‎গাৱঁৰ একা-বেকা বাটবোৰ,তপন পায়েং

তপন পায়েং
0

 গাৱঁৰ একা-বেকা বাটবোৰ

‎তপন পায়েং

‎গাৱঁৰ একা-বেকা বাটবোৰ,তপন পায়েং



‎বহুদিন একেই স্থিৰতাত ৰৈ আছে  বাটবোৰ ভীষ্ম প্ৰতিজ্ঞা ধৰি আমি কেচা হৈয়েই থাকিম ঠিক এইদৰে মানুহজনৰো একেই কথা মোৰো ভীষ্ম প্ৰতিজ্ঞা  যেতিয়ালৈকে এই ৰোগীয়া বাটবোৰে ভৰিত ধৰি কাবৌ নকৰে তেতিয়ালৈকে ইহঁতক নতুন ৰূপত নাসাজো। আমিতো গাৱঁলীয়া অজঁলা মানুহ ৰাতিটোৰ পাচশ টকীয়া নোটেৰে সকলো পাহৰি যাওঁ কি পথ কি বাট একেইছোন আছে আৰুনো কি লাগে ? যোৱাবাৰো মানুহজন কিন্তু ডিঙিত গামোছা লৈ অঞ্চলটোৰ প্ৰতিটো গাওঁৰ নামঘৰে নামঘৰে গৈ মানুহৰ পৰা আশীৰ্বাদ বিচাৰিছিল,দেখিছিলো তেওঁৰ লগত অহা এজাক ম'হ আৰু ম'হৰ গাড়ী,এইবাৰ তেওঁক জিকাব লাগিব ,তেওঁৰ নিচিনা পৃথিৱীত কতো ভাল মানুহ নাই, মানুহজন বহুত ভাল বহুকেইজন মানুহেওঁ কৈছে জিলাত তেখেতৰ সুনামো আছে বুলি কৈছিল । তেওঁ জিকিওঁ গ'ল ,অঞ্চলটোত ইমুৰৰ পৰা ইমুৰলৈ তেওঁৰেই জয়কাৰ । কতা মানুহজন দেখোন হেৰাল তেওঁ কিন্তু কথা দি কৈছিল,এইবছৰ  আমাৰ কেচাপথ পকী পথ হ'ব,গাৱঁৰ পৰা চহৰৰ চিকিৎসালয়লৈ যাব পৰাকৈ অনবৰতে এম্বুলেঞ্চখন অহা যোৱা কৰিব পৰাকৈ  ৰাস্তাটো মেৰামতি কৰিব,এই বুলিয়েইটো ধেমাজীৰ কনেঙক  এইবাৰ পূজাত পূজা দেখোৱাৰ চলেৰে শিৰত সেন্দুৰ আঁকি ঘৰলৈ লৈ যোৱাৰ কথা দিছিলো,কনেঙে ভয় কৰে আমাৰ ফালে যোৱা কলা-বমা ৰাস্তাবোৰ চাই পেট বিষ হ'ব বুলি,তাই শুনিছে আমাৰ অঞ্চলটোৰ কাহিনী বাৰিষাত নীপকোৱে বৰষুণৰ পানী এৰি দিয়ে বুলি,বাৰিষাত বৰষুণৰ পানী এৰি দিয়াৰ ফলত মটাউৰি ছিঙি কেইবাখনো গাওঁ পানীৰ তলত ডুবিছে বুলি  কাগজে-পত্ৰই দেখিছে,তাই ভয় কৰিছে  যদি মাজ নিশা নিদ্ৰাত লালকাল হওঁতে যদিয়ে বিভাগীয়ই পানী এৰি দিয়ে ?আমাৰ ঘৰত পানী নোসোমাবনে ?