পঃৰাগ উৎসৱ : কূটনৈতিৰ সাংস্কৃতিক দাপোণ
-তপন পায়েং
আমাৰ ভাৰত দেশৰ সীমান্তত থকা ৰাষ্ট্ৰ যেনে চীন,বাংলাদেশ আৰু পাকিস্তান আদি সীমান্ত ৰাষ্ট্ৰসমূহৰ লগত মাজে মাজে সংঘাত দেখিবলৈ পোৱা যায়। ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত Line of Actual Control লে ভাৰত-চীন সীমান্ত নিৰ্ধাৰণ কৰি আহিছে,এই সীমান্ত ৰেখা নিৰ্ধাৰণ কৰাৰ পাছতো চীনে অৰুণাচল প্ৰদেশৰ টাৱাং অঞ্চল দাবী কৰাৰ জনমতে দুইখন দেশৰ মাজত সংঘাত সৃষ্টি কৰি আহিছে । তদুপৰি ভাৰত-পাকিস্তানৰ সীমান্ত বিভাজিত কৰা ৰেখা “ৰেডক্লিফ লাইন’’,এই লাইনে পাঞ্জাৱ,ৰাজস্থান,গুজৰাট,জন্মু কাশ্মীৰ আৰু লাডাখৰ সৈতে সংলগ্ন কৰে,এই নিৰ্ধাৰিত ৰেখাৰ পাছতো ভাৰত-পাকিস্তান দুইখন দেশৰ মাজতে কাশ্মীৰৰ বাবে বিবাদ হৈ থাকে । বিগত ২০২৫ বৰ্ষতো কাশ্মীৰৰ পেহেলগাম ঘটনাৰ পাছত “অপাৰেচন সিন্দুৰ’’ আৰম্ভ হৈছিল,পৰ্যায়ক্ৰমে এতিয়াও সম্ভাৱ্যপূৰ্ণভাৱে চলি আছে বুলি ঠাৱৰ কৰে বা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ জনমতত দেখিবলৈ পোৱা যায় ।
আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মাজে মাজে চৰ্চিত হৈ থাকে গুৰুত্বপূৰ্ণ তত্ত্ব চীনৰ “ String of Pearls’’. প্ৰকৃততে ,ই এটা পাকিস্তান,শ্ৰী লংকা আৰু ম্যানমাৰৰ দৰে দেশৰ বন্দৰসমূহৰ সৈতে সংযোগ কৰি ভাৰতৰ বাণিজ্যিক আৰু সামৰিক দিশত দুৰ্বল কৰিবলৈ বিচৰা এটি পন্থা। ইয়াৰ লগতে নিচেই কাষতে থকা চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰাওঁ ভাবুকি অহাওঁ দেখিবলৈ পোৱা যায়। শেহতীয়াকৈ বাংলাদেশৰ পৰা অহা ভাবুকি শিলিগুৰি কৰিডৰ “চিকেন নেক(Chicken Neck) দখল কৰাৰ হুংকাৰো চৰ্চিত হোৱা দেখা যায় । এই চিকেন নেক’ৰ ফলত ভাৰত-চীন-বাংলাদেশৰ উত্তেজনা বৃদ্ধি পোৱাৰ লগতে কৰিডৰটোক বিঘ্নিত কৰা বা ইয়াক উগ্ৰপন্থী কাৰ্যকলাপৰ ভিত্তি হিচাপে ব্যৱহাৰ কৰাৰ দৰে সম্ভাৱ্য ভাবুকিসমূহ দেখিবলৈ পোৱা গৈছে।
এনে ভাবুকি অথবা সংঘাতসমূহক প্ৰতিৰোধ কৰিবৰ বাবে আন্তঃৰাষ্ট্ৰীয় একতাৰ স্বাৰ্থত কূটনৈতিকভাৱে স্থাপন কৰিব লাগে। আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ পৰিসৰত ৰাষ্ট্ৰসমূহত একতাৰ বাবে খুবেই“কূটনৈতিক”পন্থা অৱলম্বন কৰাটো দৰকাৰ। অৱশ্যে পূৰ্বৰ পৰাই ভাৰতে সীমান্ত ৰাষ্ট্ৰসমূহৰ সৈতে কূটনৈতিকভাৱে মিত্ৰতা স্থাপন কৰি আহিছে । এনে মিত্ৰতা তথা একতাৰ প্ৰসংগত আমাৰ অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী মিচিং জাতিৰ উৎসৱ “পঃৰাগ’’ৰ বিষয়ে উল্লেখ কৰিব পাৰি। চমুকৈ সংজ্ঞা বুলি কলে ভিন্ন ভিন্নভাৱে পাব পাৰো, বিশিষ্ট সাহিত্যক চন্দ্ৰকান্ত লাচনৰ মতে পঃৰাগ শব্দটো “আপং আগৰাগ’’ শব্দৰ পৰা আহিছে। আনহাতে মিচিঙৰ প্ৰথম বুৰঞ্জীবিদ সোনাৰাম পাঞাং কটকীৰ “মিৰি