হেপ্পী বাৰ্থ দে-তপন পায়েং
হেপ্পী বাৰ্থ দে
ব্যস্ততা দিনটোৰ, গাৱঁৰ ইটো মুৰৰ পৰা সিটো মুৰলৈ নাৰ্জীৰ দিনবোৰ যেন দেৰিকৈ আহঁক তাৰেই কামনা কিন্তু সময়ক জানো ধৰি ৰাখিব পাৰি,ঘৰত সকলোৰে ব্যস্ততা আলহী-অতিথী আহিব,অতিথীক জিৰাবলৈ ৰভা এটাৰো দৰকাৰ হ’ব তাকে ভাৱিয়েই নাৰ্জীয়ে দেউতাকক বাৰীত থকা বাঁহকেইটামানকো কাটিবলৈয়ো কৈছে ৷ শিল্পাৰ জন্ম দিন বুলি নাৰ্জীৰ মনতো বহুত উচাতন জন্ম দিনলৈ অহা মানুহক কি খুৱাব ? কিমানজনে বা মাংস খাব কিমানে বা মাছ খাব, আলহীক ভালদৰে আপ্যায়িত কৰিব নোৱাৰিলে বৰ লাজৰ কথা নহ’বনে ? সিফালে ঘৰে ঘৰে গৈ সম্বদ্বীয় মানুহকো মাতিছে আৰু সিফালে জন্ম দিনলৈ বুলি মাতিব লগীয়া বহুতো মানুহ বাদ পৰি আছেই সেয়ে নাৰ্জীয়ে লিষ্টখন উলিয়াই এটা ঘৰৰ পিছত আনটো ঘৰ মাতিবলৈ আৰম্ভ কৰিছে,
নাৰ্জীয়ে এনেকৈ সিটো ঘৰ সোমোৱাৰ পাছত আনটো ঘৰ সোমাওঁতে ,ঘৰৰ আগফালেদি গাৱঁৰ একেবাৰে শেষত থকা ঘৰৰ খুৰী এজনীক দেখি মাত দিলে, অহ! খুৰী অহ! খুৰী ৰ’বহিচোন তাইৰ মাত শুনি খুৰীয়েকে ৰৈ দিলে আৰু ক’লে , অহ ! তুমিয়েহে ,মই আকৌ ভাৱিছিলো পিছফালৰ পৰা বা কোনে মাতিলে থমকে খালো ,বাৰু ! কোৱাছোন কি বা কোৱা তুমি মোক ! খুৰীয়েকৰ কথাত নাৰ্জীয়ে ক’লে,মানে খুৰী অহা পুহৰ বাইশ তাৰিখে আমাৰ শিল্পাৰ জন্ম দিন সেয়েহে আপোনালোকক মাতো বুলিয়েই ওলাই গৈছিলো কিন্তু ইয়াতে আপোনাক লগ পাইছো যেতিয়া আপোনালোকৰ ফালে নাযাওঁ বুলি ভাৱিছো। অহ! এইটো কথা বাৰু সময়ে যদি বাধা নিদিয়ে নিশ্চয় যাম দেই খুৰীয়েকে এইবুলি কোৱাত নাৰ্জীয়ে আকৌ ক’লে , খুৰী আপোনাৰ সময় নাথাকিলে জোনালী আৰু মিন্টুকে পঠিয়াব , আমাৰ শিল্পাই ক’ম ভালপাবনে সিহঁত আহিলে ।
নাৰ্জীৰ কথাত খুৰীয়েকে অহ ! বুলি ক’য়েই আগলৈ যায় ,মিলত চাউলৰ এদম বস্তা আছে বুলি । চাওঁতে চাওঁতে তাই লিষ্টত বাদ পৰি থকা সকলোকে মাতিলে চাৰিজনৰ সলনি, এইসকলৰ ভিতৰত গাৱঁৰ গাওঁবুঢ়া বিন্দেশ্বৰ দদাই , নাৰ্জীৰ বান্ধৱী মিনালী , নমিতা আৰু কৃষ্ণা । সোনকালে সন্ধিয়াৰ পৰ হোৱাৰ সময় সিফালে বেলিটিওঁ লুকাও লুকাও কৰিছে সেয়েহে তাই দেৰি নকৰি গাওঁবুঢ়াৰ ঘৰত সোমাল , ঘৰৰ আগফালে বিন্দেশ্বৰ দদাইৰ ডাঙৰ বোৱাৰীয়ে ৰদত শুকোৱা ধাণৰ টোপবোৰক বস্তাত ভৰাইছে নহ’লে শীতত পৰি আকৌ চেঁচা হ’ব । বস্তাত ধাণবোৰ ভৰাৰ সময়তে নাৰ্জীয়ে গাওঁবুঢ়াৰ বোৱাৰীয়েকক মাত দিলে, অহ বৌ ঘৰত দদাই আছেনে ? নাৰ্জীৰ কথাত বৌয়েকে , অহ নাৰ্জী দেখোন কোৱাছোন মোকেই , মানে ! দেউতা সভালৈ ওলাই গ’ল কিমান পৰ বা দেৰি হ’ব গ’ম লব নোৱাৰিম মই , গতিকে তুমি মোকেই কয় যোৱাহি মই দেউতাক জনাম গৈ । বৌয়েকৰ কথাত তাই ক’লে ,, মানে বৌ অহা বাইশ তাৰিখে আমাৰ শিল্পাৰ জন্ম দিন সেয়েহে সকলোকে মাতিবলৈ আহিছিলো,,সময় পালে এবাৰ দেখা দিবাহি । এইবুলি কয় তাই প্ৰস্থান কৰে ,এনে সময়তে নাৰ্জীৰ বিপৰীত সোঁফালৰ পৰা গাওঁবুঢ়াজনে চাইকেল চলাই ঘৰৰ ভিতৰলৈ সোমাই আহে , তাইক দূৰৰ পৰা ওলাই যোৱা দেখাৰ কাৰণে বোৱাৰীজনীক ক’য়, বোৱাৰী নাৰ্জীয়ে কি কামত বা আহিছিল , কিবা প্ৰমাণ পত্ৰ বিচাৰিছেলেনেকি ? নাই দেউতা তাই নিমন্ত্ৰণ দিয়ে গৈছেগৈ ,বোৱাৰীৰ কথাত কিহৰ নিমন্ত্ৰণ ? দেউতাকৰ কথাত, মানে দেউতা শিল্পাৰ জন্ম দিনৰ বাবেহে ,পুহৰ বাইশ তাৰিখে আছে । বোৱাৰীৰ কথাত , অহ ! । অলপ সময় ৰৈ, আকৌ কলে , বোৱাৰী মনিৰামৰ কেইজনী ছোৱালী আছেহে ? শিল্পা কোন আছিল পিছে ! দেউতাকৰ কথাত বোৱাৰীয়েকে আকৌ ক’লে- তাই আৰু নিলিমা । শিল্পা কোন ,দেউতাকৰ কথাত আকৌ ক’লে নিলিমাৰ স্কুলৰ নাম চাগে । অহ ! হ’ব পাৰে কয় দেউতাকে ঘৰৰ ভিতৰলৈ সোমাই যায় ,চাইকেলখন বাৰান্ধাতে থৈ ।
সন্ধিয়াৰ কিছু পৰ হৈছে লাহে লাহে, আকাশত জিলমিল তৰাবোৰো জিকমিকাব ধৰিছে সিফালে নাৰ্জীৰ একো কাণসাৰেই নাই , ঘৰত হুলস্থুল এই ছোৱালীজনী বা কাৰ ঘৰে ঘৰে ঘূৰি ফুৰিছে । এনেবোৰ কথাতে ঘৰত তাইক ক’ম কাণ নুঘূলাইনে ? তথাপিওঁ অচিন তাই , একো গুৰুত্বই নাই ,তাই সদায় নিজৰ ইচ্ছাত চলিম বুলি ভাৱে ,তাইনো পৃথিৱীলৈ অহা কেইবছৰনো হৈছে মা-দেউতাৰ কথা নুশুনি ছেগেল-গেলাই ফুৰিবলৈ । ঘৰত ভাৱে সৰু ছোৱালী ডাঙৰ হ’লে বুজি পাব বুলি ক’য় , পিছে আৰু