অভিশপ্ত দিনৰ আহবান,পাখি পাখি এই মন

তপন পায়েং
0

অভিশপ্ত দিনৰ আহবান,পাখি পাখি এই মন


 অভিশপ্ত দিনৰ আহবান

ঋতুৰাজ ৰাজখোৱা

আজি প্ৰতিগৰাকী নাৰীৰ প্ৰতিজন পুৰুষৰ নয়নত অশ্ৰু আৰু কিমান বা বাকী? ১৯ চেপ্তেম্বৰ এটা অভিশপ্ত দিন য'ত প্ৰকৃতিৰ উচুপি উঠিছিল আৰু আজি অক্টোবৰ ৩১ তাৰিখ য'ত প্ৰতিজন ব্যক্তিৰ লগতে প্ৰকৃতিয়েও ৰৈ ৰৈ বিনালে তোমাৰ অনুভৱত ।‌ তুমি অনন্য! তুমি আমাৰ আত্মাৰ। তোমাৰ সৃষ্টি অবিনাশী।। 

  আজি প্ৰতিজন মাতৃৰ - পিতৃ, ভাতৃ ভগ্নী তোমাক বিচাৰি হাহাকাৰ, যি সমাজত নাৰীক দেৱী স্থান দিয়া হয় সেই সমাজতে আজি নাৰী চকুলো! যাৰ গৰ্ভত জন্ম লৈ পৃথিৱীৰ দেখিলোঁ আজি সেই নাৰীয়ে চকুলো উসঃ আৰু কিমান বাকী? ‌প্ৰতিজন ব্যক্তিৰ আজিও ন্যায় আশাত।‌১৯৯২ অনামিকাৰ ঢৌ ২০২১ অমানিশা আৰু ২০২৫‌ ৰৈ ৰৈ বিনালে কি আচৰিত। 

তুমি জাতি প্ৰান 

তুমি জাতি মান ।

প্ৰতিজন ব্যক্তিয়েই ন্যায় পাব আমি সদায় আশাবাদী আৰু আমি আমাৰ আইনৰ ওপৰত বিশ্বাসী 🙏


   পাখি পাখি এই মন

তপন পায়েং


শৈশৱৰ এই সোণালী দিনৰে পৰা বৰ্তমানলৈ জুবিন দা’ৰ গান শুনিয়েই জীয়ালো , জুবিন দা যেন এটি এটি কুহিপাত সৰি পৰিলেওঁ আকৗ বিটপীত হ’য় । যদিওঁ জুবিন দা এতিয়া আমাৰ মাজত কায়িক বাবে নাই তথাপিয়ো তেওঁৰ এই গানবোৰ জুবিনদাক বাৰুকৈয়ে মনত পেলাব , এনেকুৱা যেন লাগিব বাটেদি শিশুৱে স্কুললৈ গৈ থাকোতে ,গনিতৰ অংক তপিনাত এছাৰি পৰা “পাখি পাখি এই মন’’ গীতটি যেন ৰোমন্থন কৰিয়েই হিয়াৰ আমঠু জুবিন দা’ক আকৌ মনত পেলাব । জুবিন দা অমৰ মনি ৰত্ন , ফাগুনৰ ধুমুহা বতাহেই হওঁক গ্ৰীষ্মৰ এজাক বৰষুণৰ সতে অহা বাৰিষাৰ বানপানীয়েই হওঁক ,জুবিন দা’ৰ ছবি আমাৰ হৃদয়ৰ পৰা কোনেওঁ মচিব নোৱাৰিব  সাগৰৰ যি চুনামিয়েই নাহক কিয় ? জুবিন দা আকৌ ফুলিব বাৰ মাহৰ ঋতুৱে ঋতুৱে কেতিয়াবা বসন্তত নতুন নতুন কুহিপাতেৰে  নতুবা শৰতৰ কহুঁৱাৰে । হ’য় , জানো ! জুবিন দা বিহীন এইবাৰ বহাগ নিজান হাবি হ’ব, এই হাবিত তেওঁৰ অভিহনে,তেওঁৰ গানৰ সুৰৰ বিনে হাবিত সুৰৰ জিঞ্জিৰ সুৰৰ লয়লাস নহ’ব নাথাকিব অনুৰাগীৰ বোকা নৃত্য ।

    এদিন কোনোবা এটা দিনত বজাৰলৈ যাওঁতে বজাৰত দোকান দিয়া দোকানীৰ হাতত ৰঙা ৰুমাল দেখিলেই আকৌ উভতি যাম আইতাৰ চোতাললৈ যত বাজি থাকে ৰেডিঅত আজিওঁ প্ৰিয় শিল্পী জুবিন দা’ৰ “ একবিংশ শতিকাৰ প্ৰেম কাহিনী ৰুমালৰ ভাঁজতে স্মৃতিৰ ৰেঙনিক,,,, এখন ৰঙা ৰুমালৰ কাহিনী’’ক  আৰু কেতিয়াবা হঠাতে কোনোবা সুদৰ্শন ডেকাই মিচিং গাভৰুক “আইপৗ মৗনাম মানে কি অ মৰমী ’’বুলি  কওঁতে এদিন আকৌ জুবিন দা’ৰ ওচৰ চাপিব কথাৰ অৰ্থ বিচাৰি ,মই আহিমে বুলি কথাৰ বাট দি । পাহৰিব নোৱাৰিম জুবিন দা’ক, জনমে জনমে বিচাৰিম, কছম কছম তোমাৰেই কথাকেই আকৌ সুধিম , বিচাৰিম আকৌ ফাগুনৰ চিলা হৈ উভতি আহক উদং অসমীয়া আইৰ বুকুত পুনৰ নাহৰ হ’বলৈ ।।

                             তপন পায়েং                    ঋতুৰাজ  ৰাজখোৱা



Post a Comment

0 Comments

আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ

Post a Comment (0)
3/related/default