আমাৰ কি হ'ব! আমি ক'লৈকে যাম। এইবোৰ কথাকে ভাৱি আজি তাই আৰু মোৰ প্ৰেম বিচ্ছেদ হোৱা চাৰি-পাছমাহ মানেই হ'ল  অথচ এই মানুহজনৰ দেখাদেখিয়েই নাই ,মানুহজনক লগ পোৱাহেতেন বিচ্ছেদৰ কাহিনী শুনালোহেতেন  , এদিন আকৌ  ডাঙৰ হলডিঙত দেখিছো দুবছৰৰ মুৰতে তেখেত আকৌ আমাৰ  ওচৰলৈ আহিব বুলি শুনিছো,ঘূৰিব তেওঁৰ পিছে পিছে আকৌ ক'ব একেই এইবাৰ পকীপথ হ'বই  আৰু  কিমাননো শুনিম একেই আশ্বাস একেই প্ৰতিশ্ৰুতিক । হ'লেওঁ একা-বেকা পথবোৰ আমাক বৰকৈ কষ্ট নিদিয়ে,অৱশ্যে বাৰিষা কালত খলা-বমা ঠাইবোৰত পানীবোৰ জমা হৈ আগৰ বাটবোৰ নেদেখা বাবে চাইকেল-স্কুটাৰৰ দুৰ্ঘটনাবোৰ হৈয়ে থাকে ,খলা-বমাৰ হেচাত স্কুটাৰৰ চকাৰ কেচ কেচ শব্দ ,এই বাটবোৰ বুজি পায় এই গাৱলীয়া মানুহৰ কথাবোৰ। এই বাটবোৰৰ মাজেৰে সন্ধিয়া পাৰ হৈ যায় এজাক গৰুৰ সৈতে কাবুলী পামৰ গোহালসকলে,তেওঁলোকে কি যে ৰিঙিয়াই মিঠা মিঠা অইনিঃতম । শীতকালত আৰু কি  চাবা ভাইটিসকলে টিউচন যোৱাৰ চলেৰে এই খলা-বমাবোৰত যিয়ে চাইকেলৰ ষ্টেণ্ড কৰে ন'হয়,।এই একা-বেকা বাটেৰে চাইকেই চলাই কলেজলৈ  যোৱা বহুতো প্ৰেমীক-প্ৰেমীকাক দেখিছো,এই বাটৰ খলা-বমাৰ খুবত কত প্ৰেমীকৰ প্ৰেমৰ কবিতা ছিটিকি পৰিছে এই প্ৰেমৰ কবিতাৰ সতে ছিটিকি পৰি থকা দেখিছিলো গৰ্ভাৱতী মহিলাৰ কৰুণ মৃত্যুৰ কথাওঁ ,এই ভয়তে এই গাৱঁৰ পখিলা কেইজনী আন গাৱঁৰ ডেকাক পচন্দ কৰিছে । এই গাৱঁৰ মানুহে অতি আদৰেৰে বাট চাই আছে সুৰুজৰ হেঙুলীয়া আভাক এদিন নহ'য় এদিন এই গাৱঁলৈ বাট-কুৰি বাই ওখ ওখ  ইলেক্ট্ৰিৰ খুটাসমুহ আহিব ,ঘৰে ঘৰে জ্বলিব ৰঙা চাকি ,এদিন বাটবোৰো পকী হ'ব  লখিমপুৰৰ পৰা ধেমাজীলৈ গাড়ী যাব,তেজপুৰৰ পৰা আমাৰ ইয়ালৈওঁ গাড়ীওঁ চলিব । কিন্তু কিমান দিনলৈ বাট চাম ,বাট চাওঁতে চাওঁতে এই ৰোগীয়া বাটৰ কাহিনীসমুহ ইতি-গজ হ'বগৈ ,ৰোগীয়া বাটৰ শ্মসানত সৰু সৰু বনবোৰ গজি উঠিব ঢাকি পেলাবগৈ ৰোগীয়া বাটৰ লগতে আশাতে ৰৈ থকা গাৱঁলীয়া পথিকক তেতিয়ালৈকে বাৰু ডিঙিত গামোছা পিন্ধা মানুহজনে এই আশ্বাসৰ কথা মনত পৰিবগেনে ? বাৰু !!

Post a Comment

0 Comments

আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ

Post a Comment (0)
3/related/default