কিমাননো ডাঙৰ হ’ব তাইৰ লগৰ ছোৱালী মেট্ৰিক দিলেহি,তাই নৱমমানতেই কাণপুলি পিন্ধি ঘূৰি আছে ,লাজো নালাগে,কাৰ ঘৰত কি অকাম-নিকাম, বিয়া –সভা হ’ব তাই এইবোৰ ক্ষেত্ৰত খবৰ ৰখাত পাৰ্গত কিন্তু । ঘৰত তাইৰ বাবে ক’ম চিন্তা নকৰেনে ? ঘৰত যিমানেই তাইৰ প্ৰতি চিন্তা কৰে ইমানেই ডিলা, যেন ছুৰি কাটি যোৱা নট হে ৷৷ অৱশেষত তাই ওলালগৈ, তাই জপনা খুলি সোমাই আহিছেগৈ,তাইৰ এনে আচৰণত তাইৰ দেউতা বিৰক্তিকৰ । উপায়ো নাই, নাৰ্জীৰ যি অৱস্থা ডাক্তৰে কৈছে তাইৰ মগজু আন লৰা-ছোৱালীৰ দৰে সুস্থ-স্বাস্থ্যবান নহ’য়, বাৰ-তেৰ বছৰ বয়স হ’লেওঁ আচৰণ পাঁচ-ছয়বছৰৰ দৰে হ’ব বুলি কৈছিল । আচলতে যেতিয়া তাই দুইবছৰ বয়সত ভৰি দিছিল এই সময়ত নাৰ্জীৰ দেউতাকে ৰুপয়াং পথাৰলৈ লৈ গৈছিল, যত তাইৰ মাকে ধাণ ধাই আছিল, তাই এই সময়ত মাকৰ গাখীৰৰ বাবে কান্দি আছিল, মাকৰ দেৰি হৈছিল ঘৰলৈ উভতি অহাৰ ,নাৰ্জীৰ কন্দা সহ্য কৰিব নোৱাৰি দেউতাকে পথাৰলৈ লৈ গৈছিল চাইকেলত বহোৱাই । এনেতে দেউতাকে গামোছাদি বুকুত বান্ধি লৈ গৈছিল, পথাৰৰ যিয়ে সৰু সৰু আলি এটাত পোন হ’লে আনটোত বেকা, কথমপি তাইৰ দেউতাকে চলাই লৈ যাবলগীয়া হৈছিল, বেকা-বেকিকৈ চলাই যাওঁতে ডাঙৰ ফৰ্মূতিত খুন্দা খাই পৰোতে সীমা বান্ধিবলৈ থোৱা শিলত খুন্দা খাই পৰে, বিষম তেজ ওলোৱা নাছিলনে তাইৰ ! যেনি-তেনি ওচৰৰ হস্পিতেলত দেখুৱাৰ পাছতহে তেজ ওলোৱা বন্ধ হৈছিল ,আৰু এতিয়া এই অৱস্থা, বিহুত নতুন কাপোৰ নাপালে এতিয়াওঁ কান্দে ।নাৰ্জীয়ে বাহিৰৰ পৰাই চিঞৰি চিঞৰি সোমাই আহিল, অহ মা, অহ মা ! মই কিন্তু মিনালী,নমিতাহতঁক জনম দিনত লুচি-ভাজিৰ বাহিৰেওঁ মাছ-মাংস খুৱাম বুলি কয় থৈ আহিছো কিন্তু । তাইৰ কথাত মাকে, এই ছোৱালীজনীৰ যে কিযে হ’ব নহ’য়,,,হ’ব হ’ব এতিয়া হাত-ভৰি ধুই প্ৰাৰ্থনা কৰি পঢ়া টেবুলত বহাগৈ পাকঘৰত তোৰ দেউতা গৰম হৈ আছে তোৰ এই কৰ্ম-কাণ্ড চাই । মাকৰ এইবোৰ কথা শুনি যেন একুৱাই হোৱা নাই এই ভাওঁ ধৰি লাহেকৈ জোলোঙাৰ মেকুৰীৰ দৰে সোমাইছেগৈ ।
