কবি যোগেন টাইড আৰু নাই,সৰিয়হ ফুলৰ কবি আৰু নাই-মন্টুৰাম টাইড

তপন পায়েং
1
WhatsApp Channel Join Now
Telegram Group Join Now



 কবি যোগেন টাইড আৰু নাই

✍️ মন্টুৰাম টাইদ 


কবি যোগেন টাইড আৰু নাই


আপুনি থকা কেইদিন

চাংঘৰটোৰ মুগা চুলিবোৰ উৰি আছিল 

ইমান খৰধৰ নকৰিলেও হ'ব দিয়ক 

আজি ৰাতি থাকি যাওক

বুলি কোৱা মানুহজন আজি আমাৰ মাজত নাই ।

মন্টুৰাম টাইডৰ অন্য লেখা পঢ়ক

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মিচিং মানুহজন,আপুনি জানিছিল নে এই মিচিং মানুহজন বা কোন? পঢ়িবলৈ তলৰ নীলা ৰঙৰ শব্দটো ক্লিক কৰক          নতুন অসমীয়া তথ্য

 

শেষৰখন আসনত বহি 

আপোন মনে তামোল চোবাই থকা

কবিৰ সভাত বক্তাতকৈ শ্ৰোতা হৈ ভাল পোৱা

কবি যোগেন টাইড আৰু নাই । 



কেতিয়াবা তোমাক মাছৰ বজাৰত দেখা পাওঁ

তুমি ইটো পাৰে মই সিটো পাৰে

তুমি নথকা হ'লে মই কেতিয়াও তোমালোকৰ 

নৈখন পাৰ নহ'লোঁহেঁতেন 

বুলি কোৱা মানুজন আজি নাই । 


প্ৰতিবছৰে 'দগপ্পুন ' গোষ্ঠীৰ আয়োজনৰ দ্বাৰা

সোৱণশিৰি‌ৰ বালিচৰত কবিতাৰ উৎসৱ পাতি

নাও এখনৰ ব্যৱস্থা কৰি কোনে আপোনালৈ 

হেঁপাহেৰে ৰৈ থাকিব আজি ?


আজি ৰাতি থাকি যোৱা হ'লে  বুলি ক'বলৈ

হালধীয়া সৰিয়হ ডৰা ৰখিবলৈ

জংকি- পানৈৰ কথা ক'বলৈ

আজি ৰাতি থাকিলে আপোনাক

মই মোৰ প্ৰিয় নৈখন দেখুৱাম বুলি কবলৈ

কবি যোগেন টাইড আৰু নাই ।


"সৰিয়হ ৰখীয়া এজনী গাভৰু"-ৰ 

বুকুৰ অই-নিঃতম আজি 

কোনে আপোনাক শুনোৱাব ?

জংকি-পানৈৰ প্ৰেমৰ সুবাস বিচাৰি

প্ৰেম আৰু প্ৰতীক্ষাৰ ঘাট ঘূণাসুঁতিলৈ

যেতিয়া আপুনি আহিব

অতিথি আপ্যায়ন কৰি কোনে আপোনাক ক'ব

আজি ৰাতি থাকি যোৱা হ'লে । 

অন্ততঃ 'আজি ৰাতি থাকি যোৱা হ'লে' ককাইদেউ 

বুলি ক'বলৈ আৰু নাই । 



Post a Comment

1 Comments

আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ

  1. ছাৰৰ কাব্যিক সৃষ্টি অমৰ হৈ থাকিব।

    ReplyDelete
Post a Comment
3/related/default