পূৰ্নিমাহতঁৰ মাটি বাৰী আছিল বুলি মানুহে ক'য় । এদিন বা কি হ'ল -ঘৰৰ ভিতৰৰ পৰা পূৰ্ণিমা চিঞৰিছিল
-দেউতা অহ! মোক বছোৱা,
বেছেৰী পূৰ্ণিমাই কেনেকৈ জানিব তাইক বচোৱা দেউতাককেই মাৰি খাটি ঔটেঙা গছত ওলমাই থৈছেগে আৰু মাকক টুকুৰা টুকুৰকৈ খাটি নলবগৰীত পেলাই থৈছেগৈ ॥
পালোৱানৰ এই কথাত গহীন হৈ কোনো ভয় নকৰাকৈ তিলেশ্বৰে সুধিলে
-কোনে হত্যা কৰিলে ?
পালোৱানে পেডেল মাৰি,লাহেকৈ উশাহ কমাই ক'লে
-এইটোৱেইটো কাহিনী হৈ আছে আজিলৈকে কোনেওঁ ক'ব পৰা নাই আচল ৰহস্যটো।
পালোৱানৰ কৈ শেষ হোৱাৰ পৰত ৰজনীয়ে আকৌ ক'য়-
-দাদা সোণকালে বলক না!
- সি বেচেৰা ভয়তে ক'বই পৰা নাই! চোৱাছোন পালেহি! এইবুলি ক'য় পালোৱানে অলপ দূৰ গৈ চাইকেলখন ৰখাই ৰাখিলে ,ৰাস্তাৰ কাষত থকা বেলং গছত । আটাইকেইটাই নিজৰ নিজৰ গামোছা ভালকৈ বান্ধি ললে । গোটেই নলবগৰী পথাৰখনেই শুকাহ, বিধৱা মহিলাৰ দৰে যেন দুই তিনিদিনৰ আগত গিৰিয়েকযেন মৰি গৈছে নলবগৰীখনৰ নিজান পৰিৱেশ বতাহত যেন টেপুং ভূতবোৰে খোজ কাঢ়ে শুকান পাতৰ সৈতে বেলং গছৰ পাতৰ লৰি-চৰিৰে ।
বেলং গছত তিনিওঁজনে অলপ আৰাম কৰিবলৈ বহিছে,বৰশীত ছিগা কেচুৰ টোপ আকৌ দিবলৈ বৰশীৰ পুঙাবোৰ মোনাৰ পৰা ওলাই লৈ । আৰামৰ এনে সময়তে তিলেশ্বৰে আকৌ ক'লে
-দাদা,মানুহে যে ক'য় টেপুং ভূত ! টেপুং ভূতে ধৰিব।পিছে এই টেপুং ভূতনো কি হ'য়!!
তিলেশ্বৰৰ কথাত আকৌ ৰজনীয়ে খঙতে তাৰ কথাত
- হে হৰি ! কালি ভূত ,ভূত ।
-হ'ব হ'ব ইমান ভয় কৰিব নালাগে । ৰজনীৰ কথাত তিলেশ্বৰে এনেদৰে ক'য়।
এই যে কলো টেপুং ভূত বুলি। নলবগৰী এশ মিটাৰ সিফালৰ ৰাস্তাৰ বাওঁকাষৰ ,সৰুকৈ পুখুৰী বুলিব পাৰি তাত সৰু খাদ এটা আছিল ,তাৰ কাষে কাষে ভূই ৰুইছিল মানুহে ,তাৰ কাষৰে মাটিৰ গৰাকী টেটুন । মাজে মাজে এই পুখুৰীলেখিয়া খাদত টেটুনে জাল পাতিছিল কেতিয়াবা বৰশীয়ো পাতিছিল ,আৰু এদিন কি'যে পালে জানো! টেটুনৰ মৰাশহ এই খাদতে আছিলগৈ ঘৰৰ মানুহে বিচাৰি বিচাৰি চলাথ কৰাৰ তিনিদিনৰ মুৰতে পাইছেগে ॥মানুহে ক'য় টেটুনৰ আত্মাওঁ এতিয়াওঁ ঘুৰি আছে এই নলবগৰীৰ ওচৰে-পাজৰে ,এইয়ে মানুহে টেটুনৰ পৰা টে আৰু পূৰ্ণিমাৰ পূ'ৰ পৰা টেপুং ভূত বুলি মানুহে বিশ্বাস কৰি আহিছে । এইয়ে মানুহে ক'য় নলবগৰীত টেপুং ভূতে ৰাতি হ'লে ঘূৰি ফুৰে । এই ৰাস্তাৰ মাজেৰে অকলে অকলে পাৰ হৈ গ'লে ভয় খুৱাই গছৰ ডাল-পাতবোৰ লৰি লৰি ।