জাতি’’ৰ মতে –ভৈয়ামলৈ অহাৰ পিছত অসমীয়া মানুহৰ দৰে ডেকা গাভৰু সকলো মিলি নৰাছিগা বিহু পাতিবলৈ ধৰিছিল। আনহাতে আগম মিগাং টাবুৰাম টাইদৰ মতে পুনৰ মিলনৰ উৎসৱেহে । বহু বিদগ্ধ পণ্ডিত সকলৰ মতে মিচিং সকলে পাহাৰৰ পৰা নামি আহি ভৈয়ামৰ নৈ’কাষৰীয়া অঞ্চলসমূহত গাঁও পাতি থাকিবলৈ আৰম্ভ কৰিছিল । তেওঁলোকে এনেকৈ ভৈয়ামত গাঁও পাতি বসতি কৰি ক্ৰমকালত গাঁওৰ সীমান্তৰ বাবে গাঁওসমূহৰ মাজত মাটি সংক্ৰান্তীয় কাৰণত সংঘাতৰ সৃষ্টি হৈছিল । তেনে সীমা সংক্ৰান্তীয় কাৰণত গাঁওৰ গামসকলে মিলি এই পঃৰাগ উৎসৱ অনুষ্ঠিত কৰিছিল । এই উৎসৱত ওচৰ-চুবুৰীয়া গাঁওসমূহক মিনম(আলহী)হিচাপে আমন্ত্ৰণ কৰি পৰস্পৰৰ গাঁওসমূহৰ মাজত সংস্কৃতি বিনিময় কৰি একতাৰ সম্প্ৰীতি বজাই ৰাখিছিল ।
অসমৰ মিচিং জনগোষ্ঠীৰ পঃৰাগ উৎসৱৰ পৰা চুবুৰীয়া ৰাষ্ট্ৰসমূহ অথবা ভাৰতে একতা সম্প্ৰীতি ,শান্তি বৰ্তাই ৰাখিবৰ বাবে এই উৎসৱটিৰ দৰে কূটনৈতিক সমন্বয় অনুষ্ঠান আয়োজন কৰিব লাগে । অৱশ্যে আমাৰ ভাৰত শান্তিপ্ৰিয় ৰাষ্ট্ৰ । বৰ্তমান প্ৰেক্ষাপটত অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কিছু একতা বহন কৰা সন্মিলিত সভা দেখিবলৈ পোৱা যায় । উদাহৰণস্বৰূপে BIMSTEC,ASEAN,SCO ইত্যাদি ,কিন্তু এই সংঘসমূহত ওচৰ-চুবৰীয়া দেশশমূহৰ লগত শান্তি স্থাপনৰ বাবে সংঘবদ্ধ নহ’য় যদিওঁ এই সংঘত থকা দেশসমূহৰ মাজত চুক্তিৰে চুক্তিবদ্ধ হৈ থাকে।
অনাগত দিনত ল’বলগীয়া পদক্ষেপ হিচাপে
· ভাৰত,পাকিস্তান,বাংলাদেশ আৰু চীন আদি ৰাষ্ট্ৰসকলে মিলাপ্ৰীতি তথা শান্তি স্থাপনৰ বাবে পঃৰাগ আদি উৎসৱ অনুষ্ঠিত কৰিব লাগে।
· ভাৰত,পাকিস্তান,বাংলাদেশ আৰু চীন’ৰ বাহিৰেওঁ এনেকুৱা ধৰণৰ অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় দেশসমূহকো নিমন্ত্ৰণ কৰিব লাগে যেনেকৈ পঃৰাগ উৎসৱত ,পঃৰাগ পতা গাঁৱৰ পৰা গৈ আন এখন গাঁওলৈ বিয়া হোৱা জীয়ৰীক এই উৎসৱত মাতেগৈ ঠিক তেনেদৰে আন আন ৰাষ্ট্ৰসমূহকো আমন্ত্ৰিত কৰি অনুষ্ঠিত কৰিব লাগে যাতে সংস্কৃতি বিনিময় কৰিব পাৰি।
· সীমান্তত উৎসৱ অনুষ্ঠিত কৰিব লাগে যত শক্তিৰ বাহিৰে নাচ-গান প্ৰদৰ্শিত হয়।
· সংস্কৃতিৰ জৰিয়তে সীমান্তবৰ্তী বা চুবুৰীয়া ৰাষ্ট্ৰৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে শৈক্ষিক কৰ্মশালা আয়োজন কৰি মত-বিনিময় কৰিব পাৰে।
সংস্কৃতি হ’ল এক শক্তিশালী সেতু। মিচিং সমাজৰ “পঃৰাগ'’ৰ যি সমন্বয়ৰ আদৰ্শ, সেয়া যদি আজিৰ বিশ্বই গ্ৰহণ কৰে, তেন্তে বোমা-বাৰুদৰ শব্দতকৈ -মিনমৰ গীতৰ হেঁপাহে বেছি হ’ব আৰু প্ৰকৃত শান্তি সৃষ্টি হোৱাত সক্ষম হ’ব।
সীমাৰেখাই কেৱল মাটিহে ভাগ কৰিব পাৰে, সংস্কৃতিৰ সুবাসে মানুহৰ হৃদয়ে হৃদয়ে একতাৰ সেতু গঢ়িব পাৰে।।



আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