শিল্পীৰ দ্বাৰা সৃষ্টি হোৱা যেনে চিত্ৰকাৰে অংকন কৰা ছবি অথবা ভাস্কর্য খোদিত মূৰ্তিবোৰ আমি চকুৰ আনন্দৰ বাবে উপভোগ কৰোঁ, এই শিল্পকামৰ পৰা পৰিৱেশে অথবা মানৱ জীৱনলৈ ধনাত্মক দিশ প্রদান কৰেনে, বৰঞ্চ শিল্পীয়ে কৰা শিল্পকামৰ বাবে চৌপাশত প্ৰদূষণ হোৱাহে দেখিছোঁ।
অৱশ্যে এই শিল্পকর্মবোৰৰ মান উন্নত পৰ্যায়ৰ। আজিৰ এই লেখাত বৰঞ্চ পৰিৱেশ প্ৰদূষণ সৃষ্টি কৰাৰ সলনি পৰিৱেশ সংৰক্ষণ কৰা শিল্পকলাৰ বিষয়ে অৱগত কৰিম। এই শিল্পকলাৰ নাম হ'ল- 'ব্রিথেবল শিল্প।'
বিংশ শতিকাৰ শেষৰ সময়ছোৱাত নগৰ আৰু ঔদ্যোগীকৰণ আৰম্ভ হোৱাৰ পাছত মানুহে প্ৰকৃতিৰ পৰা আঁতৰি অহাৰ ফলত বায়ু প্ৰদূষণৰ দৰে ভয়াৱহ সমস্যাৰ সন্মুখীন হৈ আহিছে, তেনে সময়তে নতুন শিল্পকলাৰ সৃষ্টি হয়-ব্রিথেবল শিল্প। ব্রিথেবল শিল্প হ'ল এবিধ প্রাকৃতিক উপাদানেৰে সজোৱা এবিধ শিল্প, য'ত জীৱন্ত উদ্ভিদৰ সেউজীয়া ৰং কৰা থাকে, লগতে উদ্ভিদৰ ছালত বায়ু শোধন কৰোৱাকৈ এক বিশেষ ভাস্কৰ্যৰ ৰূপ দিয়া হয়। এই শিল্পই আমাৰ চৌপাশে বিয়পি থকা দুর্গন্ধ আৰু বিষাক্ত গেছসমূহ শোষণ কৰি নিৰ্মল অক্সিজেন সঞ্চালনত সহায় কৰে। আমি শিল্পৰ দ্বাৰা চকুৰ বিনোদনৰ বাবে সাজিলেই নহ'ব, এই শিল্পৰ দ্বাৰা পৰিৱেশ আৰু সমাজ পৰিৱৰ্তন কৰা নৈতিকতাও থাকিব লাগে,
তেতিয়াহে সঁচা অৰ্থত শিল্প বুলি ক'ব পাৰোঁ। এই ব্রিথেবল শিল্পৰ জৰিয়তে সেউজীয়া ৰং কৰি মানুহক প্ৰকৃতিৰ যে দৰকাৰ হয় এই কথাও সোঁৱৰাই দিয়া। বহু শিল্পীয়ে আজিকালি এনে কিছুমান বং বা পদাৰ্থ ব্যৱহাৰ কৰে, যিয়ে বতাহৰ নাইট্ৰ'জেন অক্সাইডৰ দৰে ক্ষতিকাৰক উপাদানবোৰ শোষণ কৰিব পাৰে। এয়া কেৱল শিল্পই নহয়, একো একোটা বায়ু শোধনকাৰী যন্ত্রও। ব্রিথেবল শিল্পৰ আন দিশসমূহ
মছ আর্টঃ সেউজীয়া বং ব্যৱহাৰ কৰি দেৱালত কৰা চিত্ৰসমূহক 'গ্রীন গ্রাফিটী' বুলিও কোৱা হয়। য'ত কোনোধৰণৰ বিষাক্ত বং ব্যৱহাৰ কৰা নহয়। স্মগ ফ্রী টাৱাৰ-ডাছ শিল্পী ডান ৰোজগার্ডে নির্মাণ কৰা এনে টাৱাৰে আকাশৰ ধোঁৱা আৰু ধূলি ছেকি পৰিষ্কাৰ বতাহ এৰি দিয়ে। এয়া বিজ্ঞান আৰু শিল্পৰ এবিধ অপূর্ব মিশ্রণ। ইনড'ৰ লিভিং আর্ট-ঘৰৰ ভিতৰত বায়ু পৰিষ্কাৰ কৰা গছসমূহক শৈল্পিকভাবে সজাই তোলাটোবে
মানসিক প্রশান্তি দিয়াৰ লগতে স্বাস্থ্যৰো উন্নতি ঘটায়। বর্তমান যুগৰ জলবায়ু পৰিৱৰ্তনৰ যুঁজখনত কেৱল বিজ্ঞান বা চৰকাৰী নীতিয়েই যথেষ্ট নহয়; ইয়াত জনসাধাৰণৰ অংশগ্ৰহণ অপৰিহাৰ্য। ব্রিথেবল শিল্পই সমাজৰ প্ৰতিটো স্তৰৰ মানুহক পৰিৱেশৰ প্ৰতি দায়বদ্ধ হ'বলৈ অনুপ্রাণিত কৰে। ই আমাক শিকায় যে সৌন্দর্য আৰু সুস্বাস্থ্য একেলগে চলিব পাৰে। প্রকৃততে এই শিল্পকলাটো কেৱল সেউজীয়া ৰঙেৰে ৰং কৰি ভাস্কৰ্য শিল্প কৰি তোলাকে নুবুজায়, ই বুজায় যিবোৰ শিল্পকলাৰ জৰিয়তে পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব পাৰি।
শিল্পকলা হ'ল সমাজৰ দাপোণ। শিল্পকলাবোৰ মনৰ আনন্দৰ বাবেই নিৰ্মাণ কৰিলে নহ'ব, ইয়াক সমাজৰ প্ৰকৃতিৰ বাবে সুফল হোৱাকৈ নির্মাণ কৰিব লাগে। আজিৰ সময়ত আমাৰ পৃথিৱীখনক উশাহ ল'বলৈ অলপ মুকলি আকাশ আৰু সেউজীয়াৰ প্রয়োজন। ব্রিথেবল শিল্পই আমাক সেই সেউজীয়াৰ স্বপ্ন দেখুৱায়। যদি আমি এই শিল্পকলাক আমাৰ নগৰীয়া জীৱনৰ অংগ কৰি লওঁ, তেন্তে আমি এখন সুস্থ আৰু সুন্দৰ পৃথিবী গঢ়ি তোলাত সফল হ'ম। শিল্পৰ জৰিয়তে হোৱা এই জাগৰণে আমাক এটা নিকা আৰু নিৰ্মল
ভৱিষ্যতৰ দিশে আগুৱাই লৈ যাব।
ফোনঃ ৬০০২০-৭৬৮৮৬

.gif)
আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