লাহে লাহে দিনবোৰ ভাগৰি গৈছে শনিবাৰৰ পিছত যেনেকৈ দেওঁবাৰ আহে ঠিক তেনেকৈ দিনবোৰৰো ৰূপ সলাইছে , নাৰ্জীৰ মন উচাতন যিমান শিল্পাৰো নাই ,ঘৰৰ আগ চোতালত মানুহে বহিবৰ বাবে বগা ৰঙৰ পেন্দেলেৰে ৰভাখন সজাইছে, পিছফালৰ পাকঘৰৰ সৈতে ৰন্ধা-ভৰা কামৰ বাবে ৰঙা ৰঙৰে পেন্দেলেৰে সজাইছে । দুই-দিন ধৰি শিল্পাক মটৰৰ পানীৰে গা-ধুৱাইছে ,নহ’লে তাই কম নুগুন্ধাবনে এইতো সন্দেহতে নাৰ্জীয়ে দিনে-ৰাতিয়ে বেলেগ বেলেগ চাবোনেৰে গা-ধুৱাইছে ,জনম দিনত বেছ ধুনীয়া দেখিব লাগিব শিল্পাক, কিমান অতিথী আহিব লেতেৰা হৈ থাকিলে হ’ব জানো বুলি শিল্পাক গা-ধুৱাওঁতেও নাৰ্জীয়ে বাৰে বাৰে শিল্পাক কৈছে ,পিছে তাইনো নাৰ্জীৰ কথানো কত শুনিব নাৰ্জীয়ে যেনেকৈ মা-দেউতাকৰ কথা নুশুনে। দুয়োটাই যেন একে বিলৰ মাছ ।
অৱশেষত শিল্পাৰ জনম দিন আহিল, জনম দিনলৈ অহা আলহীৰ মূখত এটাই প্ৰশ্ন ,শিল্পা কোন ? কোন শিল্পা, নাৰ্জীতকৈ সৰুনে ডাঙৰ ? নে নিলিমাতকৈয়ো ডাঙৰ ? তাৰ মাজতেই ওচৰৰ গাওঁৰ এজনে ক’লে মনিৰামৰ দুজনীয়ে ছোৱালী আছিল বুলি শুনিছিলো ? এই তিনি নম্বৰটো কৰ পৰা নতুনকৈ জন্ম হ’ল আকৌ ? গাৱঁৰ সৰু সৰু লৰা-ছোৱালীয়ে শিল্পালৈ বুলি বহী-কলম,ছবি আঁকিবলৈ ৰঙো কিনি আনি দিছে । কিন্তু নাৰ্জীয়ে বিচৰা উপহাৰ কোনেও অনা নাছিল, তাই বিচাৰিছিল টাউনৰ দামী দামী মিঠাই কিন্তু এই গাৱঁত এইবোৰ তাই বিচাৰিলেনে জানো পাব । লাহে লাহে মানুহৰ ভিৰ আহি পৰিছিল, কিছুমানে ভেদ কৰিবই নোৱাৰিলে আচলতে কাৰ জনম দিন ,ভোজনথলীলৈ গৈছে ভোজন গ্ৰহণ কৰিছে বেচেৰা আলহীসকলে গ’ম ল’বই নোৱাৰিলে কিন্তু তাৰ মাজতে কিছু কিছু লোকে জানিব বিচাৰছিল শিল্পানো কোন ? বহুতো মানুহে বেলেগ বেলেগ কাৰণত মনিৰামৰ ঘৰলৈ আহিছে , আহিলেও নাৰ্জী আৰু নিলিমাৰ বাহিৰে কাকো দেখা নাই । তেওঁলোকে এইতো কথাহে জানিবলৈয়ে বৰকৈ ইচ্ছা প্ৰকাশ কৰিছিল । বেচেৰা কোনে মনিৰাম আৰু মিনতীৰ লাজৰ কথাটো বুজিব , মনিৰাম আৰু মিনতীয়ে শিল্পানো কোন ক’বলৈ লাজো কৰিছে , তেওঁলোকৰ প্ৰথমা পুত্ৰীৰ কু-কৰ্মক । মানুহে খুব জানিব বিচৰাত কোনো লাজ-দ্বিধাবোধ নকৰাকৈ ,মুখত হাঁহিৰ লেকাম লৈ নাৰ্জীৰ দেউতাক