Upcoming Mising Big Budget Film :- MIRO 2
লেখা-তপন পায়েং/কাৰ্চাং তাকাৰ
কথাছবিয়ে কথা ক'য় কিছুমান কথাত আবেগিক হওঁ,আকৌ কিছুমান কথাত চকু-টুকে ,ৰোমাঞ্চকৰ দৃশ্য পৰিলে মিচিকিয়া হাহি উঠে ,সেয়াইটো চিনেমা । চিনেমাত সকলো ক'ব পাৰে ,দেখুৱাব পাৰে অৱশ্যে ইয়াৰো কিছু ধৰা বন্ধা নীতিওঁ থাকে । অসমীয়া চিনেমা কেৱল অসমীয়া ভাষাকে নকয়,অসমীয়া ভাষাৰ চিনেমায়ে এটা চিনেমাৰ উদ্যোগ হ'ব নোৱাৰে । অসমৰ বিভিন্ন জন-জাতিৰ ভাষা যেনে বড়ো,মিচিং,কাৰ্বি আদিবোৰলৈ নিৰ্মান কৰা চিনেমাবোৰ মিলিয়েইটো হৈছে অসমীয়া চিনেমা । মিচিং ভাষাটো বহুতো সাম্প্ৰতীকসময়লৈকে চিনেমা নিৰ্মান কৰা হৈছে ।সদ্যসতে আজিৰ এই লেখাতো যোৱা ২০২৩ চনত মুক্তি পোৱা মিৰ(Miro)চিনেমাৰ বিষয়েহে হাতত কলম তুলি লৈছো। মিৰ চিনেমাখনৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কেম্পাছত দেখিবলৈ পোৱা গৈছিল
চিনেমাখনৰ নিৰ্দেশনা- আজা তাৰাক
সংলাপঃ- য়কচা কুলি,ডেনি দলে
অভিনয়তঃ- ৰঞ্জু মিলি,চিত্ৰলেখা দলে,বাবা দলে,সৰ্বেশ্বৰ কুটুম,নৱদ্বীপ দলে,নৱকিশোৰ টাৱ
সংগীতঃ-চন্দ্ৰকুমাৰ পাটগিৰি
কন্ঠশিল্পীঃ-দেৱ টাইদ,নিচা অমৌ,বায় পেগু॥
গীতৰ কথাঃ- আনন্দ দলে,গোলাপ বড়ি,আজন গোপিত
আপুনি পঢ়িব পাৰিব অসমীয়া কথাছবিঃ-শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী
মোৰ দৃষ্টিতঃ- মিচিং চিনেমাৰ ভিতৰত মোৰ প্ৰিয় চিনেমা হৈছে মিৰ,,ইয়াৰ কাহিনীটো এনেধৰণৰ কোনো এটা জাতি জীয়াই থাকিবলৈ ভাষা জীয়াই থাকিব লাগিব,ভাষা থাকিলেহে জাতি থাকিব,আৰু এজন ব্যক্তি জীয়াই থাকিবলৈ নিজস্ব চিনাকি থাকিব লাগিব। বৰ্তমান যুগ আধুনিকতাৰ যুগ ,মডাৰ্নাইজেচন হোৱাৰ লগে লগে আজিকালি নিজৰ সংস্কৃতি লাহে লাহে এৰিব লৈছে পশ্চিমীয়া সংস্কৃতিৰ ঢাল খাইছে,নিজৰ ভাষা নোকোৱা,নিজৰ ভাষাক পোকষতা নকৰা,নিজৰ জাতিৰ বিষয়ে চিনাকীকত্ব দিব নিবিচাৰা ইত্যাদি ইত্যাদি।এইবোৰ কাৰনেতো কোনো এটা জাতিৰ ভৱিষ্যত হেৰুৱাব পাৰে নিজৰ স্বকীয়তা । এই চিনেমাখনতো এই কাহিনীৰ আলমত গঢ় লৈ উঠিছে । সম্ভৱত চিনেমাখন ব্যৱসায়িক দিশত খুউব সফল হৈছে ।