বৰশীৰ পুঙাত কেচু লগাওঁতে লগাওঁতে কেতিয়া কেনেকৈ পূৱৰ বেলিতি পশ্চিমত ৰূপ সলালেগৈ বেচেৰা ৰজনীহঁতে গ'মকেই নাপালে । ইহঁত আটাইকেইজনে গামোছা ঠিকছে বান্ধি নিজৰ নিজৰ মোনা লৈ নামিল। লাহে লাহে আন্ধাৰ নামি আহিল ,ৰাস্তাৰ কাষে কাষে ৰজনীয়ে বৰশীকেইটা পাতিলে আৰু ৰাস্তাৰ পোনে পোনে যোৱা বৰডুবিৰ ফালে পালোৱানে বৰশীকেইটা পেলালে । ইফালে তিলেশ্বৰে টেটুনৰ পুখুৰীৰ পাৰে পাৰে বৰশীকেইটা পাতিলে ,অৱশ্যে তাত অলপ জাৱৰ আছে যত জাৱৰ থাকে তাত মাগুৰ আৰু কুছিয়া পায় তাৰ আশাতে তিলেশ্বৰে খোজ দিছিল কিন্তু লাহে লাহে আন্ধাৰ নামি অহাত পুখুৰীৰ পাৰ ভালকৈ দেখা পোৱা নাছিল সিফালে বেলং গছৰ গুটি পানীত পৰা শব্দই যি শব্দৰ সৃষ্টি কৰিছে
ধ্বুপ! ধ্বুপ! ধ্বুপ,,,
নিজানত বেলং গছৰ আৰু পানীৰ শব্দত লাহে লাহে তিলেশ্বৰৰ মনতো ভয়ৰ উৎকন্ঠা বাঢ়িব ধৰিলে । কি কৰো ওচৰলৈ আহ বুলি চিঞৰিবলৈওঁ দুয়োজনে দূৰৈত ৰৈ আছে । যিমানেই লাহে লাহে খোজ পেলাইছে ইমানেই পানীৰ শব্দৰ জলং-জপং। পানীৰ জলং জপঙত কিছু বৰশী নেপেলোৱাকৈ চট-পঠাই তাৰ পৰা পলাই পতং দি পাৰলৈ আহিলে আৰু ক'লে
-কৃষ্ণ কৃষ্ণ টেপুং ভূত ।
বেচেৰা তিলেশ্বৰ ভালকৈ গামোছাখন বান্ধিবই নাপালে,ভয়তে কাপোৰটো চুচৰি-ভাগৰি পাৰলৈ দৌৰিব লগা হ'ল। ইফালে আন্ধাৰত ৰজনী আৰু পালোৱান তিলেশ্বৰলৈ বুলি ৰওঁতে যিয়ে তিলেশ্বৰৰ চিঞৰত ইহঁতৰ দুজনৰে ভয় সিফালে বতাহৰ যি এচাটি বতাহ ,দাউক চৰাইৰ মাততো ভয়।যেনি তেনি ককাঁলত গামোছা বান্ধি চাইকেলৰ কেৰিয়াত উঠি ক'লে
-বলক ,পালোৱান ককাই। আৰু ৰৈ থাকিলে টেপুং ভূতে পাব।
-কি'হে !আনক দেখোন ভয়াতুৰ বুলি কৈছিলা,এতিয়া দেখোন নিজেই চোন।
ৰজনীৰ এনে ইতিকিঙৰ সুৰত কোৱাৰ বাবে তিলেশ্বৰে আকৌ ক'য়
-হ'ব ! হ'ব। আৰু দেৰি কৰিলে ভূতে সচাকৈ পাব,পাইছানে আলু ভাজিৰ গুন্ধ।
-পাইছো,আৰু এতিয়া দেৰি কৰিলে অসুবিধাই হ'ব ব'লা ব'লা।
এইবুলি ক'য় পালোৱানে চাইকেলৰ পেডেল এখোজ মাৰিলে ।ভয়ে ভয়ে ,এই ভয়ত চাইকেলৰ চেইন নপৰিলেই ৰক্ষা বুলি ,আটাইকেইজনে কৃষ্ণৰ নাম লৈয়েই নলবগৰীৰ পৰা বিদায় ললে
কৃষ্ণ কৃষ্ণ বুলি ॥



আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