মনিৰামে ক’লে , শ্ৰদ্বেয় ৰাইজ আমাক ক্ষমা কৰিব । এই কথাষাৰ কোৱাৰ লগে লগে সকলো অতিথীৰ হাহাকাৰ ,কি বা হ’ল, অতিথীসকলৰ মাজতেই ফুচ-ফুচাই ,কি হ’ল ,কি হৈছে ? ইত্যাদি ইত্যাদি । সকলোৰে ফুচ-ফুচাই থকা দেখি মনিৰামে ক’ব নোৱাৰা কথাতো , মাক মিনতীয়ে ক’লে , ৰাইজ কথাতো এইটোয়ে যে শিল্পা কোনো মানুহ নহ’য় , তাই বৰঞ্চ আমাৰ দুবছৰীয়া গাহৰীয়ে, আপোনালোকৰে মাজৰে হ’য়তো কিছু কিছুৱে জানে আমাৰ নাৰ্জীৰ কথা ,তাই বহুত ভাল পায় জীৱ-জন্তু , সেয়েহে তাইৰ মৰমৰ খাটিৰত আমাৰ এই শিল্পাৰ জনম দিনতো আয়োজন কৰিব লগা হ’ল ,, মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছো আজিৰ দিনটোৰ বাবে । মিনতীৰ কথা শুনি সকলো আলহীয়েই জোৰ জোৰকৈ হাঁহিলে,,,,,,হাঁ হাঁ হাঁ হাঁ...।। তাৰ মাজতে , অৰ্থাৎ জনম দিনলৈ অহা গাৱঁৰ গাওঁবুঢ়াই ক’লে,,আপোনালোকে কিয় ক্ষমা বিচাৰিছে , আপোনালোকেতো কোনো ভূল কৰা নাই , ভাল কামে কৰিছে, জীৱ-জন্তুৰ প্ৰতি চেনেহ কৰিবলৈ শিকাইছা । আমাৰ নাৰ্জী ভতিজীয়ে কোনো বেয়া কামেই কৰিব নোৱাৰে তাৰ প্ৰমাণ আজি আমি নিজ চকুৰে দেখিলো , কৰবাত শুনিছোনে জীৱ-জন্তুৰ জন্ম দিন পালন কৰা ,আমি গৌৰৱ হে কৰিব পাৰো, আপোনালোকে তাইক ভূল নুবুজিব ,তাই সকলোৰ প্ৰতি অগাধ চেনেহ , নহ’লেনো তাই ৰাখী বন্ধনত কোনোবা ককাইক ৰাখী বান্ধীব পাৰিল হয় তাই কিন্তু এইটো নকৰি কাক বান্ধিলে আপোনালোকে জানেনে ? তেওঁৰ কথাত সকলো তেওঁলৈয়ে চাই থাকিল, সকলো মানুহে তেওঁলৈ চাই থকা দেখি তেওঁ ক’লে , আপোনালোকে বিশ্বাস নকৰিব যে , ৰাখী বান্ধনত তাই গাৱঁৰ সকলো ডাঙৰ ডাঙৰ গছকেইটাক বান্ধিছিল । কাৰণ তাই জানে যে গছ নহ’লে এই পৃথিৱীত জীয়াই থকাতো কঠিন,, গতিকে আমি তাইৰ এনে কামত শলাগ লবলগীয়া আপোনালোক দুজনেও মা-দেউতা হিচাপে গৌৰৱ হে কৰিব লাগে , লাজ নহ’য় ৷
গাওঁবুঢ়াজনৰ কথাত হয়বৰ দি সকলো একে-সুৰত হাত-চাপৰি বজালে। কথাবোৰ শুনি জনম দিনলৈ অহা অতিথী সকলে এজোলোকা আশীৰ্বাদ দি ঘৰা-ঘৰি হয় ।।।।।



আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