গ্ৰন্থমেলাৰ কিতাপবোৰে বৰকৈ আমনি কৰিছিল তপন পায়েং

তপন পায়েং
0

 গ্ৰন্থমেলাৰ কিতাপবোৰে বৰকৈ আমনি কৰিছিল

তপন পায়েং

৬০০২০৭৬৮৮৬

তপন পায়েং

তপন পায়েং


 

হিয়াৰ আমঠু ,অসমীয়াৰ মনি জুবিন দা’ই গোৱাৰ দৰে “কোনে ৰিঙিয়াই মোৰ মন নচুৱাই’’ ঠিক এই গীতৰ দৰেই যেন লখিমপুৰৰ বাখৰিত ১ নৱেম্বৰৰ পৰা ১০ নৱেম্বৰলৈ অনুষ্ঠিত হোৱা কিতাপৰ বিপনীত শাৰীপাতি হৈ থকা কিতাপবোৰে মাতিছিল । কাৰ কি প্ৰকাশন গোষ্ঠীৰ বিপনী জাগৰণকেই চাওঁনে ,বনলতাৰ কথাকেই শুনোনে? লয়াৰ্চ বুক ষ্টলৰ কথাকেই ভাৱোনে মুঠতে তাত থকা কিতাপবোৰ মাতিছে । কিন্তু কিতাপকেইটিৰ হাতবাউলি দিয়াৰ প্ৰতিত্তোৰত নিৰাশ আছিলো জেপত হাত দি চাইছিলো বাৰে বাৰে কিতাপবোৰ বেগত লৈ যাব পৰাকৈ হাততচোন নাইয়েই ইফালে চাৰিশ টকা হ’লে আনফালে যেন চাৰিশ পঞ্চাছ টকা ,এনেকৈয়েই প্ৰিয় সাহিত্যিকৰ উপন্যাসৰ গ্ৰন্থকেইটিক বেগত লৈ যোৱাৰ সলনি চুবহে পাৰিলো,যি ভীষণ দুখ ,অন্ততঃ চৰকাৰী চাকৰিয়াল হ’লেহেতেন চৰকাৰৰ ফালৰ পৰা প্ৰিয় কিতাপসমূহ লৈ যাব পৰাকৈ এক হাজাৰ টকাকৈ পালোহেতেন। হলেওঁ কিতাপ ভাল পাওঁ যেতিয়া বৰ বেছি দামী নহলেও দুই এটা কিনিছো তাৰেই ভিতৰত প্ৰথম অসমীয়া সাহিত্য অকাদেমী বটাপ্ৰাপক যতীন্দ্ৰনাথ দুৱৰা দেৱৰ “বনফুল’’,ড° সূৰ্য্যকুমাৰ ভূঞা চাৰৰ সম্পাদনা কৰা “সাতসৰী অসম বুৰঞ্জী’’,সমীৰ তাঁতী চাৰৰ “আনন্দ আৰু বেদনা বৈভৱ’’, জয়ন্ত মাধৱ বৰা চাৰৰ অনুবাদমূলক গ্ৰন্থ “ভোক’’আৰু সৌ-সিদিনা সৌভাগ্যক্ৰমে ডিজিটেল মাধ্যমৰ জৰিয়তে ভাতৃপ্ৰতিম ঢকুৱাখানাৰ বিজ্ঞান শিক্ষক মানস প্ৰতিম দত্ত চাৰৰ নতুন  শিশু আৰু কিশোৰ-কিশোৰীৰ বাবে সজোৱা পৰিৱেশমূলক “ প্ৰকৃতিৰ বিচিত্ৰ সাধু’’গ্ৰন্থ কেইখনকেই নিজৰ কৰি ললো।

গ্ৰন্থমেলাৰ কিতাপবোৰে বৰকৈ আমনি কৰিছিল  তপন পায়েং

 কিতাপবোৰৰ যিয়ে দাম,অৱশ্যে এজন পাঠকে এজন লেখকৰ সৃষ্টিৰাজিক টকা-পইচাৰে তুলনা কৰিব নোৱাৰি,তথাপিও এজন পাঠকে প্ৰিয় কবি বা লেখকৰ সৃষ্টিৰাজিক চুই চাবলৈ জেপত থকা ধনৰ কথাও অলপ ভাৱিবলগীয়া হ’য় । সেয়েহে এই বছৰৰ গ্ৰন্থমেলাৰ প্ৰিয় কিতাপসমূহ চুই চোৱাৰ দুৰ্বাৰ হেপাঁহবোৰ ইমানতেই সামৰিলো,বাকী অনাগত দিনত লগ পোৱাৰ আশাৰে,,গ্ৰন্থমেলাক এইবছৰৰ বাবে ইমানতেই বিদায় দিলো।

Post a Comment

0 Comments

আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ

Post a Comment (0)
3/related/default