ঘাইকৈ প্ৰথম খন চিনেমাৰ এটি গীত মিচিং সমাজৰ পৰিচিত কন্ঠশিল্পী বিনোদ বায় পেগুৱে কন্ঠদান কৰা আজন গুপিত হে লিখা এটি গীত "আগমা আহ! ন ঙৌ" এই গীতটি মোৰ বাবে বহুত প্ৰিয়। এই গীতটো অসমীয়াত এনেধৰনৰ
ভাষা নাথাকিলে
সংস্কৃতি নাথাকিব
ভাষা নোহোৱাহ'লে
জাতি নাথাকিব
ভাষা হেৰালে জাতিৰ চিনাকি হেৰুৱাব॥।''''' ভাষা(আগঃমা) তোমাক বিচাৰি আছে এই জাতিয়ে।আগঃমা তুমি নথকাৰ কাৰনে এই জাতিক কলা ডাৱৰে আৱৰিব ধৰিছে। গীতৰ বিডিঅটো তলত দিয়া হ'ল
বৰ্তমান চিকুৱেল মিৰ ২ চিনেমাখনৰ শ্বুটি ব্যাপক ভাৱে চলি আছে অৰুনাচল প্ৰদেশৰ নাহৰ লগুণত । উৎস অনুসৰি গম পোৱা গৈছে যে আগন্তুক ২০২৫ চনৰ ছেপ্তেম্বৰ মাহত দূৰ্গাপূজাৰ সময়ত ছবি গৃহত মু্ক্তি দিয়াৰ চিন্তা চৰ্চা কৰা হৈছে । MIRO-2 ৰ নেপথ্যত অভিনয় শিল্পীত আছে বৰ্তমানৰ অসমীয়া কলাসংস্কৃতিত জনপ্ৰিয় ৰেঙনি টিবিে ধাৰাবাহিক বেহৰ বাৰী আউটপষ্টৰ কেকে খ্যাত সিদ্ধাৰ্থ শৰ্মাকো বিশেষ চৰিত্ৰত দেখা পোৱা যাব।
![]() |
| ফটো উৎসঃ-Ater Manjit youtube channel |
তেওঁৰ পৰিৱৰ্তেওঁ দেখা পোৱা যাব অভিনয়ত ৰঞ্জু মিলি,চিত্ৰলেখা দলে,বাবা দলে,ফিৰোজ পেগু,দিবাকৰ পেগু আদিক। তেওঁলোকৰ ওপৰিওঁ বাৰ বছৰৰ মুৰত মিচিং ছবিজগতলে পুনৰ খোজ পেলাইছে এই চিনেমাৰ জৰিয়তে "জয়ন্ত পাৱ "। তেওঁকো আদি মিচিং বিশেষ চৰিত্ৰত দেখিবলৈ পোৱা যাব।
![]() |
| shooting slote |
মোৰ দৃষ্টিত চিনেমাখন এইবাৰ আদি-মিচিং ভিত্তিত কাহিনীটো হব সম্ভৱত সেইয়া কিমান দূৰ সচা হ'ব ,মুক্তি হোৱাৰ পিছতে গম পাম। উৎস অনুসৰি তেওঁলোকৰ শ্বুটিং বিডিঅবোৰ অথবা গান ৰেকৰ্ডিঙৰ বিডিঅবোৰ চাই অনুমান কৰিব পৰা গৈছে যে নিশ্চয় ভাষাকলৈ আদি-মিচিং ভিত্তিৰ চাৰিপাশতে কাহিনীখন সামৰি থাকিব ।
আহক আমি সকলোৱে দৌৰি দৌৰি যাম MIRO-2 চাম । যেনেকৈ ভাষা জীয়াই থাকিলে জাতি এটা জীয়াই থাকিব ঠিক তেনেকৈ আমি আমাৰ নিজস্ব ভাষাৰ চিনেমাবোৰ চালেহে আমাৰ ছবিজগত জীয়াই থাকিব ।





আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